ETV Bharat / state

নৱপ্ৰজন্মক আগুৱাই নিবলৈ হ’লে সংস্কৃত ভাষাই হৈছে উত্তম: গৌৰৱ গগৈ - ASSAM SAHITYA SABHA

অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি-সম্পাদকৰ কাষত সাংসদ গৌৰৱ গগৈ । নৱপ্ৰজন্মক লৈ উদ্বিগ্ন সাংসদ গগৈ ।

MP Gaurav Gogoi greets newly elected president and secretary of Assam Sahitya Sabha
অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি-সম্পাদকৰ কাষত গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 10:49 PM IST

যোৰহাট: বহু বিতৰ্কৰ মাজত দেওবাৰে ঘোষণা কৰা হয় অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতিৰ লগতে প্ৰধান সম্পাদকৰ নাম । সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল বিশিষ্ট সাহিত্যিক তথা গৱেষক ড৹ বসন্ত কুমাৰ গোস্বামী । তেওঁ ৪০৩ টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয় ।

৩৭ বছৰ পিছত অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক হিচাপে যোৰহাট পৰা দুজন ব্যক্তিয়ে আসন শুৱনি কৰিছে‌ । সভাপতি হিচাপে ভাষাবিদ ড৹ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক হিচাপে দেৱজিৎ বৰা নিৰ্বাচিত হয় । মঙলবাৰে সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী ঘৰত উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । তেওঁ সভাপতিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ।

অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি-সম্পাদকৰ কাষত গৌৰৱ গগৈ (ETV Bharat Assam)

ইয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈয়ে কয়, "তেওঁ যি ইচ্ছা আৰু সপোন লৈ আগবাঢ়ি যাব বিচাৰিছে, তেওঁ সেই সপোন পূৰণ হওক, এই যাত্ৰা কালত অসম সাহিত্য সভাৰ প্ৰতি মোৰ সমৰ্থন আৰু সহায় সহযোগিতা ৰাইজৰ প্ৰতিনিধি হিচাপে সদায় থাকিব ।" তেওঁ লগতে কয়, "আমি সংস্কৃত অধ্যয়নত আমি অধিক গুৰুত্ব দিব লাগে, তেতিয়া আমাৰ যুৱপ্ৰজন্মই ভাৰত ইতিহাস সম্পৰ্কে জানিব পাৰিব । লগতে বিজ্ঞানৰ প্ৰতি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিবলৈ হ’লে সংস্কৃত ভাষাই হৈছে উত্তম ।"

সাংসদগৰাকীয়ে লগতে কয়, "নৱপ্ৰজন্ম যি হাৰত মানসিক ৰোগত ভাৰাক্ৰান্ত হৈ গৈ আছে তাক লৈ মই খুবেই চিন্তিত । সেয়েহে নৱপ্ৰজন্মক উক্ত বেমাৰ পৰা মুক্তি দিবলৈ আমি কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসম চৰকাৰ ভূমিকা অধিক হ'ব লাগিব ।" উজনি অসম ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ বিষয়েও সোঁচ্চাৰ হৈ পৰে সাংসদ গৌৰৱ গগৈ ।

এই সন্দৰ্ভত তেওঁ কয়, "নিৰ্মাণ সম্পৰ্কত বিভিন্ন বিভাগৰ বিষয়া আৰু অভিযন্তাই ভুল তথ্য দিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক । ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোৱা সময়ত উজনি অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ নহয় ।" আনহাতে সাংসদ গৌৰৱ গগৈয়ে কয়, "২০২৪ চনত ৰাইজে মোক যি মৰম আৰ্শীবাদ দিলে ঠিক তেনেদৰে আহি থকা বৰ্ষটো পাম বুলি আশা কৰিলোঁ আৰু পূৰ্ণোদ্যমে ৰাইজৰ বাবে মই কাম কৰি যাম ।"

লগতে পঢ়ক: অসম সাহিত্য সভাৰ নতুন সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী - ASAM SAHITYA SABHA PRESIDENT

অসম সাহিত্য সভা দুৰ্নীতি শূন্য হ'ব : ড৹ বসন্ত কুমাৰ গোস্বামী - ASAM SAHITYA SABHA PRESIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.