ETV Bharat / health

গণেশ চতুৰ্থীত এই তাৰিখে জন্ম গ্ৰহণ কৰা তথা এই ৰাশিৰ লোকসকল হ’ব খুবেই ভাগ্যশালী - Ganesh Chaturthi 2024

author img

By ETV Bharat Features Team

Published : Sep 7, 2024, 1:42 PM IST

Updated : Sep 7, 2024, 3:09 PM IST

Ganesh Chaturthi 2024: গণেশ চতুৰ্থীৰ দিনা কি কি নীতি নিয়ম মানিব আপুনি ? গণেশক কিদৰে আৰাধনা কৰিব আপুনি ? গণেশ চতুৰ্থী পালন কৰিলে আপুনি কেনে লাভ পাব পাৰে ? এই সন্দৰ্ভত জানো আহক জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মা পৰা...

GANESH CHATURTHI 2024
গণেশ চতুৰ্থীত এই তাৰিখে জন্ম গ্ৰহণ কৰা তথা এই ৰাশিৰ লোকসকল হ’ব খুবেই ভাগ্যশালী (CANVA)

ভাদ মাহৰ চতুৰ্থী তিথি গণপতি বাপ্পাৰ পুনৰ জনম হিচাপে পালন কৰা হয় । প্ৰতি বছৰে গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয় গণেশ উৎসৱ । একে সময়তে ইয়াৰ অন্ত পৰে অনন্ত চতুৰ্দশীৰ দিনা । সমগ্ৰ দেশৰ লগতে অসমতো অতি ধুম-ধামেৰে গণেশ চতুৰ্থীৰ উৎসৱ পালন কৰা হয় ৷ ইফালে, আজি বহুলোকে নিজৰ ঘৰলৈ বাপ্পাক আদৰিবলৈ সাজু হৈছে আনহাতে বহুতে মন্দিৰ-পূজাথলীলৈ গৈ গণেশৰ আৰাধনা কৰিব ৷

কিন্তু গণেশ চতুৰ্থীৰ দিনা কি কি নীতি নিয়ম মানিব আপুনি ? গণেশক কিদৰে আৰাধনা কৰিব আপুনি ? গণেশ চতুৰ্থী পালন কৰিলে আপুনি কেনে লাভ পাব পাৰে ? গণেশ চতুৰ্থীৰ সময়ত কোন তাৰিখত জন্মগ্ৰহণ কৰা আৰু কোন ৰাশিৰ লোকৰ জীৱন সুখৰ হ'ব জানো আহক-

ড৹ পৰশমণি শৰ্মা (ETV Bharat Assam)

জ্যোতিষী ড৹ পৰশমণি শৰ্মা জনোৱা অনুসৰি

  1. গণেশ চতুৰ্থীৰ দিনটোত গণেশৰ আৰাধনা কৰিলে সুফল লাভ কৰিব ৫, ১৪, ২৩ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলে ৷
  2. লগতে মিথুন আৰু কন্যা ৰাশিৰ লোকৰ জীৱন সুখৰ হ'ব ।
  3. গণেশ পূজাৰ দিনটোত গণেশ মন্দিৰলৈ গ'লে ৫ বিধ সামগ্ৰী লৈ যাবলৈ নাপাহৰিব । কাইলৈ গণেশ মন্দিৰলৈ গলে ৫ মুঠি দুবৰি বন, ৫টা আদাৰ টুকুৰা, ৫টা খুচুৰা পইচা, ৫টা বুন্দিয়া লাৰু, ৫ গচ ঘিউৰ চাকি দিব ।
  4. দুখীয়া ল’ৰা-ছোৱালীক কলম, পেঞ্চল, ৰবৰ আৰু সেউজীয়া যি কোনো সামগ্ৰী দিব পাৰে ।
  5. দুখীয়া চিকিৎসাধীন লোকক ঔষধ ক্ৰয় কৰি দিব পাৰিব ।
  6. ঘৰত সেউজীয়া ৰঙৰ গণেশ মূৰ্তি বা ফটো আনি ঘৰত পূজা কৰিব পাৰিলে ভাল । যেতিয়া গণেশ মূৰ্তি ঘৰলৈ আনিব তেতিয়া তেওঁক লাৰু তথা দুবৰি বন আগবঢ়াব । লগতে ভাল কামৰ বাবে ঘৰৰ বাহিৰত ওলাই যোৱাৰ আগতে গণেশ বাবাক সেৱা কৰি যাবলৈ নাপাহৰিব ৷
  7. গণেশ চতুৰ্থীৰ দিনা কিন্নৰক কোনো প্ৰয়োজনীয় বস্তু দান কৰিব পাৰে ৷
লগতে পঢ়ক: গণেশ চতুৰ্থীৰ দিনা কৰক এই সহজ কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱন - GANESH CHATURTHI 2024

Last Updated : Sep 7, 2024, 3:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.