তেজপুৰ : পৰ্যটন ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলে । শেহতীয়াকৈ সংৰক্ষিত বনাঞ্চলখনত পৰ্যটকৰ আগমনৰ বাবে যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । বিগত ২০২৩ চনত বনাঞ্চলখনত উচ্ছেদ অভিযানৰ পাছৰে পৰা দৈনিক পৰ্যটকৰ আগমন হ'বলৈ ধৰিছে ।
পৰ্যটকৰ সংখ্যা বৃদ্ধি :
বনাঞ্চলখনৰ আঞ্চলিক বন বিষয়া পংকজ বৰাই কয়, "বৰ্তমান সময়ত দেশ-বিদেশৰ পৰ্যটকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে চৰাইৰ কলকলনি আৰু বন্য জীৱ-জন্তুৰ মাত শুনিবলৈ আহে । বিগত ২০২৩ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা বনাঞ্চলখনে ১১,৩০০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । তাৰ পিছত নৱেম্বৰ মাহত ৬৭,৫৫০ আৰু ডিচেম্বৰ মাহত ১,০৪,০০০ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে । অৰ্থাৎ উচ্ছেদৰ পিছতে ১ লাখ ৮১ হাজাৰ ৰাজহ পৰ্যটকৰ পৰা সংগ্ৰহ হৈছিল ।"

বৰাই জনায়, "চলিত বৰ্ষৰ অক্টোবৰ মাহত ১৭,৮৫০ টকা, নৱেম্বৰ মাহত ৭৭,১৬৫ টকা আৰু ডিচেম্বৰ মাহৰ বৰ্তমানলৈকে ৫৬,৪৫০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।" বনাঞ্চলখনত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে যদিও গণনা কৰা হোৱা নাই ৷ বন বিভাগৰ দলৰ তহলদাৰীত ৬ টা গঁড় দেখা পোৱা গৈছে ।"

তেওঁ পুনৰ কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংযুক্ত বনাঞ্চলখনত ১০ তাতকৈ অধিক ঢেঁকীয়াপতীয়া আছে বুলি জানিব পৰা গৈছে । চলিত বৰ্ষত বন বিভাগৰ কেমেৰাত ধৰা পৰে কেইবাটাও ঢেঁকীয়াপতীয়া । পৰ্যটকৰ বাবে হাতী ছাফাৰীৰ ব্যৱস্থা কৰা হৈছিল যদিও পৰ্যটকৰ দলে বেছি ভাগ নিজৰ বাহনেৰে ভ্ৰমণ কৰে ।" বিষয়াগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত জীপ ছাফাৰীৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । আনহাতে এই বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ দ্বাৰা তেজপুৰ জাহাজ ঘাট, গণেশ ঘাট আৰু কলীয়া ভোমোৰাত নদী পৰ্যটনৰ এক বিশেষ ব্যৱস্থা আছে । তেজপুৰ চহৰৰ জাহাজ ঘাটৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ ঘাট অঞ্চললৈ নদীৰে ভ্ৰমণ কৰি ডলফিন উপভোগ কৰিব পাৰিব ।

বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল :
এই সংৰক্ষিত বনাঞ্চলখন ৪৪.০৬ বৰ্গ কিলোমিটাৰৰ । ইয়াত গঁড়, ঢেঁকীয়াপতীয়া, নাহৰফুটুকী, বনৰীয়া ম'হ, হৰিণ, বনৰীয়া গাহৰি আৰু হাতী আদি পোৱা যায় । শোণিতপুৰ জিলা প্ৰশাসনৰ তথ্য অনুসৰি প্ৰশাসনে যোৱা ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ কৰা উচ্ছেদ অভিযানত মুঠ ২,০৯৯ হেক্টৰ ভূমি বেদখলৰ কবলৰ পৰা মুকলি কৰে । ইয়াৰ ভিতৰত ১২৮২ হেক্টৰ বন ভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী ভূমিৰ মুঠ ২৫৫৩ টা ঘৰ আৰু ১২,৭৬৫ লোকক উচ্ছেদ কৰা হয় ।

উল্লেখ্য যে, বুঢ়াচাপৰিত মুঠ ১৮৯২ হেক্টৰ ভূমিত ২৫৫৩ টা ঘৰৰ লগতে ১১,৬১০ লোকে বেদখল কৰি আছিল । উক্ত বনাঞ্চলত বসতি কৰা লোকসকল নগাঁও, মৰিগাঁও অঞ্চলৰ পৰা আহি কৃষি কাৰ্যত জড়িত হৈ বুঢ়াচাপৰিত দখল কৰি আহিছিল বুলি শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদৰ সময়ত দিয়া তথ্য পৰা জানিব পৰা গৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযুক্ত :
বিগত ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰ তিনিটা সংযোজন কৰা হৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজন সম্প্ৰচাৰিত কৰে সেই বছৰৰ ৩ ছেপ্টেম্বৰৰ পৰা । ইয়াৰ ফলত সপ্তম, অষ্টম আৰু নৱম সংযোজন সামৰি লোৱা হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেইবাটাও অংশ । এই তিনিটা সংযোজনৰ মুঠ এলেকা এনেধৰণৰ সপ্তম সংযোজন ১৭৬ হেক্টৰ দেউচৰা পালখোবা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট নগাঁও জিলাৰ, অষ্টম সংযোজন মুঠ ৩০৭ হেক্টৰৰ বান্দৰডুবি নগাঁও জিলাৰ আৰু নৱম সংযোজন মৌ খোৱা চাপৰি শোণিতপুৰ জিলাৰ মুঠ ২৫৭০ হেক্টৰ ভূমি সামৰি লোৱা হয় ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি আৰু ইয়াৰ ভিতৰত ষষ্ঠ সংযোজন শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজিত হৈ আছে । কিন্তু এই নতুনকৈ সংযোজিত তিনিটা সংযোজন বেদখলৰ গৰাহত আছিল আৰু বৰ্তমান সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰি চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰে বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল । ফলস্বৰূপে এতিয়া ই পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে বিবেচিত হৈছে ।
লগতে পঢ়ক :অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে... - POBA RESERVE FOREST