ETV Bharat / state

উশাহ-বতাহ সকলোতে মাথো কৃষ্ণ বন্দনা... দুশটা চৌকাত ২৪ ঘণ্টাত উতলিছে ৭ টনকৈ চাউল - SANKARDEV SANGHA JORHAT SESSION

এদিনত ১ টন দাইল, ডেৰ কুইণ্টল নিমখ, এহাজাৰ লিটাৰ মিঠাতেল, ৩.৫ মেট্ৰিক টন পাচলি ...।

Sankardev Sangha Jorhat session
শংকৰদেৱ সংঘৰ অধিৱেশনত এদিনত কিমান ভক্তই খাদ্য গ্ৰহণ কৰে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 10:15 PM IST

যোৰহাট : চাৰিদিনীয়া কাৰ্যসূচীৰে যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শুকুৰবাৰে আছিল দ্বিতীয়টো দিন । গুৰুজনাৰ বাণীৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । জনসমুদ্ৰৰে এক সমন্বয়স্থলীলৈ পৰ্যৱসিত হৈছে এই সোণাৰাম চুতীয়া ক্ষেত্ৰ ।

অধিৱেশনত সমাগম ঘটা ভক্তসকলক আপ্যায়নৰ বাবে প্ৰয়োজনীয় সিদ্ধ বনাবলৈ আৰু পৰিবেশন কৰিবলৈ বৃহৎ আকাৰৰ ৰন্ধনশাল আৰু ভোজনালয় আছে । আনহাতে, ৰন্ধনশালৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুতৰ বাবে বৃহৎ আকাৰৰ খাদ্য ভঁৰাল তৈয়াৰ কৰা হৈছে ।

শংকৰদেৱ সংঘৰ অধিৱেশনত এদিনত কিমান ভক্তই খাদ্য গ্ৰহণ কৰে ? (ETV Bharat Assam)

এই খাদ্য ভঁৰালত উভৈনদী কৰি ৰখা হৈছে চাউলৰ পৰা আদি কৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী । ইয়াৰ পৰাই ৰন্ধনশাললৈ যোগান ধৰা হয় প্ৰয়োজনীয় খাদ্য সামগ্ৰী । এই খাদ্য সামগ্ৰীৰ দায়িত্বত থকা সভাপতিৰ লগতে তেওঁৰ সহযোগীসকলে দিন-ৰাতি একাকাৰ কৰি ২৪ ঘণ্টাই কাম কৰি আছে ।

Sankardev Sangha Jorhat session
মজুত কৰা খাদ্য সামগ্ৰী (ETV Bharat Assam)

কিমান সাঁজ খাদ্যৰ ব্যৱস্থা কৰিছে খাদ্য সমিতিয়ে

উত্তৰ-পূব ভাৰতৰ ভকত বৈষ্ণৱসকলক সেৱা কৰিব বাবে অধিৱেশনৰ চাৰিটা দিনত মুঠ ৮ সাঁজ সিদ্ধৰ ব্যৱস্থা কৰা হৈছে । দিনটোৰ দুটা সাঁজৰ ভিতৰত এটা সাঁজত ৫০ হাজাৰকৈ মুঠ ১ লাখ ভক্তই সিদ্ধ গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

কেন্দ্ৰীয় ভঁৰালৰ দায়িত্বত থকা সভাপতিগৰাকীয়ে জনোৱা মতে, এটা দিনত ভকত-বৈষ্ণৱৰ খাদ্যৰ বাবে ৭ টন চাউল, ১ টন দাইল, এহাজাৰ লিটাৰ মিঠাতেল, ডেৰ কুইণ্টল নিমখ আৰু ৩.৫ মেট্ৰিক টন শাক-পাচলিৰ প্ৰয়োজন হয় । ইয়াৰ লগতে অন্যান্য সামগ্ৰীও প্ৰয়োজন অনুসৰি লাগে । এইসমূহ ৰান্ধিবলৈ ২৪ ঘণ্টাই জ্বলিছে দুশটা চৌকা ৷

Sankardev Sangha Jorhat session
মজুত কৰা পাচলি (ETV Bharat Assam)

প্ৰতিদিনে কিমান খাদ্য সামগ্ৰীৰ প্ৰয়োজন

এই সন্দৰ্ভত কেন্দ্ৰীয় খাদ্য ভঁৰালৰ সভাপতিগৰাকীয়ে কয়, "আমাৰ এই অধিৱেশনস্থলীত আমি আঠ সাঁজ অন্ন আমাৰ উত্তৰ-পূব ভাৰতৰ পৰা অহা ভকত-বান্ধৱসকলক খুৱাব লাগিব । প্ৰতিদিনে দুটা সাঁজত আমাৰ এক লাখকৈ মানুহে খাব । ৫০ হাজাৰ দিনত আৰু ৫০ হাজাৰ ৰাতি । এইটো হ'ল প্ৰথমদিনা আৰু দ্বিতীয়দিনা । তৃতীয়দিনা আমাক চাউল লাগিব ৭ টন, দাইল লাগিব ১ টন, মিঠাতেল লাগিব এহাজাৰ লিটাৰ, নিমখ লাগিব ডেৰ কুইণ্টল আৰু পাচলি লাগিব ৩.৫ মেট্ৰিক টন । এনেই সাধাৰণতে ৭ টন চাউল লাগে, ৫০০ কেজি দাইল লাগে, ৮০ কেজি নিমখ লাগে আৰু প্ৰায় ১৫০ লিটাৰ মিঠাতেল লাগে আমাক । আমাক পাচলি লাগে ৩.২ মেট্ৰিক টন । এনেদৰে আমি আগবাঢ়িছো ।"

ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছে এই বিশাল পৰিমাণৰ খাদ্য ভাণ্ডাৰ

সভাপতিগৰাকীয়ে কয়, "ভকতসকলে আমাক দিছে । আৰু আমাৰ দাতা আছে । যোৰহাটৰ স্বনামধন্য ব্যৱসায়ী প্ৰফুল্ল গগৈ বাপে আমাক কাইলৈৰ কাৰণে অধিকাংশ আহাৰ দিছে । তাত তেখেতে উন্নতমানৰ দ্ৰব্য আমাৰ ভকতে খাবৰ কাৰণে দিছে । বাকী আমাৰ অজন্তা বাইদেউৰ সাঁজটো আজি ৰাতিলৈ আছে । তেখেতে ৭ টন চাউল, চাৰে তিনি টন পাচলি, ৫০০ কেজি দাইল দিছে ।"

লগতে পঢ়ক :ভকতক আপ্যায়নৰ বাবে ৫০০ ৰান্ধনীয়ে ৰান্ধিছে সিদ্ধ - SANKARADEVA SANGHA JORHAT SESSION
লগতে পঢ়ক :পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত গ্ৰাম্য সমাজৰ পৰম্পৰা - SANKARADEVA SANGHA JORHAT SESSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.