গুৱাহাটী: যোৱা বছৰটোৰ পৰ্যালোচনা আৰু নতুন বছৰটোৰ পৰিকল্পনা লৈ বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এন ডি এ গোটৰ মন্ত্রী-বিধায়ক আৰু সাংসদসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সদ্যসমাপ্ত বৰ্ষটোৰ ৰাজনৈতিক উত্থান-পতন তথা সফলতা-বিফলতা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।
মুখ্যমন্ত্রীয়ে দুখনকৈ বৈঠকত মিলিত হয় । প্ৰথমে মুখ্যমন্ত্রীয়ে নিজ দলৰ মন্ত্রী, বিধায়ক আৰু সাংসদৰে বৈঠক অনুষ্ঠিত কৰে । পুৱাৰ পৰা সন্ধিয়ালৈ হোৱা বৈঠকখনত মুখ্যমন্ত্রীয়ে দলীয় জনপ্ৰতিনিধিসকলৰ পৰা বিগত বৰ্ষটোৰ কাম-কাজৰ খতিয়ান লয় । চৰকাৰী আঁচনিসমূহ ৰাইজৰ ওচৰলৈ নিয়াৰ ক্ষেত্রত বিধায়কসকলৰ ভূমিকা সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰা হয় ।
শাসকীয় দলৰ জনপ্ৰতিনিধি থকা বহু সমষ্টিত বিৰোধীৰ উত্থানৰ প্ৰসংগটোকলৈ বৈঠকত বিশদভাৱে আলোচনা কৰি ইয়াৰ কাৰণসমূহ পৰ্যালোচনা কৰা হয় । এককথাত বৈঠকত বহুকেইজন বিধায়ক জবাবদিহি হ'বলগীয়া হয় । বৈঠকত প্ৰতিটো সমষ্টিৰ বিভিন্ন দিশ সুক্ষ্মভাৱে পৰ্যালোচনা কৰা হয় । মুখ্যমন্ত্রীয়ে দলৰ জনপ্ৰতিনিধি সকলক ২০২৫ বৰ্ষটোক গুৰুত্ব সহকাৰে লৈ কাম কৰাৰ আহ্বান জনাই কেতবোৰ নিৰ্দেশনা দিয়ে ।
বিজেপিৰ মন্ত্রী-বিধায়ক আৰু সাংসদৰে প্ৰায় দিনজোৰা বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে মিত্রদল অগপ আৰু ইউ পি পি এলৰ মন্ত্রী-বিধায়ক আৰু সাংসদৰে বৈঠকত মিলিত হয় । যিখন বৈঠকত বিজেপিৰ মন্ত্রী-বিধায়ক আৰু সাংসদ সকলো উপস্থিত থাকে । এইখন বৈঠকত মিত্রদলৰ উমৈহতীয়া বিষয়ত আলোচনা কৰা হয় । বৈঠকত আৰম্ভ হোৱা নতুন বছৰটোত গ্ৰহণ কৰিবলগীয়া কৰ্মসূচীৰ বিষয়ে বিশদ আলোচনা কৰাৰ লগতে এইক্ষেত্রত মুখ্যমন্ত্ৰীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।
আগন্তুক পঞ্চায়ত নিৰ্বাচন, বি টি আৰ নিৰ্বাচন আৰু কেইবাখনো পৰিষদৰ নিৰ্বাচনৰ লগতে বিশেষকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশলকলৈ বৈঠকত সবিস্তাৰে আলোচনা কৰা হয় । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২০২৫ বৰ্ষটো যথেষ্ট গুৰুত্বপূৰ্ণ । যাৰ বাবে মুখ্যমন্ত্রীয়ে এই বছৰটোক লক্ষ্যত উপনীত হোৱাৰ বছৰ হিচাপে আত্মনিয়োগ কৰাৰ বাবে মন্ত্রী-বিধায়কসকলৰ প্ৰতি আহ্বান জনায় ।
লক্ষ্যণীয় বিষয় যে শাসকীয় পক্ষৰ জনপ্ৰতিনিধিৰে হোৱা মাৰাথন বৈঠকত মুখ্যমন্ত্রীয়ে ২০২৪ত বিধায়কে কৰা কামৰ খতিয়ান লয় । দিনজোৰা ৰুদ্ধদ্বাৰ বৈঠকত বিজেপি বিধায়কৰ কামৰ খতিয়ান লৈ মুখ্যমন্ত্রীয়ে কেতবোৰ নিৰ্দেশনা প্ৰদান কৰে । মুখ্যমন্ত্রীয়ে বিগত বৰ্ষৰ কামৰ খতিয়ান আৰু আগন্তুক দিনৰ কামৰ কৌশল নিৰ্ধাৰণ সন্দৰ্ভত এন ডি এ গোটৰ জনপ্ৰতিনিধিৰে আলোচনা কৰে ।
সন্ধিয়াৰ ভাগত মুখ্যমন্ত্রীয়ে অগপ আৰু ইউ পি পি এলৰ জনপ্ৰতিনিধিৰে বৈঠকত মিলিত হৈ আগন্তুক দিনৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে । বৈঠকত বিজেপিৰ লগতে মিত্রদলৰ মন্ত্রী-বিধায়ক আৰু সাংসদসকলক উদ্দেশ্যি দিহা-পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্রীয়ে । লক্ষণীয় বিষয় যে এই বছৰটোৰ কামকাজৰ ওপৰত বিজেপিৰ বিধায়কসকলৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ভৰ কৰিব । টিকট লাভৰ ক্ষেত্রত বিজেপি বিধায়কসকলৰ বাবে এই বছৰটো এক প্ৰকাৰ অগ্নিপৰীক্ষাৰ সময় ।