মহাজোঁটবন্ধন কৰি বৰাকত সংকটত পৰিছে কংগ্ৰেছ

By

Published : Mar 6, 2021, 10:21 PM IST

Updated : Mar 6, 2021, 10:27 PM IST

thumbnail
বিজেপিক প্ৰতিহত কৰিবলৈ মহাজোঁটবন্ধন কৰি সংকটত পৰিছে কংগ্ৰেছ ৷ বিগত চাৰি দিন ধৰি কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈ আহিছে যদিও আসন বুজাবুজিৰ লগতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পৰা নাই কংগ্ৰেছে ৷ অংশীদাৰ দল বি পি এফক 12 টা সমষ্টি আৰু তিনিটা বাওঁদলক 4 টা সমষ্টি এৰি দিয়া কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত আসন বুজাবুজিৰ ক্ষেত্ৰত সহমতত উপনীত হ'ব পৰা নাই কংগ্ৰেছ৷ বিশেষকৈ বৰাকৰ সমষ্টি কেইটা ভাগ বটোৱাৰা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷ এ আই ইউ ডি এফৰ সৈতে বৰাকৰ আসন বুজাবুজিক লৈ কংগ্ৰেছৰ বৰাকৰ নেতাসকল সন্তুষ্ট নহয় ৷ এ আই ইউ ডি এফ দলে বৰাকৰ 6 টা সমষ্টি বিচাৰিছে৷ কিন্তু বৰাকৰ কংগ্ৰেছী নেতাসকলে সেইটো মানি ল'ব বিচৰা নাই ৷ ফলত সৃষ্টি হৈছে সংঘাত ৷ বৰাকৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে,তৃনমূল কৰ্মীৰ দাবীক অগ্ৰাধিকাৰ দিব লাগিব ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা হৈছে ভাল কথা ৷ কিন্তু একচেটিয়া ভাৱে সমষ্টি এৰি দিলে নহ'ব ৷ সমানে শ্বেয়াৰ কৰিব লাগে ৷ উল্লেখ যে, এ আই ইউ ডি এফ দলে 27 টা সমষ্টি বিচাৰিছে ৷ কিন্তু কংগ্ৰেছে 21 টা সমষ্টি দিব বিচাৰিছে ৷ ফলত দুয়োটা দলৰ মাজত আসন বিজাবুজিৰ ক্ষেত্ৰত জটিলতাই দেখা দিছে ৷
Last Updated : Mar 6, 2021, 10:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.