গুৱাহাটী : সাৱধান ! আৰ্ছেনিকযুক্ত পানীৰ বাবে হ'ব পাৰে গল-ব্লাডাৰৰ তথা পিত্তথলীৰ কৰ্কট ৰোগ । এই কথা আমি কোৱা নাই । এই কথা কৈছে গৱেষণাই । আৰ্ছেনিকযুক্ত পানী সেৱন কৰাৰ ফলত গল-ব্লাডাৰত কৰ্কট ৰোগ হোৱাৰ তথ্য গৱেষণাত পোহৰলৈ আহিছে ।
লক্ষণীয় বিষয় যে অসমত গল-ব্লাডাৰৰ কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । আনহাতে অসমৰ বহুকেইখন জিলাৰ পানীত পোৱা গৈছে অত্যাধিক মাত্ৰাত আৰ্ছেনিক । এই প্ৰেক্ষাপটত গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত কৰা গৱেষণাত ভয়াৱহ তথ্য পোহৰলৈ আহিছে ।
আৰ্ছেনিকযুক্ত পানী সেৱনৰ বাবে হ'ব পাৰে গল-ব্লাডাৰৰ কৰ্কট ৰোগ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহকাৰী চিকিৎসা অধীক্ষক ডাঃ মণিগ্ৰীভা কৃষ্ণাত্ৰেয়ৰ এক বিশেষ সাক্ষাৎকাৰ লোৱা হৈছিল ।
সাক্ষাৎকাৰত ডাঃ মণিগ্ৰীভা কৃষ্ণাত্ৰেয়ই গৱেষণাৰ বিভিন্ন দিশ সদৰী কৰে । আৰ্ছেনিকযুক্ত পানীৰ বাবেই গল-ব্লাডাৰৰ কৰ্কট ৰোগ বৃদ্ধি হোৱাৰ তথ্য গৱেষণাত পোহৰলৈ অহাৰ কথা সদৰী কৰি ডাঃ কৃষ্ণাত্ৰেয়ই কয়, "আৰ্ছেনিকৰ ক্ষেত্ৰত আমি এটা গৱেষণা কৰিছিলো । গল-ব্লাডাৰ কৰ্কট বুলি এটা কৰ্কট ৰোগ আছে ।’’
‘‘গৱেষণাত আমি দেখিছো যে খোৱাপানীত আৰ্ছেনিক বেছিকৈ থাকিলে গল-ব্লাডাৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা দুগুণলৈ বাঢ়ি যায় । আৰ্ছেনিকৰ ফলত ছালৰ ৰোগকে ধৰি আন বহু বেমাৰ হয় । গল-ব্লাডাৰ কৰ্কট ৰোগৰ ডাঙৰ সমস্যাটো হ'ল যে ইয়াৰ চিনাক্তকৰণ আগতীয়াকৈ নহয় । চিনাক্তকৰণ হোৱালৈকে বহুত দেৰি হৈ যায় ।’’ তেওঁ কয় ৷
ডাঃ কৃষ্ণাত্ৰেয়াই আৰু কয়, ‘‘গল-ব্লাডাৰ কৰ্কট ৰোগৰ আগতীয়া লক্ষণ দেখিবলৈ পোৱা নাযায় । গতিকে গল-ব্লাডাৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ হ'লে আমি আমাৰ খাদ্যাভাষ সলনি কৰিব লাগিব । খোৱাপানীক আৰ্ছেনিকমুক্ত কৰিব লাগিব । আমাৰ হস্পিটালত আৰ্ছেনিক বেছিকৈ পোৱা ১৯ খন জিলাৰ পৰাই বেছিকৈ গল-ব্লাডাৰ কৰ্কট ৰোগী আহে ।’’
‘‘সাধাৰণতে ৫০ৰ উৰ্দ্ধৰ মহিলাৰ ক্ষেত্রত গল-ব্লাডাৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায় । আৰ্ছেনিকযুক্ত পানী বেছিকৈ সেৱন কৰাৰ ফলত গল-ব্লাডাৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে ।" ডাঃ কৃষ্ণাত্ৰেয়াই কয় ৷
তেওঁ লগতে কয়, "কৰ্কট ৰোগৰ কিছুমান অন্যান্য কাৰক আছে । অসমত গল-ব্লাডাৰৰ কৰ্কট ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । খোৱাপানীত বিশেষকৈ আৰ্ছেনিকৰ পৰিমাণ বেছি থকাৰ কাৰণে এটা আশংকা দেখা গৈছে । অসমত মুঠ কৰ্কট ৰোগীৰ প্ৰায় ৯ শতাংশ গল-ব্লাডাৰৰ কৰ্কট ৰোগী । প্ৰাপ্তবয়স্ক বিশেষকৈ মহিলাসকলৰ মাজত গল-ব্লাডাৰ কৰ্কট ৰোগৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা যায় ।"
- অসমৰ বহুকেইখন জিলাৰ পানীত আছে মাত্ৰাধিক আৰ্ছেনিক :
কেন্দ্ৰীয় ভূ-জল পৰিষদে পৰীক্ষা কৰা অসমৰ ভূ-গৰ্ভৰ পানীৰ নমুনাৰ ২১টাত মাত্ৰাধিক পৰিমাণৰ মাৰাত্মক আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছিল । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিয়া এটা নিৰ্দেশৰ ভিত্তিত কেন্দ্ৰীয় ভূ-জল পৰিষদে এই পৰীক্ষা কৰিছিল ।
অসমকে ধৰি দেশৰ ২৫খন ৰাজ্যৰ ২৩০খন জিলাৰ ভূ-গৰ্ভৰ পানীত মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক আৰ্ছেনিক আৰু ২৭খন ৰাজ্যৰ ৪৬৯খন জিলাৰ পানীত মাত্ৰাধিক পৰিমাণে ফ্ল'ৰাইড থকা বিষয়ক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মূল বিচাৰপীঠে গ্ৰহণ কৰা এটা নিজাববীয়া গোচৰৰ ভিত্তিত কেন্দ্ৰীয় ভূ-জল পৰিষদে ২৫খন ৰাজ্যৰ ভূ-গৰ্ভৰ পানীৰ নমুনা পৰীক্ষা কৰিছিল ।
সেই অনুসৰি অসমৰ মুঠ ২৪৫টা ব্লকৰ পৰা ৪৪০টা ভূ-গৰ্ভৰ পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল । ইয়াৰে ১৪টা ব্লকৰ আৰু ২১টা নমুনাত মাত্ৰাধিক পৰিমাণৰ (প্ৰতি লিটাৰত ০.০১ মিলিগ্ৰামতকৈ বেছি) আৰ্ছেনিক ধৰা পৰা বুলি কেন্দ্ৰীয় ভূ-জল পৰিষদে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত প্ৰতিবেদন দাখিল কৰিছিল । পৰিষদৰ প্ৰতিবেদনত কোৱা হৈছে যে অসমৰ নমুনা সংগ্ৰহ কৰা ব্লকৰ ৬ শতাংশ ব্লকৰ পানী আৰু মুঠ নমুনাৰ ৫ শতাংশত মাত্ৰাধিক আৰ্ছেনিক ধৰা পৰিছে ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়া গোচৰ গ্ৰহণ কৰাৰ বাবে ভিত্তি হিচাপে লোৱা কেন্দ্ৰীয় ভূ-জল পৰিষদৰ পূৰ্বৰ প্ৰতিবেদনত অসমৰ ২১খন জিলাৰ ভূ-গৰ্ভৰ পানীত আৰ্ছেনিক আৰু ১৭ জিলাৰ পানীত ফ্ল'ৰাইড থকা বুলি উল্লেখ কৰিছিল । ইয়াৰ পৰা এটা কথা নিশ্চিত হৈছিল যে অসমৰ বহু জিলাৰ খোৱাপানীত আৰ্ছেনিকৰ উপস্থিতি আছে ।
তথ্য অনুসৰি বিশেষকৈ কাছাৰ, দৰং, গোলাঘাট, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ পানীত বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সীমাতকৈ আৰ্ছেনিকৰ পৰিমাণ অধিক পোৱা গৈছে ।
- খোৱাপানীত মাত্ৰাধিক আৰ্ছেনিকৰ উপস্থিতিকলৈ উদ্বেগ প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ :
স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰী অশোক সিংহলে এক পৰ্যালোচনা বৈঠকত মিলিত হৈছিল । এই পৰ্যালোচনাত ৰাজ্যৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰা, এন এইচ এমৰ মূল কাৰ্যসূচীসমূহ শক্তিশালী কৰা আৰু গুৰুত্বপূৰ্ণ জনস্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।
বৈঠকত মন্ত্ৰী সিংহলে অসমৰ বিভিন্ন জিলাৰ খোৱাপানীত আৰ্ছেনিক আৰু ফ্লুৰাইড অত্যাধিক মাত্ৰাত পোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সমস্যা সমাধানৰ বাবে এক বহু-বিভাগীয় পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে ।
মন্ত্ৰী সিংহলে স্বাস্থ্য বিভাগক জনস্বাস্থ্য কাৰিকৰী বিভাগ, জল জীৱন মিছন আদি অন্যান্য বিভাগৰ সৈতে সহযোগিতা কৰি এক ব্যাপক সমাধান কৌশল গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট যে ৰাজ্যৰ বিভিন্ন জিলাৰ খোৱাপানীত মাৰাত্মাক আৰ্ছেনিকৰ উপস্থিতি সম্পৰ্কে চৰকাৰ সম্পূৰ্ণৰূপে জ্ঞাত ।
- পূৰ্বৰ গৱেষণাতো পোৱা গৈছিল কেতবোৰ নতুন তথ্য :
আৰ্ছেনিকযুক্ত পানী আৰু গল-ব্লাডাৰৰ কৰ্কট ৰোগ সন্দৰ্ভত ২০২৩ চনতে কৰা গৱেষণাতো কেতবোৰ তথ্য পোহৰলৈ আহিছিল । সেই সময়ৰ গৱেষণাত আৰ্ছেনিকযুক্ত পানী কৰ্কট ৰোগৰ অন্যতম এটা কাৰণ হ'ব পাৰে বুলি তথ্য লাভ কৰা হৈছিল ।
বিশেষকৈ আৰ্ছেনিকযুক্ত পানী সেৱন কৰিলে গলব্লাডাৰ তথা পিত্তথলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে বুলি গৱেষণাত ধৰা পৰিছিল । সেই সময়ত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে লণ্ডন স্কুল অব হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন (London School of Hygiene and Tropical Medicine), পি এইচ ই (Public Health Engineering) আৰু নতুন দিল্লীৰ দীৰ্ঘম্যাদী ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, মহাবীৰ কৰ্কট সংস্থান আৰু খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সহযোগত গৱেষণামূলক অধ্যয়ন চলাইছিল ।
আৰ্ছেনিকযুক্ত পানীৰ ব্যৱহাৰ আৰু পিত্তথলীৰ কৰ্কট সন্দৰ্ভত চলোৱা অধ্যয়নত সেইসময়ত এই কথা পোহৰলৈ আহিছিল যে খোৱাপানীত আৰ্ছেনিকৰ মাত্ৰা অত্যধিক থাকিলে পিত্তথলীত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে । সেই সময়টো ইটিভি ভাৰতৰ তৰফৰ পৰা ডাঃ মণিগ্ৰীভা কৃষ্ণাত্ৰেয়ৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ।
- পানীত আৰ্ছেনিকৰ মাত্ৰা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা :
গৱেষণাৰ তথ্য অনুসৰি প্ৰতি লিটাৰত এক মাইক্ৰ'গ্ৰামতকৈ কম ভূগৰ্ভস্থ পানীত আৰ্ছেনিক ঘনত্ব থকা অঞ্চলত বাস কৰা বাসিন্দাসকলৰ তুলনাত প্ৰতি লিটাৰত ১ৰ পৰা ৮ মাইক্ৰ'গ্ৰামলৈকে আৰ্ছেনিকৰ ঘনত্ব থকা অঞ্চলত পিত্তথলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায় ।
সেইদৰে উচ্চ আৰ্ছেনিক স্তৰ থকা অঞ্চলত ইয়াৰ সম্ভাৱনীয়তা আৰু অধিক বৃদ্ধি পায় । অসমত পিত্তথলীৰ কৰ্কট ৰোগীৰ সংখ্যা যথেষ্ঠ বেছি । বিশেষকৈ মহিলাসকলৰ মাজত ইয়াৰ হাৰ সৰ্বাধিক । উদ্বেগৰ বিষয় যে মহিলাৰ গলব্লাডাৰ কৰ্কট ৰোগৰ ক্ষেত্রত কামৰূপ মহানগৰ জিলাত ৰোগীৰ সংখ্যা যথেষ্ট বেছি ।