ETV Bharat / state

স্তনৰ কৰ্কট ৰোগ চিকিৎসাৰ বাবে নতুন খবৰ দিলে আই আই টি গুৱাহাটীয়ে - NEW INJECTION FOR BREAST CANCER

স্তনৰ কৰ্কট ৰোগ চিকিৎসাৰ বাবে এক নতুন খবৰ । আই আই টি গুৱাহাটীয়ে উদ্ভাৱন কৰি উলিয়াছে স্তনৰ কৰ্কট ৰোগ চিকিৎসাৰ বাবে এক নতুন বেজী ।

IIT Guwahati has developed a new injection for the treatment of breast cancer
নতুন খবৰ দিলে আই আই টি গুৱাহাটীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 9:56 PM IST

গুৱাহাটী: স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে এক নতুন বেজী উদ্ভাৱন কৰিছে গুৱাহাটী আই আই টিয়ে । এই বেজী উদ্ভাৱনে স্তনৰ কৰ্কট ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

গুৱাহাটী আই আই টিৰ ৰসায়ন বিজ্ঞান বিভাগ আৰু বসু প্ৰতিষ্ঠান কলকাতাৰ গৱেষকসকলৰ নেতৃত্বত চিকিৎসাৰ ক্ষেত্ৰত এই অভিনৱ উদ্ভাৱন কৰা হৈছে । গুৱাহাটী আই আই টিৰ ৰসায়ন বিভাগ আৰু বসু প্ৰতিষ্ঠান কলকাতাৰ গৱেষকসকলৰ নেতৃত্বত স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ এক উন্নত হাইড্ৰ'জেল বেজী উদ্ভাৱন কৰিবলৈ সক্ষম হয় ।

নতুন খবৰ দিলে আই আই টি গুৱাহাটীয়ে (ETV Bharat Assam)

এই উদ্ভাৱনৰ আৰত থকা ব্যক্তিসকল‌ হ'ল ক্ৰমে গুৱাহাটী আই আই টিৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক দেৱপ্ৰতিম দাস, গৱেষণা ছাত্ৰী তনুশ্ৰী দাস আৰু ঋত্বিকা কুশৱাহা, ড৹ কুলদ্বীপ জানা আৰু বসু ইনষ্টিটিউট কলকাতাৰ সত্যজিৎ হালদাৰ আৰু অনুপ কুমাৰ মিশ্ৰ । এই উদ্ভাৱনৰ গৱেষণাৰ ফলাফলসমূহ ৰয়েল ছ'চাইটি অৱ কেমিষ্ট্ৰী নামৰ আগশাৰীৰ এখন জাৰ্নেল মেটেৰিয়েলছ হৰাইজনছত প্ৰকাশ পাইছে ।

এই উদ্ভাৱনৰ সন্দৰ্ভত আই আই টি গুৱাহাটীৰ ৰসায়ন বিভাগৰ অধ্যাপক দেবপ্ৰতিম দাসে কয়, "বিশ্বজুৰি লাখ লাখ ৰোগী কৰ্কট ৰোগত আক্ৰান্ত হয় । কৰ্কট ৰোগ এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী স্বাস্থ্য প্ৰত্যাহ্বান হৈয়ে আছে । কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কেমোথেৰাপী আৰু অস্ত্ৰোপচাৰৰ দৰে বৰ্তমানৰ চিকিৎসাৰ এক সীমাবদ্ধতা আছে । অস্ত্ৰোপচাৰৰ দ্বাৰা টিউমাৰ আঁতৰোৱাটো কেতিয়াবা সম্ভৱ নহয়, বিশেষকৈ আভ্যন্তৰীণ অংগসমূহৰ বাবে সম্ভৱ নহয় । আনহাতে কেমোথেৰাপীৰ পদ্ধতিগত প্ৰয়োগৰ ফলত প্ৰায়ে কৰ্কট আৰু সুস্থ কোষ দুয়োটাকে প্ৰভাৱিত কৰি ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে ।"

‌তেওঁ লগতে কয়,"এই উদ্ভাৱনীমূলক হাইড্ৰ'জেল আধাৰিত বেজীয়ে প্ৰত্যক্ষভাৱে টিউমাৰৰ স্থানলৈ কৰ্কট-বিৰোধী ঔষধ সম্প্ৰসাৰিত কৰে । এই হাইড্ৰ'জেল আধাৰিত বেজীয়ে এই ৰোগৰ চিকিৎসাৰ সৈতে সম্পৰ্কিত পাৰ্শ্বক্ৰিয়া যথেষ্ট হ্ৰাস কৰা দেখা গৈছে । এই বেজীৰ উদ্ভাৱনৰ প্ৰক্ৰিয়া ২০১৮-১৯ চনৰ পৰা আৰম্ভ কৰা হৈছিল । এক দীৰ্ঘম্যাদী গৱেষণাৰ ফলাফল আশাপ্ৰদ আছিল । হাইড্ৰ'জেল আধাৰিত এটা বেজীয়ে কৰ্কট ৰোগত আক্ৰান্ত স্তনৰ টিউমাৰ ৭৫ শতাংশ হ্ৰাস কৰিছে । বৰ্তমান এই গৱেষণা অব্যাহত আছে ।‌ নিশ্চিতভাৱে এই‌ বেজীয়ে স্তনৰ কৰ্কট ৰোগ নিৰাময় কৰা ইতিহাস ৰচনা কৰিব ।"

লগতে পঢ়ক: আই আই টি গুৱাহাটীৰ জিলা পৰ্যায়ৰ জলবায়ু বিপদাশংকা মূল্যায়ন প্ৰতিবেদন প্ৰকাশ - CLIMATE RISK ASSESSMENT REPORT

মিথেন আৰু কাৰ্বন ডাই অক্সাইডক জৈৱ ইন্ধনলৈ ৰূপান্তৰ কৰাৰ পদ্ধতি উদ্ভাৱন - ECOFRIENDLY BIOFUEL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.