মাজুলী: মাজুলীবাসীৰ বাবে এটা ভাল খবৰ । প্ৰথমবাৰৰ বাবে কুম্ভমেলাত প্ৰদৰ্শিত হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি । আউনিআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ নেতৃত্বত সত্ৰখনৰ এটি বৈষ্ণৱৰ দলে অংশগ্ৰহণ কৰিব কৰিব এই কুম্ভমেলাত । প্ৰয়াগৰাজৰ আগন্তুক কুম্ভমেলাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি । ৰাম বিজয় নাটৰ উপৰিও পৰিৱেশন কৰা হ'ব আউনীআটী সত্ৰৰ অপ্সৰা নৃত্য আৰু হিয়ানাম ।
ৰাম বিজয় নাট:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট হ'ল ৰাম বিজয় । মহাপুৰুষজনাই নাটখনৰ কাহিনী ভাগ ৰামায়ণৰ আদিকাণ্ডৰ পৰা লৈছে । ৰাম বিজয় নাটখনৰ মূল ভাষা ব্ৰজাৱলী । ঋষি বিশ্বামিত্ৰই শিষ্যসকলৰ লগতে আশ্ৰমৰ সকলোকে লৈ ঈশ্বৰ সন্তুষ্টিৰ বাবে যজ্ঞ আৰম্ভ কৰিছিল । এই যজ্ঞ সম্পূৰ্ণ হোৱাৰ পূৰ্বে মাৰিছ, সুবাহুকে আদি কৰি ৰাক্ষসসকল আহি ঋষিৰ এই যজ্ঞত ব্যাঘাত জন্মইছিল । ঋষি বিশ্বামিত্ৰই উপায়ন্তৰ হৈ ৰাম-লক্ষ্মণক আনি এই ৰাক্ষস বধ কৰাই যজ্ঞ সম্পূৰ্ণ কৰিছিল ।
সেই সময়ত ঋষিয়ে ৰাম-লক্ষ্মণক জনক জীয়াৰী সীতাৰ সয়ম্বৰৰ কথা উল্লেখ কৰে আৰু তেওঁলোকৰ সহিতে জনকৰ ৰাজসভাত উপস্থিত হয় । সীতাৰ সয়ম্বৰত হৰধনু ভংগ কৰি ৰামচন্দ্ৰই সীতাক পত্নী হিচাপে গ্ৰহণ কৰে । ঋষি বিশ্বামিত্ৰই ৰাম-লক্ষণ আৰু সীতাক লগত লৈ অযোধ্যালৈ গমন কৰে । এই যাত্ৰাপথত মহাদেৱৰ শিষ্য পৰশুৰামে হৰধনু ভংগ কৰাৰ বাবে ৰামক কাটিবলৈ উদ্যত হয় ।
শিষ্যক এনেদৰে মাৰিবলৈ ধৰাৰ বাবে বিশ্বামিত্ৰই পৰশুৰামৰ লগত যুদ্ধত লিপ্ত হয় । এই যুদ্ধত পৰশুৰামৰ লগত ঋষি বিশ্বামিত্ৰই হাৰ মানি পলাবলৈ ধৰে । গুৰুৰ এই দশা দেখি ৰামচন্দ্ৰই পৰশুৰামক বধ কৰাৰ নিমিত্তে ধনু টানিবলৈ ধৰে । তেতিয়া পৰশুৰামে বুজি পাই যে ৰাম ভগবানৰে অৱতাৰ । তেতিয়া পৰশুৰামে নিজৰ ভুল বুজি পাই ৰামচন্দ্ৰৰ ওচৰত ভুল স্বীকাৰ কৰে ।
তেতিয়া ৰামচন্দই পৰশুৰামক বধ কৰাৰ নিমিত্তে লোৱা বান নিক্ষেপ কৰি পৰশুৰামৰ স্বর্গপথ কাটি পৰশুৰামক প্ৰাণ ভিক্ষা দিয়ে । ইয়াৰ পিছত ঋষি সহিতে ৰামে লক্ষণ আৰু সীতাক লৈ অযোধ্যালৈ গতি কৰে আৰু ৰাম বিজয় নাটকৰ সামৰণি পৰে । ৰাম বিজয় নাটখনক সীতা সয়ম্বৰ নামেৰেও জনা যায় ।
অপ্সৰা নৃত্য:
মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰৰ মুখ্য নৃত্যসমূহৰ ভিতৰত অন্যতম এই অপ্সৰা নৃত্য । ভাগৱতত বৰ্ণিত এটা কাহিনীৰ আধাৰত সৃষ্টি হোৱা একপ্ৰকাৰৰ নৃত্য হৈছে এই অপ্সৰা নৃত্য । এই নৃত্যৰ আৰম্ভণিৰ বিষয়ে সঠিককৈ ক'ব পৰা নাযায় যদিও আহোম ৰাজত্বৰ সময়তে সত্ৰৰ গায়ন-বায়নসকলে এই নৃত্য সৃষ্টি কৰে বুলি বহুতে ক'ব বিচাৰে ।
হিয়ানাম:
হিয়ানাম হৈছে সত্ৰসমূহত প্ৰচলিত হোৱা নামসমূহৰ ভিতৰত অন্যতম । এই হিয়ানাম লেছাৰি সুৰত গোৱা হয় । এই হিয়ানামত গায়ন-বায়নসকলে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰে । হিয়া উজাৰি উজাৰি গোৱা বাবে এই নামক হিয়া নাম বুলি কোৱা হয় আৰু এই কেউটা সাতামপুৰুষীয়া সংস্কৃতি এইবাৰ প্ৰদৰ্শিত হ'ব মহা কুম্ভমেলাত ।
মহা কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ ওলোৱা দলটিক নেতৃত্ব দিয়া ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়," আকৌ ১২ বছৰৰ মূৰত মহা কুম্ভমেলা অনুষ্ঠিত হৈছে প্ৰয়াগত । যাক প্ৰয়াগৰাজ তীৰ্থ বুলি কোৱা হয় । আমি আগতে যোৱাৰ সুযোগ লাভ কৰিছিলোঁ যদিও এইবাৰ পুনৰ ৪০ গৰাকী বৈষ্ণৱ সহিতে আমি সেই প্ৰয়াগৰ কুম্ভমেলালৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিছোঁ । এইবাৰ আমাৰ গোটেই ব্যৱস্থাটো বৰ্তমানৰ উত্তৰ গুৱাহাটীস্থিত ঋষি কেশৱ দাসৰ যোগেদি কৰিছোঁ । তেখেতে আমাক সত্ৰীয়া পৰিৱেশ দেখুওৱাৰ কথা কোৱাৰ কাৰণে আমি সেই অনুসৰি সাজু হৈছোঁ । আমি চুটিকৈ ৰাম বিজয় ভাওনা, হিয়ানাম, অপ্সৰা নৃত্য পৰিৱেশন কৰিম । প্ৰথমবাৰৰ বাবে আমি সত্ৰীয়া সংস্কৃতি লৈ এনেকৈ ওলাইছোঁ ।" এইবাৰৰ মহাকুম্ভত ৪৫০ নিযুতাধিক তীৰ্থযাত্ৰী, সাধু, সন্ন্যাসী আৰু পৰ্যটক অহাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰিছে ৷
মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰৰ ইতিহাস:
মাজুলীৰ ঐতিহাসিক সত্ৰসমূহৰ ভিতৰত অন্যতম আউনিআটী সত্ৰ । এই ঐতিহাসিক সত্ৰখন প্ৰতিষ্ঠা হয় ১৬৫৩ চনত । সত্ৰখনৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী নিৰঞ্জন দেৱ গোস্বামী । বৰ্তমান সত্ৰখনৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী । এতিয়ালৈকে মুঠ ১৬ জনকৈ সত্ৰাধিকাৰে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে । আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই সেই সময়ৰ ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱ গোস্বামীৰ ওচৰত বৈষ্ণৱ ধৰ্মত দীক্ষিত হৈছিল ।
আউনী পাণৰ এটি আঁটি কাটি স্থাপন কৰা বাবে সত্ৰখনৰ নাম আউনীআটী হয় । আউনীআটী সত্ৰৰ উপাস্য দেৱতা হ'ল শ্ৰীশ্ৰী গোৱিন্দ মহাপ্ৰভু । আউনীআটী সত্ৰত নামঘৰসহ মণিকূটক মাজত লৈ সত্ৰৰ চাৰিওফালে ভকতসকলৰ বহাসমূহ থাকে ।
সত্ৰখনৰ মুখ্য নৃত্যসমূহ হ'ল- নটুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, চালি নৃত্য, মাটি আখৰা আৰু গায়ন-বায়ন । সত্ৰখনত পৰিৱেশিত গীতসমূহৰ ভিতৰত ওজাপালি গীত, ৰাস গীত, গোপাল বৈৰাগ্য গীত, ৰজাঘৰীয়া গীত, গুৰু বন্দনা, দেৱ বন্দনা আৰু নাটৰ মাজৰ গীত অন্যতম । ইফালে সত্ৰখনত পৰিবেশন কৰা নামসমূহ হ'ল হিয়া নাম, দিহা নাম, বৈৰাগী নাম, বৰ নাম, নাম মংগল, ঘোষা মংগল আদি ।