ETV Bharat / state

পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ সাজু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ - ASSAM STATE SCHOOL EDUCATION BOARD

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত কি কি ব্যৱস্থা থাকিব পৰীক্ষা কেন্দ্ৰৰ এলেকাত ?

HSLC-HS Exam 2025
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 10:53 PM IST

গুৱাহাটী: চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । দুয়োটা পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সাৱধানতা অৰু সুৰক্ষামূলক এলানি ব্যৱস্থা গ্রহণ কৰিছে ।

পূৰ্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটাই গঠন কৰা নতুন শিক্ষা পৰিষদে এইবাৰ প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননীত সবিশেষ উল্লেখ কৰা হৈছে ।

কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা ?

হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ'ব । ৰাজ্যৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । তাৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব । আনহাতে, উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব । ৰাজ্যৰ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । তাৰ ভিতৰত ১,৪৪,৪৬৩ জন ছাত্ৰ আৰু ১,৬২,৩৭৮ গৰাকী ছাত্ৰী ।

পৰীক্ষা প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে দুখন নিৰীক্ষণ সমিতি গঠন :

পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ বাবে এইবাৰ শিক্ষা পৰিষদে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে এলানি কঠোৰ সুৰক্ষামূলক ব্যৱস্থা সাজু কৰিছে । পৰীক্ষা প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি আৰু প্ৰতিখন জিলাত একোখন জিলা পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি গঠন কৰা হৈছে । ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে জিলাসমূহত পৰীক্ষা সম্পর্কীয় সকলো দিশ চোৱা-চিতা কৰিব । বিশেষকৈ প্রশ্নকাকত আৰু অ'এম আৰ শ্বীট প্ৰেৰণ কৰা আৰু থানা বা আৰক্ষী চকীত ৰখাৰ সময়ত কৰিবলগা সুৰক্ষাৰ দিশটোৰ ওপৰত চকু ৰাখিব ।

কি কি ব্যৱস্থা থাকিব পৰীক্ষা কেন্দ্ৰৰ এলেকাত :

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা (পূৰ্বৰ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা ) বলবৎ কৰা হ'ব । প্ৰতিজন পৰীক্ষাৰ্থীক পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে তালাচী চলোৱা হ'ব । নিৰীক্ষক, ছুপাৰভাইজিং বিষয়া (এছ অ'), তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী-কোনোৱে ম'বাইল ফোনসহ পৰীক্ষাকেন্দ্ৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব । প্রত্যেক পৰীক্ষাকেন্দ্ৰত পৰীক্ষাৰ দিনা স্থায়ী আৰক্ষীৰ গোট নিয়োজিত কৰা হ'ব । আৰক্ষী থানা/চকীসমূহত প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰাৰ সময়ত ভাৰপ্ৰাপ্ত বিষয়াসকলে পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষকৰ উপস্থিতি নিশ্চিত কৰিব লাগিব ।

প্রশ্নকাকতৰ প্ৰতিটো টোপোলা পৰীক্ষা কৰিব :

প্রতিদিনৰ পৰীক্ষাৰ বাবে নির্দিষ্ট বিষয়ৰ বাহিৰে যাতে আন বিষয়ৰ প্ৰশ্নৰ টোপোলা খোলা নহয়, তাক নিশ্চিত কৰিব লাগিব । আনহাতে, প্রতিটো পৰীক্ষা কেন্দ্রত প্রশ্নকাকতৰ পেকেট খোলাৰ সময়ত নিৰীক্ষণকাৰী বিষয়াজন উপস্থিত থাকিব লাগিব । প্রতিটো কোঠাত শিক্ষার্থীৰ সন্মুখত প্ৰশ্নকাকতৰ পেকেট খুলিব লাগিব । এই ব্যৱস্থাৱলী সন্দৰ্ভত শিক্ষা পৰিষদে ইতিমধ্যে সকলো জিলা প্রশাসন পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়ক আদিৰ সৈতে আলোচনা-পর্যালোচনা কৰিছে আৰু যাৱতীয় নির্দেশনা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:সুকলমে HSLC আৰু HS পাতিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষক সাক্ষাৎ আছুৰ - ASSAM STATE SCHOOL EDUCATION BOARD

উচ্চতৰ মাধ্যমিকৰ ১২ টা বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি হ'ব নতুন - HS NEW QUESTION PAPER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.