ETV Bharat / state

২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাৰ দাবীত উত্তাল ৰাজপথ - MURDER IN TINSUKIA

মহাৰজত জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰমুৱা পথত ৰহস্যজনক হত্যাকাণ্ড ! অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত পথ অৱৰোধ ।

Protest by blocking roads demanding a probe into mysterious murder in Tinsukia
অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 10:08 PM IST

তিনিচুকীয়া: তিনিচুকীয়াৰ ৩১৫ নং মহাকালি গ্ৰাণ্টৰ বাসিন্দা অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত স্থানীয় দল-সংগঠনৰ উদ্যোগত ৰাইজে বৃহস্পতিবাৰে বাহাদুৰ চাৰিআলিত তিনিচুকীয়া-দুলীয়াজানৰ মূল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ সময়ত শতাধিক প্ৰতিবাদকাৰীয়ে অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰক, অসম আৰক্ষী হায় হায়, অসম আৰক্ষী মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে বাহাদুৰ চাৰিআলিৰ পৰিৱেশ উত্তাল কৰি তোলে ।

অনুপম চৌধুৰীৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী (ETV Bharat Assam)

প্ৰতিবাদৰ সময়ত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন হাজৰিকাই উক্ত ঘটনাৰ উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ তিনিচুকীয়া আৰক্ষীক দাবী জনোৱাৰ লগতে পৰিয়ালটোক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায় । সমান্তৰালভাৱে যুৱ নেতা বাবলু কুলদ্বীপে আজি পৰ্যন্ত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱৰাত দুখ প্ৰকাশ কৰি ক্ষিপ্ৰতাৰে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাই আৰু এনেদৰে নিৰ্মমভাৱে হত্যা কৰা কাণ্ডৰ গৰিহণা দিয়ে ।

পৰৱৰ্তী সময়ত জিলা আয়ুক্তলৈ প্ৰতিবাদকাৰীসকলে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু স্মাৰকপত্ৰৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনোৱাৰ লগতে পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা, অইল ইণ্ডিয়া লিমিটেডৰ উন্মুক্ত পুখুৰীত বেৰা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

উল্লেখযোগ্য যে তিনিচুকীয়াৰ কাষৰীয়া হেবেদা গাঁৱত শনিবাৰে নিশা এক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি, বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত ৩১৫ নং মহাকালি গ্ৰাণ্টৰ বাসিন্দা প্ৰশান্ত চৌধুৰীৰ পুত্ৰ অনুপম চৌধুৰীক কোনো লোকে শনিবাৰে নিশা হত্যা কৰি অইল ইণ্ডিয়া লিমিটেডৰ HUW খাদৰ কাষৰীয়া এটা গাঁতত পেলাই দিয়ে ।

অভিযোগ অনুসৰি, শনিবাৰে হেবেদা প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অনুপম চৌধুৰী সন্ধিয়া ঘৰৰ পৰা ওলাই আহিছিল । সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকাৰ সময়তে কেইগৰাকীমান লোকৰ স’তে কিছু কথা কটাকটিৰ লগতে হতাহতি হৈছিল । পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত একাংশ সচেতন লোকৰ প্ৰচেষ্টাত মীমাংসা হয় ।

কিন্তু অনুষ্ঠান চাই ঘৰলৈ উভতি যোৱাৰ সময়তে কেইবাজনো লোকে মিলি পৰিকল্পনা কৰি অচেতন অৱস্থাত পেলাই থৈ যায় অনুপম চৌধুৰীক । পৰৱৰ্তী সময়ত নিশা প্ৰায় ২ বজাত ততাতৈয়াকৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ তেওঁক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পৰৱৰ্তী সময়ত পৰিয়ালে বৰডুবি আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাৰ লগতে স্থানীয় ৰাইজে স্বাক্ষৰ কৰি আৰক্ষী অধীক্ষকো এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল ।

লগতে পঢ়ক: এৰাতিৰ ভিতৰতে থান-বান এটি সুখৰ সংসাৰ; প্ৰকৃততে ভুল কাৰ ! - HUSBAND KILLED HIS WIFE

কোনে গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ? - SHOT DEAD IN TINSUKIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.