গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আটাছুৰ - RAJEEV SADIA DEATH
🎬 Watch Now: Feature Video


Published : Jan 16, 2025, 7:22 AM IST
গোলাঘাট : দুদিন পূৰ্বে মঞ্চত গীত পৰিৱেশন কৰি থকা সময়তে হঠাৎ অসুস্থ হৈ পৰে গণশিল্পী ৰাজীৱ শদিয়া । হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও গণশিল্পীগৰাকীৰ মৃত্যু হয় । গণশিল্পীগৰাকীৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্যবাসী । ঠায়ে ঠায়ে শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে । শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বুধবাৰে গোলাঘাট নগৰৰ ছ্যুকাফাৰ প্ৰতিমূৰ্তিৰ তলত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহন, গোলাঘাট জিলা সমিতিৰ সভাপতি, সম্পাদক, মহকুমা সমিতিৰ সভাপতি, সম্পদকৰ লগতে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহনে অংশগ্ৰহণ কৰি কয়, "আমি অতিকৈ মৰ্মাহত হৈছো । আমাৰ শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ তথা ৰাইজৰ শিল্পীগৰাকীক তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । তেওঁৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে বন্তি প্ৰজ্বলন কৰিছো । তেওঁ য'তেই থাকক আত্মাই চিৰশান্তি লাভ কৰক সেয়াই কামনা কৰিছো ।"