মৰাণ : খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বনৰজাই । ফলত দিনে-নিশাই আতংকৰ মাজেৰে পাৰ কৰিবলগা হৈছে ৰাইজে । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাসত বছৰৰ পাছত বছৰ সমস্যাত পৰিব লগা হৈছে ৰাইজ । মানুহে বাঘৰ ভয়ত সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱৰা হৈছে । দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছে বাঘে ।
ইয়াৰ মাজতেই শুকুৰবাৰে লাহোৱালৰ গণেশবাৰী চাহ বাগিচাত সংঘটিত হ'ল ভয়ংকৰ ঘটনা । বাগিচাত কাম কৰি থকা অৱস্থাত দুজনকৈ লোকক নাহৰফুটুকীয়ে আক্ৰমণ কৰে । ফলত সংকটজনক অৱস্থাত শৰৎ সন্দিকৈ আৰু পলাশ গগৈক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
ইয়াৰ পাছতে একাংশ উত্তেজিত লোকে নাহৰফুটুকীটো খেদি খেদি মৰিয়াই মৰিয়াই নিধন কৰে । একাংশ লোকে কাটি লৈ যায় বাঘটোৰ নখ, দাঁতকে ধৰি বিভিন্ন অংগ । এই ঘটনাটো পোহৰলৈ অহাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ।
ঘটনাক লৈ কি কয় স্থানীয় সচেতন যুৱকে :
উত্তেজিত ৰাইজে খেদি খেদি প্ৰকাণ্ড নাহৰফুটুকীটোক হত্যা কৰা পাছতে এই ঘটনাক লৈ স্থানীয় এজন যুৱকে সংবাদিকৰ আগত কয়, "দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰি আহিছিল । এই বিষয়ে ৰাইজে বন বিভাগক অৱগত কৰাত বন বিভাগে নাহৰফুটুকীটো ধৰিবলৈ সক্ষম নহ'ল । কিন্তু আজি গণেশবাৰী চাহ বাগিচাত কাম কৰি থকা অৱস্থাত নাহৰফুটুকীয়ে দুজন শ্ৰমিকক আক্ৰমণ কৰে । আনসকল শ্ৰমিকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ নাহৰফুটুকীটো হত্যা কৰে । ঘটনাৰ পাছতে আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰে ।"