ৰঙিয়া: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে ভবেন্দ্ৰ নাথ ডেকা । ৰঙিয়াৰ মুৰাৰাৰ নিবাসী ড৹ ভবেন্দ্ৰ নাথ ডেকাই বোকাখাত জিলা শাখাৰ ধৰ্মেশ্বৰ হাজৰিকা আৰু কাৰ্বি আংলঙৰ বিৰেণ বৰাক পৰাজিত কৰি ২০২৫-২০২৬ চনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হয় ।
দেওবাৰে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত সোমবাৰে নগাঁৱত ভোটগণনা সম্পন্ন হয় । উক্ত নিৰ্বাচনত ডেকাই ২৫৫৩ টা ভোট লাভ কৰাৰ বিপৰীতে ধৰ্মেশ্বৰ হাজৰিকাই লাভ কৰে ১৫০৩ টা ভোট ৷ আনহাতে বীৰেণ বৰাই লাভ কৰে ৫৬৫ টা ভোট । তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে আৰু সৰ্বমুঠ চতুৰ্থবাৰৰ বাবে সংঘৰ পদাধিকাৰৰ পদ অলংকৃত কৰে ৷
সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈ ভবেন্দ্ৰ নাথ ডেকাই আগন্তুক দিনত সংঘক নতুন দিশত আগুৱাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । গুৰুজনাৰ আদৰ্শ আৰু নীতি মানি জাতি-ধৰ্ম-নিৰ্বিশেষে প্ৰতিজন অসমীয়াকে ওলাই আহিবলৈ আহ্বান জনায় পদাধিকাৰগৰাকীয়ে ।
আনহাতে বিভিন্ন সময়ত সংঘৰ নাম বিতৰ্কত সাঙুৰ খোৱা সম্পৰ্কেও মন্তব্য কৰি নৱনিৰ্বাচিত পদাধিকাৰগৰাকীয়ে কয়, "সংঘ হৈছে এক গণতান্ত্ৰিক অনুষ্ঠান । গঠনমূলক সমালোচনাই সদায় আগুৱাই যাবলৈ সহায় কৰে । শংকৰদেৱ বিশ্ববিদ্যালয়ক আমি প্ৰতিষ্ঠা কৰিছো আৰু বিশ্ববিদ্যালয়খনক যাতে এখন আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব পাৰো, তাৰ প্ৰচেষ্টা কৰিম ৷"
উল্লেখ্য যে, ১৯৪৪ চনৰ ১ মে’ত নবুকা সত্র জন্মগ্ৰহণ কৰা ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ তেওঁ ৰঙিয়া মহাবিদ্যালয়ত ত্রিশ বছৰ শিক্ষকতা কৰাৰ লগতে ৭ বছৰ অধ্যক্ষ পদত কার্যনির্বাহ কৰি ২০০৪ চনত অৱসৰ গ্রহণ কৰে ৷ তেওঁ ১৯৮৩ চনৰ পৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ কার্যনির্বাহকৰ লগত জড়িত ৷
লগতে পঢ়ক: চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা