ETV Bharat / state

ৰাষ্ট্ৰীয় সংহতি শিবিৰ অনুষ্ঠিত কৰিবলৈ সাজু অসম কৃষি বিশ্ববিদ্যালয় - NATIONAL INTEGRATION CAMP

২৬ বছৰৰ পাছত অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ । অসম কৃষি বিশ্ববিদ্যালয়ত ব্যাপক আয়োজন ।

National Integration Camp for National Service Scheme to be held at Assam Agricultural University
অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সংহতি শিবিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 10:38 AM IST

যোৰহাট: ২১ জানুৱাৰীৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ (এন আই চি) । সুদীৰ্ঘ ২৬ বছৰৰ পাছত অসমত হ'বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ এই শিবিৰত ঘৰুৱা ৰাজ্য অসমকে ধৰি দেশৰ ১৬ খন ৰাজ্যৰ দুই শতাধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক আৰু প্ৰগ্ৰেম অফিচাৰে অংশগ্ৰহণ কৰিব ।

দেশৰ ওড়িশা, হাৰিয়ানা, উত্তৰাখণ্ড, মেঘালয়, মিজোৰাম, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, ঝাৰখণ্ড, ত্ৰিপুৰা, পঞ্জাব, ৰাজস্থানৰ দলে এই শিবিৰত অংশগ্ৰহণ নিশ্চিত কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ে যুৱক-যুৱতীসকলৰ মাজত সামগ্ৰিক উন্নয়ন আৰু সামাজিক দায়বদ্ধতাক প্ৰসাৰিত কৰাৰ বাবে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ বিশেষ উদ্যোগত এই সৰ্বভাৰতীয় শিবিৰৰ আয়োজনৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে ।

সপ্তাহজোৰা এই শিবিৰত সাংস্কৃতিক বিনিময়, সম্প্ৰদায় সেৱাৰ কাৰ্যসূচী, পাৰস্পৰিক আলোচনা আৰু দল গঠনৰ অনুশীলনকে ধৰি একাধিক কাৰ্যসূচী অনুষ্ঠিত হ’ব । এই পদক্ষেপসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতিক প্ৰসাৰিত কৰা, বৈচিত্ৰ্যক উদযাপন কৰা আৰু যুৱক-যুৱতীসকলক সম্প্ৰীতি আৰু সামাজিক প্ৰগতিৰ ধ্বজাবাহক হ’বলৈ উৎসাহিত কৰা হ'ব ।

বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত হ'বলগীয়া এই শিবিৰত যোৰহাটৰ দাঁতি-কাষৰীয়া এলেকাতো কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ২১ জানুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুস্থিত হবলগীয়া শুভাৰম্ভনি অনুষ্ঠানত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ এন এছ এছৰ আঞ্চলিক সঞ্চালকালয়ৰ সঞ্চালক জংজিলং প্ৰমুখ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ এক বিশেষ পদক্ষেপ - AAU SIGNS MOU WITH PROMEC

অসমৰ কৃষিক্ষেত্ৰৰ বাবে নতুন প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তন: অতুল বৰা - REGIONAL AGRICULTURE FAIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.