Exceptional marriage in Majuli: বিজয়-লক্ষীৰ বিয়াখন কিয় অগতানুগতিক ? - exceptional marriage at dakhinpat grihashram satra

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 22, 2021, 5:06 PM IST

মাজুলীত আৱতৰীয়া বিহু ৷ ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিছে জীয়ৰী-বোৱাৰী সকলো ৷ কিয়নো মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰ (Dakhinpat grihashram satra) যেন আজি পৰিণত হৈছে এক বিবাহ ভৱনলৈ । আজি অৰ্থাৎ বুধবাৰে বিবাহ পাশত আবদ্ধ হ’ল বিজয় বাস্ফ আৰু লক্ষী হাজঙে ৷ বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱ গোস্বামীৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু পৰম্পৰাৰে বিজয়-লক্ষীৰ বিবাহ সম্পন্ন হয় ৷ এতিয়া হয়তো সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে ৷ কিয় চৰ্চাত আহিছে বিজয়-লক্ষী বিবাহৰ প্ৰসংগ ৷ কাৰণটো হ’ল বিজয় বাস্ফ হৈছে খ্ৰীষ্টান ধৰ্মৰ লোক ৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী যদিও হিন্দু ধৰ্ম গ্ৰহণৰ প্ৰতিহে আগ্ৰহী বিজয় বাস্ফ ৷ সেয়ে বিজয় বাস্ফই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মৰ শৰণ লৈ হিন্দু পৰম্পৰাৰে বিবাহ পাশত আবদ্ধ হয় লক্ষী হাজঙৰ সৈতে ৷ বিশেষকৈ মাজুলীত খ্ৰীষ্টান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ঘূৰি অহাতো অতি ভাল খবৰ বুলি উল্লেখ কৰিছে জনাৰ্দন দেৱ গোস্বামী (Janardan Dev Goswami)য়ে ৷ এই ব্যতিক্ৰমী বিবাহ (Exceptional marriage in Majuli) খনক লৈ নিজৰ মন্তব্য ব্যক্ত কৰিছে বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.