তিনিচুকীয়া: আলহী পক্ষীৰে ভৰি থকা মটাপুং মাগুৰী বিলে হাত বাউলি মাতিছে দেশী-বিদেশী পৰ্যটকক । বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত মটাপুং মাগুৰী বিললৈ শীতৰ আগমনৰ লগে লগে আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ পৰা আলহী পক্ষীৰ । দেশী-বিদেশী পক্ষীৰ কোলাহলত প্ৰাণচঞ্চল হৈ পৰিছে পক্ষীবিল মটাপুং মাগুৰী বিল ।
জৈৱ-বৈচিত্ৰৰে ভৰপূৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা প্ৰায় ১০ কিল'মিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি আগমন ঘটিছে দেশী-বিদেশী অসংখ্য চৰাই-চিৰিকতিৰ । বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰা বিলখনলৈ বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে । স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ হয় ।
মটাপুং-মাগুৰী বিলত প্ৰায় ৩০০ টাতকৈ অধিক প্ৰজাতিৰ চৰাই আৰু হাঁহ বিচৰণ কৰাৰ তথ্য পঞ্জীয়ন হৈছে । আনকি বিলখনত বিভিন্ন প্ৰজাতিৰ মাছ আৰু প্ৰায় ৬ টা প্ৰজাতিৰ কাছও পোৱা যায় । বিগত বৰ্ষত পৃথিৱী বিখ্যাত পৰিভ্ৰমী চৰাই 'মেনডাৰিণ ডাক' বিলখনত দেখা পোৱা গৈছিল । এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটক আহি উপস্থিত হয় মতাপুং-মাগুৰী বিলত ।
বিলখনক শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে । প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত তথা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তিনিচুকীয়া জিলা সদৰৰ নিচেই কাষত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূব দিশত থকা মাগুৰী বিলখনত উপলব্ধ প্ৰচুৰ পৰিমাণৰ মাছ-পুঠিক লৈ ইয়াৰ নিকটৱৰ্তী গঞাই জীৱন-নিৰ্বাহ কৰি আহিছে ।
অলেখ প্ৰজাতিৰ চৰাই-চিৰিকতিৰ বিচৰণৰ মাজতে স্থানীয় গঞাৰ মৎস চিকাৰৰ বিৰল দৃশ্যই বিলখনৰ মাধুৰ্য বৃদ্ধিত অৰিহণা যোগাইছে । দীৰ্ঘদিনৰ পৰা গাঁৱৰ কিছুসংখ্যক সচেতন লোক আগবাঢ়ি আহি প্ৰকৃতিপ্ৰমীয়ে নিঃস্বাৰ্থভাৱে বিলখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আহিছে । বিগত তিনি-চাৰিবছৰ আগলৈকে পাঁচ-ছয়হেজাৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী হাঁহ দেখিবলৈ পোৱা বিলখনত সম্প্ৰতি কিছু পক্ষীৰ সংখ্যা কমি আহিছে ।
সমগ্ৰ বিলখন মেটেকা, ভেটফুল, পদুম ফুলেৰে পৰিপূৰ্ণ হৈ পৰিছে । বিলখনৰ চাৰিওকাষে থকা গাঁওসমূহৰ প্ৰায় ২০ শতাংশ লোকে জীৱন নিৰ্বাহৰ বাবে পোনপটীয়াকৈ এই মাগুৰী বিলৰ ওপৰতে নিৰ্ভৰশীল । এই লোকসকলে বিলৰ মাছ-পুঠি মাৰি বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে । মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন'ছ বাবলাৰ, ছোৱাম্প ফ্ৰিনকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ চাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ পৰা পক্ষী নিৰীক্ষকসকল আহি ইয়াত উপস্থিত হয় ।
এই ঘাঁহনিত পোৱা বহুতো চৰাই পৃথিৱীৰ অন্য স্থানত পোৱা নাযায় যিটো কাৰণে পৰ্যটকৰ বিশেষ আকৰ্ষণ হৈ পৰে মটাপুং মাগুৰী বিল । সমান্তৰালভাৱে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ২২ টাকৈ বিলুপ্তপ্ৰায় হলৌ বান্দৰ চাবলৈও অঞ্চলটো ভৰি পৰিছে দেশী-বিদেশী পৰ্যটক । বাৰেকুৰিৰ হলৌ বান্দৰ আৰু বাৰেকুৰিবাসীৰ মাজত থকা সম্পৰ্কই মুহিছে পৰ্যটকসকলক । নিজৰ ঘৰৰ বাবে ৰখা ফলমূল হলৌ বান্দৰক খাবলৈ দিয়াৰ লগতে বনৰীয়া হলৌ বান্দৰ মানুহৰ বাৰীত ঘৰচীয়া জীৱ-জন্তুৰ দৰে দীৰ্ঘদিনৰ পৰা বাস কৰি অহা কাৰ্যই সকলোৰে মন মুহিবলৈ সক্ষম হৈছে ।
শেহতীয়াকৈ বাৰেকুৰিৰ হলৌ বান্দৰ, মটাপুং মাগুৰী বিলত পক্ষীৰে ভৰি থকা দৃশ্য, বাৰেকুৰিৰ কমলা, বাৰেকুৰি ফুটবল খেল তথা জৈৱিক বৈচিত্ৰই এক পৰ্যটনকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে । পৰ্যটক তথা সচেতন লোকসকলৰ আহ্বান- চৰকাৰ তথা পৰ্যটন বিভাগে যদি কিছু এইক্ষেত্ৰত গুৰুত্ব দিয়ে বাৰেকুৰি অঞ্চলটোৱে পৰ্যটনৰ ক্ষেত্ৰখনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ’ব ।