গুৱাহাটী: অসমৰ আৰক্ষী সঞ্চালক পদৰ পৰা বিদায় লৈ অসম এৰিব জি পি সিঙে । অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ । শনিবাৰে এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত বিভাগৰ সঞ্চালকালয়ে জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰে ।
২০২৩ৰ ৩১ জানুৱাৰীত তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰু দায়িত্ব পূৰ্বৱৰ্তী সময়বোৰত পালন কৰি আহিছে ৷ আনহাতে অসমৰ সৈতেও সিঙৰ কৰ্ম জীৱনৰ আছে গুৰুত্বপূৰ্ণ সম্পৰ্ক ।
যোৱা ৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় ব্যক্তিগত বিভাগৰ কেবিনেট নিযুক্তি সমিতিলৈ জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তিৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইমৰ্মে কেবিনেটৰ নিযুক্তি সমিতিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাই জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য যে ২০২৭ বৰ্ষৰ ৩০ নৱেম্বৰলৈকে চাকৰিকাল আছে সুদক্ষ আৰু মেধা আইপিএছ বিষয়া বুলি নাম থকা জি পি সিঙৰ ।
১৮ জানুৱাৰীত কেন্দ্ৰীয় ব্যক্তিগত বিভাগৰ কেবিনেট নিযুক্তি সমিতিৰ সচিব সাক্ষী মিট্টালে জাৰি কৰা জাননীখনত কোৱা হৈছে, ‘‘কেবিনেটৰ নিযুক্তি সমিতিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত শ্ৰী জি পি সিং, আই পি এছ (এ এম:১৯৯১)ক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ দৰমহা মেট্ৰিক্সৰ স্তৰ-১৬ত অনুমোদন জনাইছে ৷’’
চি আৰ পি এফৰ বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ভিতুল কুমাৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে । চি আৰ পি এফৰ বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ভিতুল কুমাৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে । আই পি এছ বিষয়া কুমাৰক ২০২৪ চনৰ ৩১ ডিচেম্বৰত চিআৰপিএফৰ মুৰব্বী অনিশ দয়াল সিঙৰ অৱসৰৰ পিছত যোৱা ৩০ ডিচেম্বৰত চি আৰ পি এফ আৰক্ষী সঞ্চালক প্ৰধান পদৰ দায়িত্ব দিয়া হৈছিল ।