নলবাৰীৰ পৰ্যটনক্ষেত্ৰলৈ সুখবৰ : অসম পৰ্যটন বিভাগে মুকলি কৰিলে অত্যাধুনিক হোটেল - Nalbari Tourism

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 9:03 PM IST

thumbnail
অসম পৰ্যটন বিভাগে মুকলি কৰিলে অত্যাধুনিক হোটেল (ETV Bharat Assam)

নলবাৰী, ৮ ছেপ্টেম্বৰ : নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ‘হোটেল গেটৱে’ নামৰ এখন অত্যাধুনিক হোটেল মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ইয়াৰ জৰিয়তে নলবাৰীৰ পৰ্যটনক্ষেত্ৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে অসম পৰ্যটন বিভাগে ৷

নলবাৰী জিলাখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত কাম আৰম্ভ হৈছে ৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লবৰুৱাই ফিটাকাটি উন্মোচন কৰে হোটেল গেটৱে’ ৷ নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত আৰম্ভ কৰা হোটেল গেটৱে পৰ্যটনক্ষেত্ৰৰ বাব সহায়ক হ’ব মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আনহাতে ৰিপুণ বৰাৰ কংগ্ৰেছত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া কৰে অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । পাম নোহোৱা বেলুন আৰু কংগ্ৰেছৰ একে অৱস্থা বুলি মন্তব্য কৰে ভৱেশ কলিতাই ।

লগতে পঢ়ক : ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.