আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আজি ওপজা দিন - DR BHUPEN HAZARIKA

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 7:08 PM IST

thumbnail
ভূপেন হাজৰিকাৰ ওপজা দিনত শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

গুৱাহাটী, ৮ ছেপ্টেম্বৰ: মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকা সংস্কৃতিৰ ন্যাসৰ উদ্যোগত,অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগতো উদযাপন কৰা হয় 'সমন্বয় দিৱস' । দুদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰত উদযাপন কৰা হৈছে সুধাকণ্ঠৰ ওপজা দিন ।

সমান্তৰালকৈ এই বৰ্ষৰ পৰাই প্ৰস্তুতি চলিছে সুধাকণ্ঠৰ ওপজা দিনৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ । এই অনুষ্ঠানৰ আৰম্ভণিতে উত্তোলন কৰা হয় ৯৯খন পতাকা । মূল পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । উক্ত অনুষ্ঠানত শতবৰ্ষ উদযাপন তথা সুধাকণ্ঠ সন্দৰ্ভত মন্তব্য কৰি কন্ঠশিল্পী মনীষা হাজৰিকাই কয়, "শতবৰ্ষৰ যো-জা চলিছে । আমাৰ ন্যাসৰ তৰফৰ পৰা ভূপেন দাৰ জন্মদিন সমন্বয় দিৱস হিচাপে পালন কৰি তেওঁৰ সুবাস বিয়পাইছো । ভূপেন দাই সমন্বয়ৰ বাৰ্তালৈ পৃথিৱী ঘূৰি ফুৰিছিল । ভূপেন দাৰ সপোন আছিল অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ।"

লগতে পঢ়ক:টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - DR BHUPEN HAZARIKA

সুধাকণ্ঠলৈ সন্মান, প্ৰতিচ্ছবি অংকনেৰে গঢ়িলে ৰেকৰ্ড - Bhupen Hazarika

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.