গুৱাহাটী: উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়েৰে অসমৰ ক্ৰীড়া জগতৰ মান ৰাখিলে বক্সাৰ লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৱে । শুকুৰবাৰৰ দিনটো উত্তৰাখণ্ডৰ ডেৰাডুন চহৰত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ বাবে আছিল তুলনামূলকভাৱে এটা ভাল দিন । দিনটোত দেশৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱত অৱশেষত অসমে দুটাকৈ স্বৰ্ণপদকৰ মুখ দেখিবলৈ সক্ষম হয় ।
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনা অসমে দুটাকৈ স্বৰ্ণপদক লাভ কৰে । এই দুয়োটা পদকেই আহিছে বক্সিঙত । লাভলীনা বৰগোঁহায়ে ৭৫ কেজি শাখাত আৰু অংকুশিতা বড়োৱে ৬৬ কিলোগ্ৰাম শাখাত শুকুৰবাৰে সোণৰ পদক জয় কৰে ।
অসমৰ দু্ৰ্বল প্ৰদৰ্শনৰ মাজতে দুটাকৈ সোণৰ পদক
উল্লেখ্য যে শুকুৰবাৰৰ দিনটোলৈ উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ প্ৰদৰ্শন আছিল সামগ্ৰিকভাৱে দুখজনক । বৃহস্পতিবাৰৰ পদক তালিকা অনুসৰি অসমৰ স্থান আছিল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ৩২ খন ৰাজ্য আৰু সংগঠনৰ ভিতৰত ২৯ নম্বৰত ৷ ১২ টা ৰূপৰ পদক, ৯ টা ব্ৰঞ্জৰ পদকেৰে বৃহস্পতিবাৰলৈ অসমে মুঠ ২১ টা পদক লাভ কৰিছিল ৷
শুকুৰবাৰৰ দিনটো অসমৰ বক্সাৰৰ দিন
ৰাষ্ট্ৰীয় ক্ৰীড়াত শুকুৰবাৰৰ দিনটো অসমৰ বক্সাৰৰ দিন । অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰে অংকুশিতা বড়োৱে । অংকুশিতাই ৬৬ কেজি শাখাত উত্তৰাখণ্ডৰ কাজল নামৰ বক্সাৰগৰাকীক ৫-০ ব্যৱধানত পৰাস্ত কৰে । অংকুশিতা বড়োৰ এয়া হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াত ক্ৰমাগত তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় ৷
আনহাতে, লাভলীনা বৰগোঁহায়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে চণ্ডীগড়ৰ প্ৰাঞ্চু ৰাথোৰক ৫-০ ব্যৱধানৰ জয়েৰে পৰাভূত কৰি স্বৰ্ণপদক লাভ কৰে । ২০২২ চনতো অলিম্পিক বিজয়ী লাভলীনাই গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিছিল সোণৰ পদক ।
ইফালে অলিম্পিয়ান বক্সাৰ শিৱ থাপাই ৪-৩ ব্যৱধানত কাণে কাণ মাৰি পুৰুষৰ ৬৩.৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে । শিৱ থাপাই ছাৰ্ভিচেছ স্পৰ্টছ চেণ্ট্ৰেল বোৰ্ডৰ বনচাজ নামৰ বক্সাৰজনক পৰাজিত কৰি লাভ কৰে এই পদক । লগতে নৱাগত অভিনৱ শইকীয়ায়ো ৰূপৰ পদক জয় কৰে ।
উৎফুল্লিত ভাৰতীয় বক্সিং সন্থাৰ সচিবপ্ৰধান
অসমৰ খেলুৱৈৰ এই সফলতাত উৎফুল্লিত হৈছে ভাৰতীয় বক্সিঙৰ সচিবপ্ৰধান অসমৰ হেমন্ত কলিতা । এই প্ৰসংগত কলিতাই কয়, “নেচনেল গেমছৰ বক্সিং ইভেণ্টত অসমৰ বক্সাৰসকলে অত্যন্ত ভাল প্ৰদৰ্শন কৰিলে । অসমৰ লাভলীনা বৰগোঁহাই, অংকুশিতা বড়োৱে গ'ল্ড মেডেল পালে । শিৱ থাপা আৰু অভিনৱ শইকীয়াই ছিলভাৰ মেডেল পালে । আইকন মিলিয়ে ব্ৰঞ্জ মেডেল পালে । মুঠ পাঁচটা মেডেল পালে । দুটা গ'ল্ড, দুটা ছিলভাৰ আৰু এটা ব্ৰঞ্জ । আমাৰ কাৰণে অত্যন্ত ভাল এটা ৰিজাল্ট বক্সিঙৰ কাৰণে । আপোনালোকক আৰু এটা কথা জনাবলৈ বিচাৰিছো যে অংকুশিতা বড়োৱে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে গ'ল্ড মেডেল অৰ্জন কৰিলে । গুজৰাট, গোৱা আৰু শেহতীয়াকৈ উত্তৰাখণ্ডত গ'ল্ড মেডেল পালে । কংগ্ৰেচুলেচন টু অংকুশিতা বড়ো । আমি শিৱ থাপা আৰু অভিনৱ শইকীয়াৰ পৰাও গ'ল্ড মেডেল আশা কৰিছিলো । অত্যন্ত ভাল খেলিছে দুয়োজন বক্সাৰে । হৰা-জিকা থাকেই । তথাপি দুয়োকে আমি কংগ্ৰেছুলেট কৰিছো ।”
অধিক পদকৰ আশা
বৰ্তমানলৈকে ২ টা স্বৰ্ণৰে মুঠ ২৫ টা পদকতে সীমাবদ্ধ থাকিবলগীয়া হোৱা অসমে আন কেইবাটাও ইভেণ্টত পদক লাভ কৰাৰ সম্ভাৱনা আছে । ১৪ ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে স্পৃণ্টাৰ অম্লান বৰগোহাঁই, টাইকোৱানডোৰ ৰ'দালী বৰুৱা, লনবল দল আৰু জুডোত পদক লাভ কৰাৰ সম্ভাৱনা আছে বুলি পূৰ্বৰ প্ৰদৰ্শনৰ পৰা আশা কৰা হৈছে ।
আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ তেজপুৰৰ ৰ'দালী বৰুৱাই ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ৰীড়াত নিজৰ পদক নিশ্চিত কৰিছে । প্ৰদৰ্শন একে থাকিলে ৰ’দালী বৰুৱাই স্বৰ্ণপদক লাভ কৰাৰ সম্ভাৱনা আছে ।
পদক তালিকাৰ এক অৱলোকন
শুকুৰবাৰৰ বিয়লিলৈকে ছাৰ্ভিচেছ স্পৰ্টছ চেণ্ট্ৰেল বোৰ্ডে লাভ কৰিছে সৰ্বোচ্চ পদক । দলটোৱে ৩৪ টা সোণৰ পদক, ১৩ টা ৰূপৰ আৰু ১২ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৫৯ টা পদক লাভ কৰিছে ।
আনহাতে, ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থানত আছে কৰ্ণাটক। কৰ্ণাটকে ৩০ টা স্বৰ্ণ, ১১ টা ৰূপ ১৫ টা ব্ৰঞ্জসহ মুঠ ৫৬ টা পদক অৰ্জন কৰিছে ।
শুকুৰবাৰৰ পদক তালিকা
শুকুৰবাৰে সামান্য উন্নত হয় অসমৰ পদক তালিকা । ২৯ নম্বৰ স্থানৰ পৰা পৰা পদক তালিকাৰ দ্বাদশ স্থানলৈ উন্নীত অসম ৷ এই পৰ্যন্ত অসমে ২ টা স্বৰ্ণ, ১৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৫ টা পদক লাভ কৰিছে ।