কৰাচী : আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী, ২০২৫ৰ প্ৰথমখন মেচত জয়েৰে অভিযান আৰম্ভ কৰিছে নিউজীলেণ্ডে । পাকিস্তানক তেওঁলোকৰ ঘৰুৱা খেলপথাৰত ৬০ ৰাণত পৰাস্ত কৰে কিৱি বাহিনীয়ে । কৰাচীৰ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নিউজীলেণ্ডে টছত পৰাজিত হৈ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰে । নিউজীলেণ্ডে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অ'ভাৰত ৫ উইকেটৰ বিনিময়ত ৩২০ ৰাণ সংগ্ৰহ কৰে ।
আনহাতে, নিউজীলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ৩২১ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি মহম্মদ ৰিজৱান নেতৃত্বাধীন পাকিস্তানে আটাইকেইটা উইকেট বিসৰ্জন দি ৪৭.২ অ'ভাৰত ২৬০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ফলত চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী মেচখনত কিৱি দলটোৱে 60 ৰাণত বিজয় সাব্যস্ত কৰে । মেচখনত নিউজীলেণ্ডৰ টম লাথাম প্লেয়াৰ অব দ্য মেচ হিচাপে বিবেচিত হয় ।
Clinical New Zealand down Pakistan in #ChampionsTrophy 2025 opener 👏#PAKvNZ 📝: https://t.co/E5MS83KLLA pic.twitter.com/JpcqY5664Q
— ICC (@ICC) February 19, 2025
পাকিস্তানৰ বিৰুদ্ধে বিজয়ত নিউজীলেণ্ডৰ চাৰি নায়ক
এই বিজয়ত নিউজীলেণ্ডৰ চাৰিগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁলোকৰ নেতৃত্বতেই দলটোৱে উৎকৃষ্ট প্ৰদৰ্শনেৰে পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ শেষ হাঁহি মাৰে । বিজয়ৰ এই চাৰি নায়কৰ ভিতৰত আছে বেটছমেন উইল ইয়ং আৰু উইকেটকীপাৰ বেটছমেন টম লাথাম । দুয়োৰে বেটৰ পৰা চলিত চেম্পিয়নছ ট্ৰফীৰ প্ৰথম দুটা শতক আহে ।
ইয়াৰ উপৰি অধিনায়ক মিচ্চেল চেণ্টনাৰ আৰু উইল অ'ৰাউৰকে উজ্জীৱিত বলিং প্ৰদৰ্শন কৰে । দুয়োৱে পাকিস্তানী বেটাৰৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰি 3 টাকৈ উইকেট দখল কৰে ।
উইল ইয়ঙে ১১৩ টা বলত ১২ টা চাৰি আৰু এটা ছয়েৰে ১০৭ ৰাণ সংগ্ৰহ কৰে । আনহাতে, টম লাথামে ১০৪ টা বলত ১০ টা চাৰি আৰু ৩ টা ছয়েৰে দলক ১১৮ ৰাণৰ এক অপৰাজিত ইনিংছ উপহাৰ দিয়ে । ইয়াৰ উপৰি গ্লেন ফিলিপছে অৰ্ধ-শতক অৰ্জন কৰে । তেওঁ 34 টা বলত 3 টা চাৰি আৰু 4 টা ছয়েৰে অৰ্ধ-শতক সম্পূৰ্ণ কৰে । ফিলিপছে ৬১ ৰাণৰ এক মাৰমুখী ইনিংছ খেলি দলৰ ৰাণ সংখ্যা ৩০০ ৰ ঘৰ অতিক্ৰম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
New Zealand win the opening match of ICC Champions Trophy 2025#PAKvNZ | #ChampionsTrophy | #WeHaveWeWill pic.twitter.com/MvD3upTSoZ
— Pakistan Cricket (@TheRealPCB) February 19, 2025
ইফালে উইল অ'ৰাউৰকে ৯ অ'ভাৰত ৪৭ ৰাণৰ বিনিময়ত ৩ টা উইকেট আৰু মিচ্চেল চেণ্টনাৰে নিজৰ নিৰ্ধাৰিত 10 অ'ভাৰত 66 ৰাণৰ বিনিময়ত 3 টা উইকেট দখল কৰে ।
নিউজীলেণ্ডৰ হাতত ধৰাশায়ী পাকিস্তান
মেচখনত টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত ল'লেও পাকিস্তানী বলাৰসকলে অতি হতাশজনক প্ৰদৰ্শন কৰে । আনহাতে, বেটিং কৰিবলৈ ক্ৰিজত নামি বেটছমেনসকলেও নিউজীলেণ্ডৰ বলাৰসকলৰ ওচৰত আত্মসমৰ্পণ কৰে । পাকিস্তানৰ নাছিম শ্বাহে নিৰ্ধাৰিত ১০ অ'ভাৰত ৬৩ ৰাণ খৰচ কৰি ২ টা উইকেট দখল কৰে । ইয়াৰ উপৰি হাৰিছ ৰৌফে ২ টা উইকেট দখল কৰিলে ১০ অ'ভাৰত ৮৩ ৰাণ খৰচ কৰিবলগা হয় । এই দুগৰাকী বলাৰৰ বাহিৰে আন কোনো পাকিস্তানী বলাৰে নিউজীলেণ্ডৰ বেটাৰৰ বিৰুদ্ধে বিশেষ কোনো প্ৰভাৱ পেলোৱা পৰিলক্ষিত নহ'ল ।
ইফালে ৩২১ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ ক্ৰিজত নামি পাকিস্তানী বেটছমেন সাউদ চাকিলে ৬, মহম্মদ ৰিজৱানে ৩, ফখৰ জামানে ২৪ ৰাণ, শ্বাহিন আফ্ৰিদীয়ে ১৪ ৰাণ, নাছিম শ্বাহে ১৩ ৰাণ আৰু হাৰিছ ৰৌফে ১৯ ৰাণ সংগ্ৰহ কৰে ।
পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে খুছদিল শ্বাহে । তেওঁ ৪৯ টা বলত ১০ টা চাৰি আৰু ১ টা ছয়েৰে ৬৯ ৰাণৰ এটা ইনিংছ খেলে । তেওঁৰ উপৰি প্ৰাক্তন অধিনায়ক বাবৰ আজমেও অৰ্ধ-শতক অৰ্জন কৰে । বাবৰে ৯০ টা বলত ৬ টা চাৰি আৰু এটা ছয়েৰে ৬৪ ৰাণ সংগ্ৰহ কৰে ।
আনহাতে, চালমান আগাই দলটোক ৰাণ সংগ্ৰহৰ নেতৃত্বৰ ভাৰ কান্ধ পাতি লৈছিল যদিও অৰ্ধ-শতকৰ পৰা বঞ্চিত হয় । তেওঁ মাত্ৰ ২৮ টা বলত ৬ টা চাৰি আৰু এটা ছয়েৰে ৪২ ৰাণ সংগ্ৰহ কৰি দলৰ স্ক'ৰ দ্ৰুততাৰে বৃদ্ধিৰ চেষ্টা কৰে যদিও মেচখন ৰক্ষা কৰাত বিফল হয় ।