ডিব্ৰুগড় : আন্তৰ্জাতিক দুৰ্যোগ শংকা প্ৰশমন দিৱস ২০২৫ উপলক্ষে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে জিলাই জিলাই সুৰক্ষিত অসমৰ বাবে বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰে । প্ৰকৃতিক সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যজুৰি কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাইজক সজাগ সচেতন কৰিবলৈ চেষ্টা চলাইছে ।
ইয়াৰ অংশগ্ৰহণ স্বৰূপে শনিবাৰে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ উদ্যোগত চৰাইদেউ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাটৰ নাট প্ৰদৰ্শন কৰা হয় । এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগ মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীৰ উপস্থিতিত অনুষ্ঠিত হোৱা বাটৰ নাট উপভোগ কৰিবলৈ ভিৰ কৰিলে ৰাইজে ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰ পৰিবহণ মন্ত্ৰী যোগেন মহনে কয়, "ধুমুহা, বানপানী আৰু ভূমিকম্পৰ ক্ষেত্ৰত ৰাইজ যাতে আগতীয়াকৈ কেনেকৈ সাৱধান হ'ব লাগে তাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে । বাটৰ নাটৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে । প্ৰাকৃতিক দুৰ্যোগত হোৱা সকলো ধৰণৰ ক্ষতিপূৰণ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়বোৰ বাটৰ নাটৰ জড়িয়তে ৰাইজক অৱগত কৰা হৈছে ।"
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথাৰত কাম কৰি থকা কৃষকজনে হঠাৎ অহা ভূমিকম্পৰ সময়ত কি কৰিব লাগিব, ৰাজপথত গৈ থাকিলে কি কৰিব লাগিব এইবোৰ বিষয় ৰাইজক অৱগত কৰি সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এনেধৰণৰ নাট প্ৰদৰ্শনৰ কাৰ্যসূচীৰ ফলত জনসাধাৰণৰ মাজত দুৰ্যোগৰ সময়ত ল'বলগীয়া সজাগতা ব্যাপক হাৰত বৃদ্ধি পাব আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পীড়িত লোকসকল যথেষ্ট পৰিমাণে সুৰক্ষিত হ'ব ।"
- নাহৰকটীয়া চহৰত প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে বাটৰ নাট:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে আন্তৰ্জাতিক দুৰ্যোগ শংকা প্ৰশমন দিৱস উপলক্ষে শনিবাৰে নাহৰকটীয়া চহৰটো ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।
বাটৰ নাট শুভ উদ্বোধন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে । নাহৰকটীয়া চহৰত অনুষ্ঠিত হোৱা বাটৰ নাট চাবলৈ নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তৰৰ কেইবা শতাধিক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ।