চামগুৰি : বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলীক আজি 'প্ৰণৱ বৰুৱা শিল্পী বঁটা' প্ৰদান কৰা হয় । নগাঁও চহৰস্থিত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী গৰাকীক এই বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে গামোচা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা ।প্ৰণৱ বৰুৱাৰ পৰিয়াল তথা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ হৈ বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলীক এই বঁটা প্ৰদান কৰে যশস্বী চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই ।
প্ৰণৱ বৰুৱাই শিশুৰ মনৰ কথা উপলব্ধি কৰিছিল :
তদুপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে প্ৰণৱ বৰুৱা পৰিচালনা সমিতিৰ সভাপতি তথা চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ কন্যা সুলক্ষণা বৰুৱা ভূঞাই । প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি যশস্বী চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই প্ৰণৱ বৰুৱাৰ শিল্পকৰ্মৰ কথা উল্লেখ কৰি কয়, "প্ৰণৱ বৰুৱাক মোৰ ভাল লগাৰ অন্যতম কাৰণ হৈছে প্ৰণৱ বৰুৱাই শিশুৰ মনৰ কথা উপলব্ধি কৰিছিল । শিশুৰ মনটোক বুজি পোৱাটো এহাতে কঠিন আনপিনে সহজো ।" পিতৃৰ উপদেশৰ কথা উল্লেখ কৰি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা বৰুৱাই লগতে কয়, "শিশুৱে দুটা কাৰণত মিছা কথা কয় । এটা হৈছে শাস্তি নাপাবৰ বাবে আৰু আনটো হৈছে কল্পনা কৰিলে । শাস্তি নাপাবৰ বাবে মিছা কথা ক'লে শিশুক বুজাব লাগে । কিন্তু কল্পনাৰ বাবে মিছা কথা ক'লে শিশুক বাধা দিব নালাগে । কাৰণ কল্পনাই হৈছে সৃষ্টিৰ প্ৰথম খোজ । "
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয়, "গুৰুজনাই বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰি থকা অসমীয়া সমাজখনক একত্ৰিত কৰাৰ উদ্দেশ্যৰে ধৰ্মতকৈ সৃষ্টিশীলতাক মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁৰ এই সৃষ্টিশীল উপাদানবোৰ আছিল গীত, বাদ্য, ভাওনা আদি ।" প্ৰথিতযশা চিত্ৰশিল্পী প্ৰণৱ বৰুৱাই সৰু ল'ৰা-ছোৱালীবোৰৰ উৎকৰ্ষ সাধনৰ বাবে যি কম্পন অৰ্থাৎ অনুভৱ সৃষ্টি কৰিছিল সেই কম্পন সদায় থকা উচিত বুলি মন্তব্য কৰি তেওঁ এনেধৰণৰ অনুষ্ঠানৰ সম্পৰ্কত চৰকাৰক অনুভৱ কৰাবৰ বাবে সকলোকে আহ্বান জনায় । তেওঁ কয়, "চৰকাৰখন আমাৰ । গতিকে ইতিবাচক কামত চৰকাৰখনক আমাৰ লাগিবই ।"
নগাঁৱৰ সাংস্কৃতিক ধাৰাটো উত্তৰণৰ অন্যতম ব্যক্তি প্ৰণৱ বৰুৱা :
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাংবাদিক দিলীপ চন্দনে কয়, "সাংবাদিক হিচাপে অসমৰ বিভিন্ন ঠাইত ঘূৰিছো । কিন্তু প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ দৰে অনুষ্ঠান দেখা মনত নপৰে । ই এক মহৎ অনুষ্ঠান । পৰিয়ালক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব । নগাঁৱৰ সাংস্কৃতিক ধাৰাটো উত্তৰণৰ অন্যতম ব্যক্তি প্ৰণৱ বৰুৱা । খুবেই ভাল কথা যে তেখেতৰ অৱদানক নগাঁওবাসীয়ে পাহৰা নাই ।" প্ৰণৱ বৰুৱাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনে অনুপ্ৰাণিত কৰাৰ কথাও বিশিষ্ট সাংবাদিকগৰাকীয়ে উল্লেখ কৰি তেওঁ এই তথ্যচিত্ৰখন নগাঁৱৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত দেখুৱাবৰ বাবে আহ্বান জনায় । বিশিষ্ট সাংবাদিকগৰাকীয়ে অসম চৰকাৰকো প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ দৰে মহৎ অনুষ্ঠানক সহায় কৰিবলৈ আহ্বান জনায় ।
মই দিগন্ত বিচাৰি আছো :
ইপিনে, বঁটা গ্ৰহণ কৰি বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলীয়ে প্ৰণৱ বৰুৱাৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰি কয়, "প্ৰণৱ বৰুৱাৰ দৰে ষ্টাইলিষ্ট আৰ্টিষ্ট অসমত কম আছিল । সংঘাতে আনি দিয়ে জীৱনৰ নতুন দিগন্ত । গতিকে মই দিগন্ত বিচাৰি আছো বাবেই এতিয়াও কৰ্মৰত হৈ আছো ।" মানুহক সহায় কৰি তেওঁ ভালপায় বুলিও উল্লেখ কৰে ।
এই অনুষ্ঠানটোত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতি উপদেষ্টা সঞ্জয় হাজৰিকা, সদস্য সুজয় হাজৰিকা, বসন্ত বৰঠাকুৰ, বৰ্ণালী হাজৰিকা, দিলীপ বৰুৱা, গীতিকা শৰ্মা, বিশিষ্ট কবি প্ৰয়াগ শইকীয়া, গিৰীশ দাস, প্ৰদীপ শইকীয়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱা, বিশিষ্ট অনুবাদক কৃষ্ণ দুলাল বৰুৱা, চিত্ৰশিল্পী সুজিত দাস, নিলাক্ষী বেজবৰুৱা, টিকেন্দ্ৰজিৎ শইকীয়া, বিশিষ্ট সমাজকৰ্মী নৌচাদ আখতাৰ হাজৰিকা উপস্থিত থাকে ।