ETV Bharat / state

ছন পৰা কৃষিভূমিত পুনৰ মৰুদ্যান সৃষ্টি কৰাৰ সংকল্প কয়েম চাপৰিবাসীৰ - ALI AYE LIGANG 2025

ৰাজ্যজুৰি মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাং উদযাপন । লৃগাঙতে কয়েম চাপৰিবাসীয়ে ছন পৰা ভূমিত পৰম্পৰা অনুসৰি শস্যৰ বীজ সিঁচি মৰূদ্যান সৃষ্টিৰ বাবে সংকল্প লয় ৷

Ali Aye Ligang 2025
আলি আঃয়ে লৃগাঙত চাপৰিবাসীয়ে ল'লে নতুন সংকল্প (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 11:58 AM IST

শিৱসাগৰ/ধেমাজি : মিচিং জনগোষ্ঠীৰ লোকসকলে বুধবাৰে পালন কৰে কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ এই পৰম্পৰাগত উৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উখল-মাখল পৰিৱেশে বিৰাজ কৰে । ধেমাজি জিলাৰ মিচিং অধ্যুষিত গাঁৱত ঐনিতম আৰু গুমৰাগৰ ছন্দত আকাশ-বতাহ মুখৰিত হৈ পৰে ৷ জিলাখনৰ অতি ভিতৰুৱা কাইটং কয়েম চাপৰিবাসীয়েও আলি আঃয়ে লৃগাং উলহ মালহেৰে উদযাপন কৰে ৷ অঞ্চলটোত কঢ়া নদীয়ে বাৰিষা ত্ৰাসৰ সৃষ্টি কৰি বালিময় কৰি থৈ যোৱা ছন পৰা ভূমিতে পৰম্পৰা অনুসৰি শস্যৰ বীজ সিঁচি নতুন সংকল্প গ্ৰহণ কৰিলে । নতুন উদ্যমেৰে ছন পৰি ৰোৱা এৰা সুঁতিত পুনৰ মৰূদ্যান সৃষ্টিৰ বাবে সংকল্প লয় অঞ্চলবাসীয়ে ।

এইক্ষেত্ৰত গাঁৱৰ ৰাইজে কয়,"কঢ়া নৈ পাৰত পৰম্পৰা অনুসৰি আলি আঃয়ে লৃগাং উদযাপন কৰিছো । পঃৰ আপং, ক'লা আপং, বগা আপং আদি সকলো পৰম্পৰাগত খাদ্য আছে ৷ এই নদীৰ পাৰত আগতে খেতি হৈছিল ৷ কিন্তু বানে প্লাৱিত কৰাত ইয়াত বালি পেলাই থৈ গ'ল ৷ সেয়ে এৰা সুঁতিত ৰাইজে খেতি কৰিব পৰা নাই যদিও এইবাৰ আলোচনা কৰিছে পুনৰ এই স্থানত খেতি কৰাৰ বাবে । কয়েম চাপৰিবাসীয়ে এইবাৰ মন বান্ধিছে ৷"

আলি আঃয়ে লৃগাঙত চাপৰিবাসীয়ে ল'লে নতুন সংকল্প (ETV Bharat)

ইফালে মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙৰ নিৰ্দেশনা অনুসৰিয়ে আলি আঃয়ে লৃগাং অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে গাঁৱৰ ৰাইজে । এই ক্ষেত্ৰত এগৰাকী লোকে কয়, "পূৰ্বপুৰুষৰ নীতি নিয়ম মতে ৫ দিনৰ পূৰ্বে গাহৰিৰ মাংস শুকুৱাই বা মাছ শুকুৱাইহে লৃগাঙৰ দিনা খাদ্য হিচাপে খাব লাগে । সেই অনুসৰি এইবাৰো একেধৰণৰ ব্যৱস্থাই কৰা হৈছে ।"

ফাগুনৰ প্ৰথমটো বুধবাৰে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্ততো দেখা গ'ল আলি আঃয়ে লৃগাঙৰ বিশাল কাৰ্যসূচী । ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিলে মিচিং অধ্যুষিত অঞ্চলসমূহ । বিশেষকৈ দিচাংমুখত মিচিংসকলৰ এই পৰম্পৰাগত উৎসৱক লৈ ব্যাপক উছাহ দেখা গ'ল । দিচাংমুখৰ অফলাত দেখা পোৱা যায় মিচিং ডেকা-গাভৰুৰ পাৰভঙা উছাহ । ঐনিতম-গুমৰাগৰ সুৰত, ঢোলৰ গুমগুমনিত একপ্ৰকাৰ কঁপি উঠে দিচাং নদীৰ পাৰ । নৈপৰীয়া মিচিং লোকসকলে এই বিশেষ দিনটোত নিজ নিজ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে ।

এই সন্দৰ্ভত অঞ্চলটোৰ এগৰাকী লোকে কয়,"অসমৰ ১১ খন জিলাত মিচিংসকলৰ এই পৰম্পৰাগত উৎসৱ পালন কৰা হৈছে । প্ৰতিখন মিচিং গাঁৱত আলি আঃয়ে লৃগাং উদযাপন হৈছে । অফলা গাঁৱত আমি ৰাজহুৱাভাৱে আলি আঃয়ে লৃগাঙৰ মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰিছো । মিচিং বানে কেবাঙে দিয়া নিৰ্দেশনা অনুসৰিয়ে আলি আঃয়ে লৃগাং অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছো ।"

লগতে পঢ়ক :ফাগুনৰ ধূলিয়ৰি বাটেৰে আহিছে লৃগাং; মহানগৰীৰ বুকুতো ঐনিতম-গুমৰাগৰ সুৰ-তাল - ALI AYE LIGANG IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.