Constitution Day celebration : শিৱসাগৰত সংবিধান দিৱস পালন - 26th November celebrated as Constitution Day

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 27, 2021, 9:41 AM IST

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক শিৱসাগৰতো সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে সংবিধান দিৱস পালন কৰা হয় (Constitution Day celebration) ৷ ১৯০৫ চনত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকা(Father of Dr Bhupen Hazarika) আৰু কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীয়ে আয়োজন কৰা সংবিধান দিৱসৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ সব্যসাচী মহন্ত । শিৱসাগৰ নগৰৰ যুৱদলত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ড৹ ৰঞ্জনা দাসৰ সভাপতিত্বত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে নৃপতি ৰঞ্জন হাজৰিকাই ৷ উল্লেখ্য যে, ভাৰতীয় সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান গৃহীত কৰাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনৰ ১১ অক্টোবৰত ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ৰাজহুৱা ঘোষণা কৰিছিল (26th November celebrated as Constitution Day) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.