তেজপুৰ: উমৰাংছ'ৰ ঘটনাৰ পিছত তেজপুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ খনিজ দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে । মন্ত্ৰী ৰায়ৰ মন্তব্য, "ৰাজ্যত চলি থকা অবৈধ কয়লা খনিসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তথ্য অনুসৰি ৯ জন লোক নিৰুদেশ আছিল তাৰে চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে ।"
তেওঁ সাংবাদিক লগত হোৱা বাৰ্তালাপত কয়, "শেহতীয়াকৈ মৰিগাঁ’ৰ কেবিনেটত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা উমৰাংচো কয়লা খনিৰ খতিগ্ৰস্ত পৰিয়ালসমূহক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকাৰ আৰ্থিক সাহায্য আজি উমৰাংচোত গৈ পৰিয়ালৰ হাতত প্ৰদান কৰিব । বৰ্তমান কয়লা খনিত উদ্ধাৰ অভিযান অব্যাহত আছে যদিও যথেষ্ট পৰিমাণে পানী থকাৰ বাবে উদ্ধাৰ অভিযানত বাধা হৈছে ।"
ইয়াৰোপৰি ৰায়ে কয়, "দৈনিক ৬ কোটি লিটাৰ পানী খনিৰ পৰা নিষ্কাষণ কৰা হৈছে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই ঘাটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে এটা ন্যায়িক তদন্ত ঘোষণা কৰা হৈছে । এই দুইটা প্ৰতিবেদন দাখিল কৰাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।"
লগতে অবৈধ কয়লা খনিৰ বন্ধ হ’ব বুলিও তেওঁ উল্লেখ কৰে । তেজপুৰত সংবাদমাধ্যমৰ আগত মন্তব্যৰ পূৰ্বে খনি আৰু খনিজসম্পদ, খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ নৱনিযুক্ত মন্ত্ৰী কৌশিক ৰয়ে তেজপুৰত এখন বিভাগীয় পৰ্যালোচনা সভাৰ উপৰি এখন দলীয় সভাতো পৃথকে অংশ লয় মন্ত্ৰী ৰয়ে ।
তেওঁ কয়, "ৰাজ্যত চলি থকা অবৈধ কয়লা খনিসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।" উমৰাংছ’ৰ ঘটনাটোত ৯জন লোক সন্ধানহীন হোৱাৰ বিপৰীতে চাৰিজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিষয়ে প্ৰকাশ কৰে মন্ত্ৰী ৰায়ে ।

ইফালে, উমৰাংচ’ৰ ঘটনা সন্দৰ্ভত দেবলাল গাৰ্লোচা গ্ৰেপ্তাৰ হ'ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰায়ে কয়, "তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰু তদন্ত প্ৰক্ৰিয়া সমাপ্ত হ'লেই মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব ।"
উল্লেখযোগ্য যে,বিভাগীয় আমোলা তথা বিষয়াবৰ্গৰ উপস্থিতিত তেজপুৰস্থিত শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত সভাত তেওঁ অংশলৈ বিভাগীয় বিষয়সমূহৰ পৰ্যালোচনা কৰাৰ লগতে খতিয়ান লয় । তেওঁ ৰাজহুৱা বিতৰণ ব্যৱস্থা নিখুঁট আৰু সকলো দিশতে দুৰ্নীতিমুক্ত ভাবে সম্পন্ন হোৱাত গুৰুত্ব আৰোপ কৰে ।
ইপিনে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰয়ে ২০২৬ চনত কোনো কাৰণতে ৰাজ্যত মুখ্যমন্ত্ৰীৰ মুখ সলনি নহয় বুলি কয় । তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্পষ্ট ভাবে কয়, "হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ।"

আনহাতে, সম্প্ৰতি চৰকাৰৰ বিৰুদ্ধে উত্থাপিত চিণ্ডিকেটৰাজ তথা মূল্যবৃদ্ধিৰ অভিযোগ প্ৰসংগত মন্ত্ৰী ৰয়ে কয়, "নিৰ্দিষ্ট অভিযোগ থাকিলে সেয়া জনাব পাৰিব । জিলা পৰ্যায়ত যিহেতু টাস্ক ফ’ৰ্চ গঠন কৰা আছে, গতিকে তেনে ক্ষেত্ৰত টাস্ক ফ’ৰ্চে ব্যৱস্থা গ্ৰহণ কৰিব ।"
উল্লেখ্য যে, মন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী কৌশিক ৰায়ে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিভাগীয় আয়ুক্ত আনন্দ দাস আৰু জিলা আয়ুক্ত অংকুৰ ভৰালীৰ অংশগ্ৰহণৰে অনুষ্ঠিত সভাখনত চৰকাৰী চাউল যোগানকে ধৰি ধান ক্ৰয়ৰ ক্ষেত্ৰত থকা আসোঁৱাহ দূৰ কৰি সেয়া ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
আনহাতে এই সভাৰ পিছতে তেওঁ শোণিতপুৰ জিলা বিজেপিৰ উদ্যোগত তেজপুৰ হেম বৰুৱা ভৱন প্ৰাংগণত অনুষ্ঠিত সংবিধান দিৱস কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।