ETV Bharat / sports

প্ৰথম এদিনীয়াত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত ইংলেণ্ড - INDIA ENGLAND FIRST ODI

নাগপুৰত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ব্যাপক জয় ভাৰতৰ ৷ টীম ইণ্ডিয়াই ৩৮.৪ অভাৰত ৬টা উইকেট হেৰুৱাই ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ২৪৯ ৰাণৰ লক্ষ্যত উপনীত হয় ৷

INDIA ENGLAND FIRST ODI
প্ৰথম এদিনীয়াত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত ইংলেণ্ড (AP)
author img

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 10:47 PM IST

নাগপুৰ: নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া খেলত আয়োজক দলে আলহী দলটোক ৪ উইকেটত পৰাস্ত কৰে । ভাৰতে ৩৮.৪ অভাৰত ৬টা উইকেট হেৰুৱাই ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ২৪৯ ৰাণৰ লক্ষ্যত উপনীত হয় । এই জয়ৰ জৰিয়তে ভাৰতে তিনিখন মেচৰ শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰে ।

ভাৰতৰ হৈ শুভমন গিল (৮৭), আয়াৰ (৫৯) আৰু অক্ষৰ পেটেলে (৫২) অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে জয়ছোৱাল (১৫) আৰু ৰোহিত শৰ্মাই (২) পুনৰ এবাৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । শুভমন গিলে ১৪টা চাৰিৰ সহায়ত ১৪ সংখ্যক এদিনীয়া অৰ্ধশতক অৰ্জন কৰে আৰু গড়ে ৯০.৬২ ৰাণ কৰে । প্ৰায় ৭ মাহৰ পিছত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিলেও আয়াৰে ৩০টা বলত অৰ্ধশতক অৰ্জন কৰে ।

বেটিং ক্ৰমত ৫ নম্বৰ স্থানত অহা অক্ষৰ পেটেলে নিজৰ কুইকফায়াৰ অৰ্ধশতকেৰে অধিনায়ক আৰু প্ৰশিক্ষকৰ আস্থাক ন্যায্যতা প্ৰদান কৰে । ইংলেণ্ডৰ হৈ ছাকিব মাহমুদ আৰু আদিল ৰছিদে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে আৰ্চাৰ আৰু জেকব বেথেলে এটাকৈ উইকেট লাভ কৰে । উজ্জ্বল বেটিঙৰ বাবে শুভমন গিলক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।

ইয়াৰ পূৰ্বে টছত জয়লাভ কৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ৪৭.৪ অভাৰত ২৪৮ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ফিল ছল্ট (৪৩), জোছ বাটলাৰ (৫২) আৰু জেকব বেথেল (৫১)ৰ বাহিৰে আন কোনো ইংৰাজ বেটছমেনে প্ৰদৰ্শন কৰিব নোৱাৰিলে । ভাৰতৰ হৈ অভিষেক ঘটোৱা হৰ্ষিত ৰাণা আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ছামী, কুলদীপ আৰু হাৰ্দিকে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: নাগপুৰ এদিনীয়াৰ বাবে প্লেইং-১১ ঘোষণা ইংলেণ্ডৰ, ১৪ মাহৰ পিছত দললৈ জো ৰুট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.