ETV Bharat / state

অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে... - POBA RESERVE FOREST

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰৰ গাতে লাগি থকা বৰ্ষাৰণ্য পবা বনাঞ্চলখনে হাত বাউলি মাতে প্ৰকৃতিৰ বুকুত বিলীন হ’ব খোজাজনক...

Poba reserve forest a testimony to unparalleled natural beauty and rich biodiversity in assam
মনোৰম প্ৰাকৃতিক পবা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2024, 1:27 PM IST

জোনাই: উত্তৰ অসম তথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিত অৱস্থিত ধেমাজি জিলা জোনাই সম জিলা প্রাকৃতিক সৌন্দৰ্যৰে মনোৰম । ধেমাজি জিলা জোনাই মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা এক মাত্ৰ বৰ্ষাৰণ্য পবা বনাঞ্চলখন জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ । ১৯২৪ চনত ব্ৰিটিছৰ শাসন কালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে ।

ভ্ৰমণকাৰীৰ পছন্দৰ তালিকাত পবা

ধেমাজি জিলাৰ ভিতৰতে একমাত্র বাচি থকা বনাঞ্চল পবাত বিভিন্ন মূল্যৱান গছ-লতা, দুষ্প্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু ঔষধি গছ-লতাৰে সমৃদ্ধিশালী। চিয়াং নদীৰ সমীপতে অৱস্থিত বনাঞ্চলখন বিগত দুটা দশক আগৰ পৰাই পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে । তদুপৰি সম্প্ৰতি পবা বনাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা দেখা গৈছে । উল্লেখ্য, বর্তমান বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰিৱেশ অধ্যয়নক এক বিষয় হিচাপে অন্তর্ভুক্ত কৰি পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামুলক হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষাৰণ্য পবা বিভিন্ন ছাত্র-ছাত্রীৰ পৰিৱেশ অধ্যয়নৰ এক আদর্শ ক্ষেত্ৰ হৈ পৰিছে ।

এই বছৰত পবা বনাঞ্চলৰ তিনিমাইল খণ্ডত পৰিৱেশ অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ দল অধিক দেখা গৈছে । আনহাতে বিভিন্ন গাঁও আৰু অনুষ্ঠানৰ পৰ্যটকৰ দলে ইয়াত বনভোজ খাবলৈ আহে । বিশেষকৈ চিয়াঙৰ নৈসর্গিক সৌন্দর্যই পৰ্যটকক আকৰ্ষণৰ আন এক কাৰণ হৈ পৰিছে । বনাঞ্চলখনৰ তিনিমাইল খণ্ডটো চিয়াং নদীৰ সমীপতে হোৱাৰ বাবে ইয়াত বনভোজ খাবলৈ অধিক সুবিধা আছে । তিনিমাইল বনখণ্ড কার্যালয়খন জোনাই সদৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত ।

অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী পবা (ETV Bharat Assam)

কেনেকৈ যাব পাৰি পবালৈ ?

জোনাই সদৰৰ পৰা চিয়াং নদীলৈ যাবলৈ বাহিৰ জোনাই গড়কাপ্তানি পথেৰে দক্ষিণ দিশে তিনি কিলোমিটাৰ যোৱাৰ পিছত বাহিৰ জোনাই চাৰিআলি পাব । ইয়াৰ পৰা পুনৰ দক্ষিণ-পূব দিশে চিলে গাঁৱলৈ যোৱা পথেদি প্রায় তিনি কিলোমিটাৰ গ'লে তিনিমাইল বনখণ্ড কার্যালয়খন পাব পাৰি । ইয়াৰ দাঁতিতেই চিয়াং নদীখন বৈ গৈছে । চিয়াক অৱশ্যে স্থানীয় ৰাইজে লালী বুলিও কয় । পবা বনাঞ্চলৰ দাঁতিতেই চিয়াং নদীখন বৈ যোৱাত পৰিৱেশটো অধিক মনোৰম হৈ উঠে ।

কি কি সুবিধা উপলব্ধ পৰ্যটকৰ বাবে?

পৰা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে চিয়াঙৰ বুকুত নৌকা বিহাৰ কৰিব পাৰে । পবা বনাঞ্চলৰ অভ্যন্তৰত ভ্ৰমণ কৰিবলৈ বন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা পথেদি সোমাই যোৱাৰ সুবিধা আছে । আনহাতে পবা ভ্ৰমণ কৰিবলৈ লেকু খণ্ডতো তদ্রূপ সুবিধা আছে । অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা লেকু খণ্ডটো জনাইৰ পৰা পাছিঘাট যোৱাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত । ইয়াতো লেকু নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা আছে ।

জৈৱ-বৈচিত্ৰ্যৰে ভৰা পবাৰ বুকু

এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ'ল ইয়াত বিলুপ্তপ্রায় লাজুকী বান্দৰ আছে । লাজুকী বান্দৰ পৰাৰ অন্যতম সম্পদ বুলি ক'ব পাৰি । তদুপৰি পৰাত থকা অন্যান্য জীৱ-জন্তুসমূহৰ ভিতৰত হুগৰি পহু, বন গাহৰি, বন কুকুৰা, বান্দৰ, নেউল, সাপ, কেৰ্কেটুৱা, উদ, জ'হামাল, বনৰৌ, শিয়াল, ভেকুলি, জেঠী, ওই কেটেলা পহু আৰু সৰীসৃপ জাতীয় জীৱ আছে । এই বনাঞ্চলৰ আন এক বৈশিষ্ট হ'ল ইয়াত মাটিত গজা এবিধ কপৌফুল দেখিবলৈ পোৱা যায় । বসন্তকালত পৰাত নানান বঙী অর্কিদেৰে ভৰি পৰে ।

মূল্যবান গছ-গছনিৰ সেউজ আৱৰণেৰে আদৃত পবা

এই বনাঞ্চলত থকা গছ-গছনিসমূহৰ ভিতৰত শিলিখা, শিমলু, উনিয়াম, ঔটেঙা, শিলিখা, ভোমোৰা, এজাৰ, নাহৰ, বৰপাত, ভোলা, পাবলি, গমাৰী আদি আছে । ইয়াত ঔষধি গুণযুক্ত বনৰীয়া শাক পোৱা যায় । ইয়াৰ ভিতৰত নেফাফু, বিহলঙনি, মেছাকী, মেজেঙা, ডিমক, টিকনি বৰুৱা, চেংমৰা ইত্যাদি।ইফালে, চিয়াং নদীৰ দক্ষিণ দিশত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰাৰ পূব দিশত থকা দায়িং ইৰিং বন্যপ্রাণী উদ্যানৰ পৰা অহা বন্যহস্তীৰ দলে প্ৰায়ে পবা বনাঞ্চলত বিচৰণ কৰে ।

শীতকালত পৰিভ্ৰমী চৰাইৰ বিচৰণথলী

আনহাতে চিয়াঙৰ পাৰত পৰিভ্ৰমী পক্ষীও দেখিবলৈ পোৱা যায় । বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ চিয়াঙৰ পাৰত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় । ইয়াৰ ভিতৰত বৰটোকোলা, চিলনী, মাছৰোকা, ডাউক, হেটুলুকা, বালিমাহী, শগুণ ইত্যাদি পক্ষীদেখা যায় । পবাৰ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্ট আৰ্দ্ৰভূমিসমূহ অন্যতম । পবাত থকা বিল, জলাশয়, ডোবা, পিতনি, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ।

পবাক পৰ্যটন মানচিত্ৰত তুলি ধৰাৰ প্ৰয়াস

প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষা-সংৰক্ষণ তথা বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতিৰ দাবীৰ প্ৰতি অধিক জনমত গঠন আৰু পৰ্যটন উদ্যোগ বিকাশৰ উদ্দেশ্যে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পবা মহোৎসৱ । এইবেলি পবা বনাঞ্চলেত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ'ব দ্বিতীয় সংখ্যক পবা মহোৎসৱ । এই মহোৎসৱ উদযাপনৰ সন্দৰ্ভত বৃহস্পতিবাৰে পবা বনাঞ্চলৰ চিয়াং লালী নদীৰ তিনিমাইল ঘাটত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা ।

এই মহোৎসৱৰ আয়োজনৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা সভাত বিভিন্ন প্রকৃতি সংগঠন আৰু স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান, টি এম পি কেৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক আৰু প্ৰকৃতিৰপ্ৰেমী ৰাইজে উপস্থিত থাকে । আনহাতে, উক্ত ৰাজহুৱা সভাত সমল ব্যক্তি হিচাপে জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকি প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যখনক প্রাকৃতিক সম্পদ, জীব-বৈচিত্ৰ্যৰে অতিকৈ চহকী তথা ইতিহাস প্রসিদ্ধ এখন ঠাই বুলি উল্লেখ কৰে । শতিকা গৰকা পবা বনাঞ্চলৰ এই ঐতিহাসিক ক্ষণত শতবৰ্ষীয় তথা দ্বিতীয় পবা মহোৎসৱ উদযাপনৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ।

লগতে পঢ়ক: পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - World Tourism Day 2024 - WORLD TOURISM DAY 2024

পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba - RAIN FOREST POBA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.