ETV Bharat / entertainment

মাঘতে মাহ-হালধি ঘঁহিলে মোহনে, কইনা পিছে কোন ? - ASSAMESE COMEDIAN DEEPJYOTI KEUT

'বেহৰবাৰী আউটপ'ষ্ট'ৰ মোহনৰ বিয়া । নতুন জীৱনৰ আৰম্ভণিৰ পূৰ্বে গাত মাহ-হালধি ঘঁহিলে জনপ্ৰিয় অভিনেতাজনে ।

Popular Assamese comedian Deepjyoti Keut gets married
মোহনৰ বিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 11:06 PM IST

নগাঁও: 'বেহৰবাৰী আউটপ'ষ্ট'ত অলৌ-তলৌকৈ ঘূৰি ফুৰা ল'ৰাটো আজি বেলেগ ৰূপত । অজলা ল'ৰাটো হ'ব কাৰোবাৰ স্বামী, দায়িত্ব ল'ব কাৰোবাৰ ঘৰৰ এগৰাকী কন্যাৰ । জনপ্ৰিয় ধাৰাবাহিক 'বেহৰবাৰী আউটপ'ষ্টৰ' 'মোহন' আজি দৰাৰ ৰূপত । পিছে এইবাৰ ৰীল লাইফত নহয় বাস্তৱ জীৱনত দৰাৰ ৰূপত মাহ-হালধি ঘঁহিলে 'মোহন' ওৰফে দ্বীপজ্যোতি কেওটে ।

আজি 'মোহন'ৰ বিয়া । জনপ্ৰিয় ধাৰাবাহিক 'বেহৰবাৰী আউটপ'ষ্ট'ৰ মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেওট সাজু হৈছে যুগ্মজীৱনৰ পাতনি মেলিবলৈ । অভিনয়ৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিয়া দ্বীপজ্যোতি কেওট ওৰফে মোহনে বৃহস্পতিবাৰে বিয়াত বহিবলৈ গাত মাহ-হালধি ঘঁহি সাজু হৈছে জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ কৰিবলৈ । বিয়াৰ বাবে গাত মাহ-হালধি ঘঁহি সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে দৰা হোৱাৰ অনুভৱ ।

মোহনৰ বিয়া (ETV Bharat Assam)

দৰা হ'বলৈ সাজু হৈয়ো নিজকে দৰা দৰা লগা নাই বুলি উল্লেখ কৰি সাংবাদিককহে স্বভাৱসুলভ শৈলীৰে সুধিলে, "মোক বাৰু দৰা দৰা লাগিছে নে ?" লগতে ক'লে, "গোটেই অসমবাসী ৰাইজক গোট খুৱাই আৰ্শীবাদ ল'বলৈ অলপ অসুবিধা হয় । গতিকে সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ । আগতে লোকৰ বিয়া দেখি থাকোঁ, এতিয়া নিজে বিয়া পাতিবলৈ ওলাইছোঁ । নাজানোঁ অজলা ল'ৰাটোৱে পিছৰ জীৱনটো কিমান সূচাৰুৰূপে পালন কৰিব পাৰোঁ । আপোনালোকে আশীৰ্বাদ কৰিব ।"

লগতে মাত্ৰ দুমাহৰ ভিতৰতেই বিয়াখন চূড়ান্ত হোৱাৰ কথাও উল্লেখ কৰে মোহনে । বৃহস্পতিবাৰে নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে মোহন । ইফালে জনপ্ৰিয় অভিনেতাগৰাকীৰ শুভবিবাহৰ দিনটোত আত্মীয়-স্বজনে নাচি-বাগি আনন্দত উৎফুল্লিত হৈ পৰা দেখা যায় ।

লগতে পঢ়ক: জানমণিয়ে স্বামীৰূপে বৰণ কৰিলে মানস বৰুৱাক - SHYAMONTIKA SHARMA GOT MARRIED

ত্ৰিযুগীনাৰায়ণ মন্দিৰত পুনৰ বিবাহপাশত আৱদ্ধ গায়ক হংসৰাজ ৰঘুবংশী - HANSRAJ RAGHUWANSHI KOMAL MARRIAGE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.