ETV Bharat / state

সুধাকণ্ঠৰ সান্নিধ্য় লাভ কৰা দিব্য়াংগ শিল্পীৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী - Struggle of Life

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 8:33 PM IST

Pathetic condition of singer : এসময়ত তেওঁ লোকগীত পৰিবেশন কৰিছিল অনাতাঁৰ কেন্দ্ৰত । জনপ্ৰিয়তাও অৰ্জন কৰিছিল । এইবোৰ এতিয়া মাথো স্মৃতি । ৯০ বছৰ উৰ্ধৰ এইগৰাকী শিল্পী আজিও ব্য়স্ত সৃষ্টিৰ সাধনাত ।

Pathetic condition of singer
আঁচনিৰ পৰা বঞ্চিত দিব্য়াংগ শিল্পী (ETV Bharat Assam)

বাইহাটা, ৮ছেপ্টেম্বৰ: "কোনে কাৰ খবৰ ল'ব ?" এয়া এগৰাকী শিল্পীৰ মনত পঞ্জীভূত ক্ষোভৰ বৰ্হিপ্ৰকাশ । চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত এগৰাকী দিব্য়াংগ শিল্পীৰ মনৰ কথা । দিব্য়াংগ হ'লেও উৰুখা পঁজাতেই স্বাভিমানেৰে জীয়াই আছে তেওঁ । সুধাকণ্ঠ, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্য় লাভ কৰা শিল্পীগৰাকীৰ খবৰ ল'বলৈ আহৰি নাই কোনো জনপ্ৰতিনিধিৰ । তথাপি হাৰ নামানে । ৯০ বছৰ উৰ্ধৰ এইগৰাকী অনাঁতাৰ শিল্পী আজিও ব্য়স্ত সৃষ্টিৰ সাধনাত । কোন তেওঁ ?

বাইহাটাৰ সমীপৰ বৰলেছাকোনা গাঁৱৰ মহেন্দ্ৰ কলিতা নামৰ দিব্য়াংগ অনাতাঁৰ শিল্পীগৰাকী আজি সম্পূৰ্ণৰূপে অৱহেলিত । শিল্পীগৰাকীয়ে লাভ কৰা নাই শিল্পীপেঞ্চনৰ লগতে আন আন চৰকাৰী সুবিধা । একালৰ অতিকৈ জনপ্ৰিয় লোকগীতৰ অনাতাঁৰ শিল্পীগৰাকী আজি ৰজাঘৰ-প্ৰজাঘৰৰ দ্বাৰা সম্পূৰ্ণ ৰূপে অৱহেলিত হোৱা বাবে জীৱনৰ বিয়লি বেলাতো কৰিবলগীয়া হৈছে সংগ্ৰাম ।

কেইবা দশক ধৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰত লোকগীতৰে শ্ৰোতাক আপ্লুত কৰিছিল মহেন্দ্ৰ কলিতা নামৰ এইগৰাকী দিব্য়াংগ শিল্পীয়ে । অতি পৰিতাপৰ বিষয় যে আবেদন-নিবেদন কৰাৰ পিচতো কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এইগৰাকী শিল্পীক । চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত । এতিয়া সহধৰ্মিনীৰ সৈতে এটি জুপুৰিত বাস কৰি আছে শিল্পী মহেন্দ্ৰ কলিতাই ।

মহেন্দ্ৰ কলিতাৰ নিচিনা শিল্পীক এষাৰ মাত লগাবলৈও যেন আহৰি নাই বৰ্তমানৰ জনপ্রতিনিধিৰ । এটি উৱলি যোৱা পঁজাত এনেদৰে অতি কষ্টকৰ জীৱন-যাপন কৰিব লগীয়া হৈছে এইগৰাকী শিল্পীয়ে । কিয় বছৰ বছৰ ধৰি এনেদৰে অৱহেলিত তথা উপেক্ষিত হৈ আহিছে মহেন্দ্ৰ কলিতাৰ নিচিনা শিল্পী ? এই প্ৰশ্নৰ উত্তৰ হয়তো কোনোদিনেই লাভ নকৰিব । কাৰণ শিল্পীগৰকীয়ে ক'লে," জনপ্রতিনিধিয়ে সদায় দিম দিম বুলি কৈয়ে আছে । আগতে কৈছিল, মাজতেও ক'লে । পিছে এতিয়ালৈহে একো নাপালো ।"

লগতে পঢ়ক:টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - DR BHUPEN HAZARIKA

কোন নবৰ আলী ? ভূপেনদাৰ সৈতে কি সম্পৰ্ক নবৰৰ ? - Bhupen Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.