চিলাপথাৰত উন্মুক্ত নলাত উদ্ধাৰ গ্ৰেনেড - Grenade Recovered In Silapathar - GRENADE RECOVERED IN SILAPATHAR

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 6:55 PM IST

ধেমাজি/জোনাই ,৮ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰৰ অকাজান শান্তিপুৰত দেওবাৰে পুৱাৰে পৰা বিৰাজ কৰে আতংকময় পৰিৱেশে ।‌ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেতুৰ নিচেই কাষতে উন্মুক্ত নলাত এটি হেণ্ড গ্ৰেনেড উদ্ধাৰ হোৱাৰ পিচতেই এই পৰিৱেশৰ সৃষ্টি হয় ।

স্থানীয় ৰাইজে গ্ৰেনেডটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত চিলাপথাৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মামৰে ধৰা পুৰণি হেণ্ড গ্ৰেনেডটো । ইফালে, অকাজান শান্তিপুৰ গাঁৱৰ বুদ্ধিন ভৰালী নামৰ লোকজনে গৃহ নিৰ্মাণৰ বাবে অৰুণাচলৰ লিকাবালিৰ কুঁৱেৰীৰ পৰা অনা ছেণ্ড গ্ৰেভেলত হেণ্ড গ্ৰেনেডটো দেখা পাই ভয়তে উন্মুক্ত নলাত পেলাই দিয়া বুলি কয় ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে । লগতে গ্ৰেনেডটোক লৈ কোনোধৰণৰ ভয়-শংকা নাই বুলিও সংবাদ মাধ্যমক সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:কোনো কাৰণতে ৰাইজৰ শান্তি বিঘ্নিত কৰিবলৈ দিয়া নহ'ব: হৰমিত সিং - Assam Special DGP review meeting

আতংকিত লখিমপুৰবাসী: আজিও উদ্ধাৰ নহ’ল আলফাই সংস্থাপন কৰা তৃতীয়টো বোমা - ULFA I Bomb plans in lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.