বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল সমূহক গ্ৰাস কৰিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য - আগন্তুক বিধান সভা নিৰ্বাচন
🎬 Watch Now: Feature Video
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাত কয় যে বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল সমূহক আঁকোৱালি লৈ বাঘ নখৰে আঁচোৰ মাৰিছে । তেওঁ কয় যে, বি টি চি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বত বি পি এফ ক যিদিৰে কুঠাৰ ঘাট কৰিলে সেইদৰে উ পি পি এল কো কৰিব । বি পি এফ ৰ বুকুচাত উঠি নিৰ্বাচন পাৰ কৰি গনশক্তি মিত্ৰতা লৈ পিছত সেই ক্ষুদ্ৰ দলতোৰ পৰা আঁতৰাই বিজেপি ৰ হৈ নিৰ্বাচনত অৱৰ্তীন কৰালে এইয়া তাৰ এক জ্বলন্ত উদাহৰণ । উল্লেখযোগ্য যে আগন্তুক বিধান সভা নিৰ্বাচনত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কংগ্ৰেছ দলৰ হৈ তেজপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে ।