ETV Bharat / state

শৌচাগাৰৰ টেংকীৰ গাঁত খান্দোতে ওলাল প্ৰাচীন শিলামূৰ্তি - ANCIENT SCULPTURE RECOVERED

কলিয়াবৰত প্ৰাচীন মূৰ্তি উদ্ধাৰ । উদ্ধাৰ হোৱা প্ৰাচীন শিলামূর্তিটো দেখাত সিংহৰ মুখৰ দৰে । ৰাইজে আৰম্ভ কৰিছে পূজা-অৰ্চনা ।

An ancient sculpture recovered at Shilghat in Kaliabor
শৌচাগাৰৰ টেংকীৰ গাঁত খান্দোতে ওলাল প্ৰাচীন শিলামূৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 3:37 PM IST

কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ হৈছে শিলেৰে নিৰ্মিত এটা সিংহৰ মূৰ্তি । কলিয়াবৰ চাহ বাগিচাৰ কাষত মোহন গোৱালা নামৰ লোকজনৰ ঘৰৰ কাষৰ মাটিৰ তলৰ পৰা শুকুৰবাৰে উদ্ধাৰ হয় মূৰ্তিটো । শৌচাগাৰৰ টেংকীৰ বাবে গাঁত খান্দি থাকোতে মূৰ্তিটো উদ্ধাৰ হয় । উদ্ধাৰ হোৱা মূৰ্তিটো নৰসিংহৰ মূৰ্তি বুলি ৰাইজে ধাৰণা কৰিছে । সেয়ে মোহন গোৱালাৰ ঘৰৰ ভিতৰত ধূপ-চাকি জ্বলাই সভক্তিৰে ৰখা হৈছে মূৰ্তিটো ।

সেই স্থানতে এটি মন্দিৰ সাজি মূৰ্তিটো প্ৰতিষ্ঠা কৰাৰ মানস কৰে স্থানীয় ৰাইজে । ইফালে প্ৰাচীন যুগৰ শিলত কটা মূৰ্তিটো চাবলৈ ঘটনাস্থলীত ৰাইজৰ ভিৰ বাঢ়িছে । ঘটনাস্থলীত শিলঘাট আৰক্ষী উপস্থিত হৈ বিষয়টো সংশ্লিষ্ট প্ৰত্নতত্ব বিভাগক জনোৱাৰ দিহা কৰিছে ।

শৌচাগাৰৰ টেংকীৰ গাঁত খান্দোতে ওলাল প্ৰাচীন শিলামূৰ্তি (ETV Bharat Assam)

কলিয়াবৰৰ প্ৰত্নতাত্বিক আৰু পুৰাতাত্বিক সমলৰ বিষয়ে অধ্যয়ন আৰু গৱেষণাৰে ন-ন দিশ উন্মোচন কৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্যই উদ্ধাৰ হোৱা সিংহৰ মুখসদৃশ মূৰ্তিটো প্ৰাক-আহোম যুগৰ নৱম শতিকাৰ বুলি সম্ভাৱনা ব্যক্ত কৰে । ভট্টাচাৰ্যই জনোৱা মতে,"শিলঘাটস্থিত কামাখ্যা দেৱালয়ৰ সমীপৰ বলিকটা টুমুনী নামৰ টিলাত উদ্ধাৰ হোৱা বিভিন্ন মূৰ্তিৰ ই অংশ বিশেষ ।"

ভট্টাচাৰ্যই লগতে কয়, "১৯০৩ চনত কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰ অ'. ই. এবটে বাগিচাৰ সম্প্ৰসাৰণৰ বাবে বলিকটা টুমুনীৰ অংশ বিশেষত চলোৱা খননকাৰ্যত সেই স্থানত থকা নৱম শতিকাত নিৰ্মিত মনসা মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছিল । উদ্ধাৰ হোৱা ভগ্নাৱশেষসমূহ কলিয়াবৰ চাহ বাগিচা মেনেজাৰৰ কাৰ্যালয়লৈ হাতীৰে তুলি লৈ অনা হৈছিল । সেই ভগ্নাৱশেষসমূহৰ কিছু অংশ অ'ত-ত'ত সিচঁৰতি হৈ পৰিছিল । এতিয়া উদ্ধাৰ হোৱা সিংহৰ মূৰ্তিটো সেই সিচঁৰতি হোৱা অংশ বিশেষ বুলি অনুমান কৰিব পাৰি ।"

লগতে পঢ়ক: ‘‘হাড়গিলা আৰ্মী’’ৰ সেনাপতি পূৰ্ণিমা বৰ্মন আৰু এক অসাধাৰণ যাত্ৰা - HARGILA ARMY

ৰাজপথৰ সংগ্ৰামৰ সমানে কৃষি বিপ্লৱো আনিছে গোলাঘাটৰ দিগন্তই - AGRICULTURE REVOLUTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.