গুৱাহাটী: ঘোষণা কৰা হৈছে 'প্ৰণৱ বৰুৱা শিল্পী বঁটা' । বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ আগবঢ়োৱা হৈছে ২০২৪ চনৰ ‘প্ৰণৱ বৰুৱা শিল্পী বঁটা’ । প্ৰখ্যাত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে । এইবাৰ চিত্রকলাৰ ক্ষেত্রখনত সুদীৰ্ঘ সময় ধৰি ব্ৰতী হৈ সুন্দৰৰ সাধনাৰে সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই অহা শিল্পী দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে।
উল্লেখ্য যে ২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্ৰহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্ৰহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শৰ্মা, কিৰণ শংকৰ, চম্পক বৰবৰা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্ৰ এম থেম, ত্ৰিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্ৰশিল্পী ৰখুমা, অৰুণাচল প্ৰদেশৰ চিত্ৰ ভাস্কৰ্য শিল্পী টাকাৰ ৰিবা আৰু নাগালেণ্ডৰ চিত্ৰশিল্পী বুদ্ধি থাপাক প্ৰদান কৰা হৈছে। এই বঁটাত আছে এটা সুদৃশ্য স্মাৰকৰ সৈতে এখন প্রশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা ।
২০২৪ চনৰ বাবে ‘প্ৰণৱ বৰুৱা শিল্পী বঁটা’ আগবঢ়োৱা হৈছে বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ । ১৯৫৮ চনত মাজুলীত জন্ম গ্ৰহণ দিলীপ তামুলীয়ে শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলা ভৱনৰ পৰা গ্ৰাফিক্স কলাৰ স্নাতকোত্তৰ ডিপ্ল’মা গ্ৰহণ কৰিছিল । এবছৰীয়া ললিত কলা গৱেষণা বৃত্তি লাভ কৰি নতুন দিল্লীত অধ্যয়ন কৰাৰ পাছত তেওঁ ৰয়েল ডেনিছ সাংস্কৃতিক বৃত্তি লাভ কৰি কপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমি অব আৰ্টত দুবছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।
গুৱাহাটীৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে ৰাজ্যখনৰ চিত্ৰকলাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে । অসম ফাইন আৰ্টছ এণ্ড ক্রাফট ছচাইটিৰ কাৰ্যকৰী সভাপতি হিচাপে কার্যনিৰ্বাহ কৰা শিল্পী দিলীপ তামুলীয়ে সুকুমাৰ কলাৰ সৃষ্টিশীল কার্যত নিজকে জড়িত কৰি সুন্দৰৰ সাধনাত ব্ৰতী হৈ আহিছে । দেশ-বিদেশৰ বহুসংখ্যক চিত্র প্রদর্শনী, চিত্ৰ কৰ্মশালা আৰু কলা শিবিৰত অংশগ্ৰহণ কৰা শিল্পীগৰাকীৰ সৃষ্টিয়ে বিশেষ সন্মান আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।