গোলাঘট: টাই আহোম যুৱ পৰিষদ, অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় মে-ডাম-মে-ফি । টাই আহোম জনগোষ্ঠীৰ পূৰ্বপুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই পবিত্ৰ উৎসৱ । এই উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া ফুৰালুং পূজাৰ অন্তত আজি অনুষ্ঠিত হয় ডাম-ফি পূজা ।
সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ডাম-ফি পূজাত বিত্তমন্ত্ৰী অজন্তা নেওগে বন্তি প্ৰজ্বলন কৰি আহোম স্বৰ্গদেউসকলক সেৱা জনাই কয়, "আজি আহোম জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ লয় আৰু পূজা কৰে । ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সৰ্বশ্ৰেষ্ঠ চাওলুং ছ্যুকাফা অসমলৈ আহিছিল আৰু বৰঅসম প্ৰতিষ্ঠা কৰিছিল । আজিৰ এই দিনটোত চাওলুং ছ্যুকাফাক শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু আশা কৰিছো ছ্যুকাফাৰ আদৰ্শৰে আমাৰ ৰাজ্য আগবাঢ়ি যাব ।"
আনহাতে, নগৰৰ মাজমজিয়াত অৱস্থিত ছ্যুকাফাৰ আৱক্ষ মূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয়, "পুলি পুথাওসকললৈকে গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু ৰাইজৰ মংগল কামনা কৰিছো । গোলাঘাট নগৰত সকলোৰে সহযোগত খুব সুন্দৰকৈ মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে । এই মে-ডাম-মে-ফি অনুষ্ঠান মহা মিলনৰ অনুষ্ঠান হওঁক । চাওলুং ছ্যুকাফাই সাতৰাজ মাৰি একৰাজ কৰিছিল । ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয় এনাজৰী মজবুত হওঁক । "
ইফালে, আইদেউ খাটত ৰাঙলী আইদেউ মৈদামত বন্তি প্ৰজ্বলন কৰে গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী লাচিত ফুকনে । তাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা । উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মুনিন্দ্ৰ মোহন গগৈয়ে । সভাত অৰবিন্দ ৰাজখোৱা, কাবেৰী কছাৰী, সাগৰ গোঁহাই, অতুল গগৈ, টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ সভাপতি, সম্পাদক উপস্থিত থাকে ।
কেন্দ্ৰীয়ভাৱে উদযাপন কৰা মে-ডাম-মে-ফি অনুষ্ঠান সম্পৰ্কে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মুনিন্দ্ৰ মোহন গগৈয়ে কয়, "আজি আমি পূৰ্বপুৰুষক সুঁৱৰিছো । তেওঁলোকে আমাক আশীৰ্বাদ কৰিব ।"