নগাঁও : বিহুৰ পাছত ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়িব অসমে । বিশ্ব ৰেকৰ্ডৰ বাবে অনুষ্ঠিত হ'বলগীয়া ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰতিভা প্ৰকাশ কৰিবলৈ সাজু হৈছে এখন অখ্যাত বাগিচাৰ এগৰাকী যুৱতী । কোনেদিনেই মেগা প্ৰতিযোগিতা অথবা মঞ্চত উঠি নোপোৱা যুৱতীগৰাকীয়ে কেনেদৰে প্ৰস্তুতি চলাইছে সেয়া ব্য়াখ্য়া কৰিলে ই টি ভি ভাৰতক ।
"এইবাৰ দ্বিতীয়বাৰৰ বাবে গুৱাহাটীলৈ যাম । ইয়াৰ বাহিৰে মই অন্য কোনো জিলা অথবা ঠাইলৈ যোৱাই নাই । মা-দেউতা ব্যস্ত থাকে বাগিচাৰ কামত । ঘূৰি-ফুৰিবলৈ হাতত সময়ো নাপাও, আৰ্থিকভাৱেও স্বচ্ছল নহয় । এইবাৰ গুৱাহাটী যোৱাৰ খবৰে এক অনন্য অনুভৱ আৰু ভাষাৰে বুজাব নোৱৰা আনন্দই মনটোক উৎফুল্লিত কৰি ৰাখিছে । সেই ক্ষণটোৰ অপেক্ষাত যেন এতিয়া নোযোৱা অৱস্থা হৈছে মোৰ । কাৰণ প্ৰথমবাৰৰ বাবে এখন বিশাল মঞ্চত নৃত্য প্ৰদৰ্শনৰ সুযোগ পাইছো য'ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।" এই অনুভৱ অসমৰে এখন অখ্যাত বাগিচাৰ শ্ৰমিক দম্পতীৰ কন্য়াৰ ।
এই যুৱতীগৰাকী হৈছে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ মাটিয়া পাহাৰ চাহ বাগিচাৰ হৰিলাল কুৰ্মী আৰু সুশিলা কুৰ্মীৰ কন্যা কল্পনা কুৰ্মী । হৰিলাল কুৰ্মী আৰু সুশিলা কুৰ্মীৰ কন্যা কল্পনা কুৰ্মীয়ে কোনো দিনেই কোনো বিশেষ মঞ্চত নৃত্য প্ৰদৰ্শনৰ সুযোগ লাভ কৰা নাই যদিও এইবাৰ পোনপটীয়াকৈ অংশীদাৰ হ'বলৈ গৈ আছে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে আয়োজন কৰা ঝুমুৰ নৃত্যত । সেয়াও অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত । হয়, বিহু নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ আয়োজন কৰিছে চাহ জনজাতীয় লোকৰ অন্যতম পৰম্পৰাগত ঝুমুৰ নৃত্যৰ ।
আহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পস্থলীত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশ্ব ৰেকৰ্ড গঢ়ৰ বাবে অনুষ্ঠিত হ'ব ঝুমুৰ নৃত্য । ৰাজ্যৰ ৮ হাজাৰ শিল্পীয়ে একেলগে অংশগ্ৰহণ কৰিব বিশ্ব ৰেকৰ্ডৰ বাবে আয়োজন কৰা ঝুমুৰ নৃত্যত । এই ৮ হাজাৰ শিল্পীৰ মাজতে নৃত্য প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে নগাঁও জিলাৰে অখ্যাত মটিয়া পাহাৰ চাহ বাগিচাৰ শ্ৰমিক দম্পতীৰ কন্যা কল্পনা কুৰ্মীয়ে । কোনো দিনেই ঝুমুৰ নৃত্যৰ আনুষ্ঠানিক শিক্ষাৰ সুযোগ নোপোৱা কল্পনা কুৰ্মী বিশ্ব ৰেকৰ্ডৰ বাবে হ'বলগীয়া নৃত্যৰ বাছনিত ইতিমধ্যেই নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে কল্পনাৰ লগতে পিতৃ- মাতৃৰ তথা বাগিচাখনৰ লোকসকল । অৱশ্যে অঞ্চলটোৰ পৰা ঝিনা বাউৰী নামৰ আন এগৰাকী শিল্পীও বাছনি হৈছে ।
![PREPARATIONS FOR JHUMUR DANCE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-02-2025/nagaonteagardengirlvis_11022025180906_1102f_1739277546_895.jpg)
বিশ্ব ৰেকৰ্ডৰ বাবে আয়োজন কৰা ঝুমুৰ নৃত্যৰ বাবে নিৰ্বচিত হৈ ইতিমধ্যেই চৰকাৰীভাৱে হৈ যোৱা প্ৰশিক্ষণ সামৰি সাজু হোৱা কল্পনা কুৰ্মীয়ে ই টি ভি ভাৰতৰ আগত নিজৰ অনভৱ ব্যক্ত কৰে এইদৰে, "নিজৰ জনগোষ্ঠীৰ এটা সংস্কৃতি বিশ্ব দৰবাৰত উজলি উঠিব এয়াই মোৰ বাবে এক অন্যতম গৌৰৱৰ বিষয় । তদুপৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ লোৱা ঝুমুৰ নৃত্যত মোৰ দৰে এজনী ছোৱালীয়ে অংশগ্ৰহণ কৰিবলৈ সুযোগ পেৱাটো হয়তো হ'ব মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি । আমাৰ জনগোষ্ঠীৰ সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই অনুষ্ঠানৰ অতিথি হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰিছো ।"
সময় উলিয়াই ম'বাইলতে ঝুমুৰ নৃত্য চাওঁ :
এনে এক অনুষ্ঠানত সুযোগ লাভ কৰাৰ বাবে স্থানীয় বিধায়ক জিতু গোস্বামীকো ধন্যবাদ জ্ঞাপন কৰে কল্পনা কুৰ্মীয়ে । তেওঁ লগতে বিশ্ব ৰেকৰ্ডৰ বাবে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে প্ৰস্তুত কৰি তোলা জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত তথা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষক মংগল নায়ককো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । লগতে হাজাৰ হাজাৰ শিল্পীৰ সৈতে একেলগে নৃত্য প্ৰদৰ্শনৰ সুযোগ লাভ কৰাক লৈ গৌৰৱান্বিত হোৱা বুলি উল্লেখ কৰি কল্পনা কুৰ্মীয়ে কয়, "মই ঝুমুৰ নৃত্যৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই । কিন্তু আমাৰ অঞ্চলত অনুষ্ঠিত হোৱা কৰম পূজাত প্ৰায়েই ভাগ লৈ ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰো । অৱশ্যে ঘৰতো কেতিয়াবা মোবাইল চাই অকলে নাচি থাকো যদিও ঝুমুৰ অকলশৰীয়াকৈ অনুশীলন কৰাটো সম্ভৱ নহয় । ঘৰৰ পৰা প্ৰায় দহ কিলেমিটাৰ নিলগৰ মহাবিদ্যালয়ত অধ্যায়নৰ বাবে যাবলগীয়া হয়, মা-দেউতা কামত থাকে, ঘৰৰ কামো মই চম্ভালিবলগীয়া হয় । তাৰ মাজতে কেতিয়াবা সময় উলিয়াই ম'বাইলতে ঝুমুৰ নৃত্য চাওঁ ।"
![PREPARATIONS FOR JHUMUR DANCE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-02-2025/nagaonteagardengirlvis_11022025180906_1102f_1739277546_251.jpg)
কল্পনা কুৰ্মীৰ দৈনিক জীৱনৰ কৰ্মসূচী :
চাহ বাগিচাৰ শ্ৰমিক দম্পতীৰ কন্যা কল্পনা কুৰ্মী চামগুৰিৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যায়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী । দৈনিক মহাবিদ্যালয়ত পাঠগ্ৰহণ কৰা কল্পনাই পুৱাই উঠি ঘৰুৱা কামত মাকক সহযোগ কৰাৰ উপৰি মাতৃ বাগিচাৰ কামলৈ ওলাই যোৱাৰ পাছত ঘৰৰ সকলো কামেই নিজে সম্পন্ন কৰিবলগীয়া হয় । ঘৰখনৰ একমাত্ৰ কন্যা কল্পনা কুৰ্মীৰ দুজন ভাতৃ আছে যদিও পেটৰ তাড়নাত এজন বহিঃৰাজ্যত আছে । আন এজন ভাতৃ ঘৰতে থাকে যদিও ঘৰখনৰ সমস্ত দায়িত্ব নিজেই চম্ভালিবলগীয়া হয় কল্পনা কুৰ্মীয়ে । ঘৰুৱা দায়িত্ব, শিক্ষাৰ সমান্তৰালকৈ সাংস্কৃতিক ক্ষেত্ৰখনতো নিজকে আগুৱাই নিয়াৰ এক সংগ্ৰাম অব্যাহত ৰাখিছে কল্পনা কুৰ্মীয়ে ।
পিতৃ হৰিলাল কুৰ্মীৰ অনুভৱ :
ঝুমুৰ নৃত্যত কন্যা অংশগ্ৰহণৰ বাবে বাছনি হোৱাত গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি পিতৃ হৰিলাল কুৰ্মীয়ে কয়, "মোৰ ছোৱালী ইমানদূৰ আগুৱাই যাব বুলি ময়ো ভবা নাছিলো । প্ৰধানমন্ত্ৰীৰ সন্মুখত মোৰ ছোৱালীয়ে নাচিবলৈ পালে ইয়াতকৈ আৰু ভাগ্যৱান কি হ'ব পাৰে । মোৰ ছোৱালীক ঝুমুৰ নৃত্যৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ দিব পৰা নাই ।" এনে এক সুযোগ দিয়া বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক জিতু গোস্বামীৰ লগতে প্ৰশিক্ষক মংগল নায়কক ধন্যবাদ জ্ঞাপন কৰে কল্পনা কুৰ্মীৰ পিতৃ হৰিলাল কুৰ্মীয়ে ।
![PREPARATIONS FOR JHUMUR DANCE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-02-2025/nagaonteagardengirlvis_11022025180906_1102f_1739277546_980.jpg)
কি কয় প্ৰশিক্ষক মংগল নায়কে ?
বিশ্ব ৰেকৰ্ডৰ বাবে আয়োজন কৰা ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিবলগীয়া ৮ হাজাৰ শিল্পীৰ ভিতৰত নগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ পৰা ২২৫ গৰাকী শিল্পীক নিৰ্বাচিত কৰা বুলি ই টি ভি ভাৰতক জানিবলৈ দিয়ে প্ৰশিক্ষক মংগল নায়কে । ইয়াৰ মাজৰে অখ্যাত এলেকা মাটিয়া পাহাৰৰ কল্পনা কুৰ্মীয়ো বাছনি হোৱাটো অত্যন্ত ভাল খবৰ বুলিয়েই উল্লেখ কৰি কয়, "পিছপৰা বাগিচাৰ শিল্পীসকলে ঝুমুৰ নৃত্য কৰিছিল যদিও বিশেষভাৱে পাৰ্গত নাছিল । পৰৱৰ্তী সময়ত এইসকলক প্ৰশিক্ষণ দিয়া হৈছে । এই মেগা ঝুমুৰৰ পৰা বাগিচাৰ সন্তানক ঝুমুৰ নৃত্যৰ অভিজ্ঞতা গঢ় দিয়াৰ লগতে এই নৃত্যৰ সকলো দিশ প্ৰতিপন্ন কৰিব ।"