ETV Bharat / state

অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া - NAGA FIRING ON ASSAMESE LAND

মৰিয়নি মগ্ৰৈ বি অ’ পিৰ সমীপৰ পানীখেতিত অসমৰ ভূমিলৈ লক্ষ্য কৰি নগাৰ গুলীচালনা । ঘটনাস্থলীত অসম আৰক্ষী লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

NAGA FIRING ON ASSAMESE LAND
অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2025, 9:11 PM IST

যোৰহাট: পুনৰ অশান্ত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্তবৰ্তী অঞ্চল । অসমৰ ভূমিলৈ লক্ষ্য কৰি নগাই ফুটাইছে গুলী । মৰিয়নি মগ্ৰৈ বি অ’ পিৰ সমীপৰ পানীখেতিত অসমৰ ভূমিলৈ লক্ষ্য কৰি নগাই আৰম্ভ কৰে গুলীবৰ্ষণ । নগাৰ গুলীচালনাত আতংকিত হৈ পৰিছে সীমান্তবৰ্তী অসমীয়া গঞা ৰাইজ । ইফালে এই খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছে মৰিয়নী আৰক্ষী থানা আৰু দেৱেৰাপাৰা আৰক্ষী চকীৰ আৰক্ষী দল ৷

মৰিয়নী থানা আৰু দেৱেৰাপাৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই ঘটনাৰ চৰজমিন তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বে মগ্ৰৈ সমীপৰ গড়কোষৰ এখন ক্ষুদ্র চাহ-বাগিচালৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই দুজাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতে আজি পুনৰ নগা দুৰ্বৃত্তই অসমৰ ভূমিলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনাই পুনৰ সীমান্ত অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি কৰে ।

অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া (ETV Bharat Assam)

নগা দুৰ্বৃত্তই অসম ভূমিলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাক সংগ্ৰামী যুৱ ছাত্র পৰিষদ অসমে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ বিষয়ববীয়াই কয়, "অসম চৰকাৰ তথা অসম প্ৰশাসন যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেইয়া পুনৰবাৰ পতিয়মান হৈছে ৷ অসম-নাগালেণ্ড সীমান্তবৰ্তী নকছাৰী মগ্ৰৈ বি অ’ পিত আজি নগা দুৰ্বৃত্তই গুলী চলাই যি তাণ্ডৱৰ সৃষ্টি কৰিলে তাক আমি সংগ্ৰামী যুৱ ছাত্র পৰিষদে কঠোৰ ভাষাৰে ধিক্কাৰ দিছো ৷ ইয়াৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ’লে ইয়াৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ’বলৈ সাজু থাকক ৷"

NAGA FIRING ON ASSAMESE LAND
অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া (ETV Bharat Assam)

তেওঁ লগতে কয়, কিছুদিন পূৰ্বে অসমৰ পৰা নাগালেণ্ড ভূমিত পদাপৰ্ণ কৰা অসম আৰক্ষী এটা দলক আৱদ্ধ কৰি নগাই মাৰধৰ কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ তাৰ কিছুদিনৰ পাছতেই ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ-বাগিচা কাটি তহিলং কৰি গুলী ফুটাই ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ আজি পুনৰ মগ্ৰৈ বি অ’ পিৰ কাষতেই নগাই গুলী ফুটাই যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সীমান্তবাসীক যি ভাবুকি প্ৰদান কৰিছে, এই কাৰ্য বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো ৷"

লগতে পঢ়ক: নগা দুৰ্বৃত্তৰ ভাবুকিত তিস্তিব নোৱাৰিলে অ' এন জি চি

অপৰাধীৰ দৰে নগাৰ হাতত বন্দী হৈ কি চুক্তি কৰিলে অসম আৰক্ষীয়ে ?

মেৰাপানীত অসমৰ ভূমিত নগাৰ কৌশলী আগ্ৰাসন, কাটিলে গছ-গছনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.