নতুন দিল্লী : আধাৰ কাৰ্ড; বৰ্তমান সময়ত সকলো ভাৰতীয় নাগৰিকৰে এই নথি থকাটো বাঞ্চনীয় ৷ বিভিন্ন লেনদেনৰ বাবে প্ৰায়ে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় ৷ সেয়ে এই কাৰ্ড বিশেষকৈ ভাৰতীয় নাগৰিকৰ বাবে অতি গুৰুত্বপূৰ্ণ নথি ।
গুৰুত্বপূৰ্ণ নথি হোৱাৰ পাচতো কিন্তু ইয়াৰ ফলত একাংশ লোকে ইয়াৰ অপব্যৱহাৰ কৰা দেখা যায় । আধাৰ কাৰ্ডৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ Unique Identification Authority of Indian চমুকৈ UIDAI-এ আধাৰ ভাৰ্চুৱেল ID প্ৰৱৰ্তন কৰিছে ।
- আধাৰ ভাৰ্চুৱেল ID কি ?
আধাৰ ভাৰ্চুৱেল ID (VID) হৈছে এজন ব্যক্তিৰ আধাৰ নম্বৰৰ সৈতে সংযুক্ত ১৬ সংখ্যাৰ অস্থায়ী ক'ড । এই সুবিধাৰ জৰিয়তে আধাৰধাৰীসকলে তেওঁলোকৰ প্ৰকৃত আধাৰ নম্বৰ প্ৰকাশ নকৰাকৈয়ে নিজৰ পৰিচয় প্ৰমাণীকৰণ কৰিব পাৰে । কোনোবাই সীমাহীন সংখ্যক ভাৰ্চুৱেল ID তৈয়াৰ কৰিব পাৰে, কিন্তু ইয়াৰ সহায়ত বাস্তৱিক আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰি ।
লগতে আধাৰ VID তৈয়াৰ কৰাৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে । UIDAI ৰ অফিচিয়েল ৱেবছাইটত গৈ ইয়াক সহজে তৈয়াৰ কৰিব পৰা যায় ।
লগতে পঢ়ক : গুৰুত্বপূৰ্ণ আপোনাৰ আধাৰ কাৰ্ডখন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব ? লগতে পঢ়ক : এতিয়া সহজেই আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড ! আহি গ’ল এই সুবিধা |
- আধাৰ VID কেনেকৈ প্ৰস্তুত কৰিব পৰা যায় ?
- myAadhaar ৰ অফিচিয়েল পেজলৈ যাওক
- তললৈ স্ক্ৰল কৰি ‘‘VID Generator’’ অপচনত ক্লিক কৰক বা তলত উল্লেখ কৰা এই লিংকটোত ক্লিক কৰিব পাৰে-(https://myaadhaar.uidai.gov.in/genericGenerateOrRetriveVID)
- ‘‘Generate VID’’ নিৰ্বাচন কৰক, আপোনাৰ আধাৰ নম্বৰ দিয়ক, captcha আৰু send OTP ত ক্লিক কৰক
- আপোনাৰ পঞ্জীয়নভুক্ত ফোন নম্বৰত লাভ কৰিব OTP
- পৃষ্ঠাৰ তলত থকা Submit বুটামত ক্লিক কৰক
- আপোনাৰ ১৬ সংখ্যাৰ VID নম্বৰ এতিয়া আপোনাৰ ই-মেইল আইডি আৰু আধাৰ পঞ্জীয়নভুক্ত ফোন নম্বৰত ডেলিভাৰী কৰা হ’ব ।
- আধাৰ VID ৰ বৈশিষ্ট্যসমূহ :-
- এবাৰত এটা VID প্ৰদান কৰা হয়
- ব্যৱহাৰকাৰীয়ে এটা নতুন ID সৃষ্টি নকৰালৈকে VID বৈধ হৈ থাকে । কিন্তু VID ৰ সৰ্বোচ্চ বৈধতাৰ সময়সীমা এখন কেলেণ্ডাৰ দিনহে ৷ এক কথাত ক’বলৈ গ’লে ইয়াৰ বৈধতা এবছৰ
- VID ৰ সংখ্যাৰ কোনো সীমা নাই
- মন কৰিবলগীয়া যে আধাৰ VID সৃষ্টি কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে দুটা বিকল্প পায় ৷ অৰ্থাৎ পুনৰ লাভ কৰিব পাৰে আৰু পুনৰ জেনেৰেট কৰিব পাৰে
- আধাৰ VID পুনৰ লাভ কৰাৰ অৰ্থ হ'ল আপুনি ইতিমধ্যে আপোনাক নিযুক্ত কৰা VID পাব বিচাৰে, আনহাতে ইয়াক পুনৰ সৃষ্টি কৰাৰ অৰ্থ হৈছে এটা নতুন VID সৃষ্টি কৰা আৰু পুৰণিটোক অবৈধ কৰা