ETV Bharat / lifestyle

পুৱা নে সন্ধিয়া কোনটো সময়ত খোজ কঢ়াটো শৰীৰৰ বাবে ভাল ? - BEST TIME TO WALK

প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে মৰ্নিং ৱাক ভাল নে ইভিনিং ৱাক । আজি এই বিষয়ে গৱেষণাৰ পৰাই জানি লও আহক-

Morning vs. Evening Walking: Which is More Beneficial for Your Health?
পুৱা নে সন্ধিয়া কোনটো সময়ত খোজ কঢ়াটো শৰীৰৰ বাবে ভাল ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 2, 2025, 2:01 PM IST

খোজ কঢ়াটো এটা সহজ কিন্তু অতি ফলপ্ৰসূ ব্যায়াম । যিসকল লোকৰ জিমলৈ যোৱাৰ সামৰ্থ অথবা সময় নাই তেওঁলোকে অন্ততঃ খোজ কাঢ়িবলৈ যাব লাগে । ইয়াৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে, ওজন নিয়ন্ত্ৰণ সহজ হয়, হাড় আৰু পেশী শক্তিশালী হয় । মুঠতে আমি ক’ব পাৰো যে খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । কিন্তু প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে মৰ্নিং ৱাক ভাল নে ইভিনিং ৱাক ।

পুৱা খোজ কঢ়াৰ উপকাৰিতা

পুৱা প্ৰায়ে যদি খালী পেটত খোজ কাঢ়ে তেন্তে ইয়াৰ ফলত কেলৰি দহনত সহায়ক হয় । পুৱা খোজ কঢ়া অথবা মৰ্নিং ৱাক এটা প্ৰাকৃতিক উদ্দীপক । ই শৰীৰ আৰু মনক সতেজ কৰি তোলে, আনহাতে দিনৰ আৰম্ভণিতে শুদ্ধ বতাহ আৰু সূৰ্যৰ পোহৰে গোটেই দিনটোৰ বাবে আপোনাৰ মন উন্নত কৰাত সহায় কৰে । পুৱাৰ সূৰ্যৰ পোহৰ ভিটামিন ডিৰ প্ৰাকৃতিক উৎস । ভিটামিন ডিয়ে হাড়ৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান গ্ৰহণ কৰাটো পুৱা খোজ কঢ়া লোকৰ বাবে অতিৰিক্ত উপকাৰ । যিসকলে পুৱা শক্তি অনুভৱ নকৰে তেওঁলোকৰ বাবে ই অতি সহায়ক হ’ব পাৰে । এই কাৰণেই ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকৰ বাবে মৰ্নিং ৱাক সৰ্বোত্তম ।

সন্ধিয়া খোজ কঢ়াৰ উপকাৰিতা

সন্ধিয়াই আপোনাক চিন্তা অথবা চাপ মুক্ত হ’বলৈ সহায় কৰে । খোজ কঢ়াৰ ফলত এণ্ড’ৰ্ফিন মুক্ত হয়, যিয়ে মানসিক চাপৰ পৰা উপশম দিয়ে আৰু মেজাজ উন্নত কৰে, যাৰ ফলত কৰ্মৰ চাপ বা মানসিক ক্লান্তিৰ পৰা সকাহ বিচৰাসকলৰ বাবে ই এক নিখুঁত ব্যায়াম । ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কঢ়াই হজম শক্তিত সহায় কৰে আৰু পেট ফুলা ৰোধ কৰে । যিসকলে বদহজমৰ ফলত অস্বস্তি অনুভৱ কৰে বা খাদ্য খোৱাৰ পিছত গধুৰতা অনুভৱ কৰে তেওঁলোকৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ । সন্ধিয়া খোজ কঢ়াৰ দৰে লঘু ব্যায়ামত লিপ্ত হ’লে আপোনাৰ শৰীৰৰ চাৰ্কেডিয়ান ৰিদম নিয়ন্ত্ৰণ কৰাত সহায় কৰি ভাল টোপনি আহিব পাৰে । অনিদ্ৰা বা অনিয়মিত টোপনিৰ ধৰণ থকা লোকৰ বাবে সন্ধিয়া খোজ কাঢ়িলে ভাল কাম হ’ব পাৰে ।

পুৱা নে সন্ধিয়া কোনটো সময় ভাল ?

পুৱা আৰু সন্ধিয়া দুয়োটা সময়ত খোজ কাঢ়িলে হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন নিয়ন্ত্ৰণ আৰু ষ্টেমিনা উন্নত হয় । সময়ৰ লগে লগে ইয়াৰ প্ৰভাৱ ভিন্ন হ’ব পাৰে । খালী পেটত পুৱা খোজ কাঢ়িলে কেলৰি দহনৰ সম্ভাৱনা অলপ বেছি, আনহাতে সন্ধিয়া খোজ কাঢ়িলে হজম শক্তি আৰু খাদ্য খোৱাৰ পিছত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে অধিক ফলপ্ৰসূ । স্পষ্ট মন এটাৰ বাবে মৰ্নিং ৱাক কৰাটো অতি উত্তম আনহাতে দিনৰ ভাগত জমা হোৱা মানসিক চাপ কমোৱাৰ বাবে সন্ধিয়া খোজ কঢ়াটোৱেই উত্তম । আপোনাৰ বাবে কি ভাল সেয়া নিৰ্ভৰ কৰে আপোনাৰ প্ৰয়োজনৰ ওপৰত, কিন্তু এটা কথা নিশ্চিত যে সুযোগ পালেই আপুনি নিশ্চিতভাৱে খোজ কাঢ়িবলৈ যাব লাগে ।

উৎস:-https://pubmed.ncbi.nlm.nih.gov/31477320/

লগতে পঢ়ক

  1. খোজ কেই প্ৰকাৰৰ জানেনে ? আমাৰ শৰীৰৰ বাবে কোন প্ৰকাৰৰ খোজ উপকাৰী
  2. বয়স অনুযায়ী আপুনি এদিনত কিমান পৰিমাণে খোজকঢ়া উচিত ? - Walking According To Age
  3. সঁচাকৈয়ে খালী ভৰিৰে খোজ কাঢ়িলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় নেকি ? জানো আহক - Benefits of Walking Barefoot

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.