ETV Bharat / state

ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰূপে আই পি এছ হৰমীত সিঙক নিযুক্তি; জি পি সিঙক অব্যাহতি - NEW DGP HARMEET SINGH

বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ।

New DGP Harmeet Singh
নতুন ভাৰপ্ৰাপ্ত ডিজিপি হাৰমিৎ সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 7:13 PM IST

গুৱাহাটী : ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্বত আই পি এছ হৰমীত সিং । চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব লাভ কৰা ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক দায়িত্বৰ পৰা মুকলি কৰি দি ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙক ।

ৰাজ্যৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত-সচিব বিশ্বজিৎ পেগুৱে এক জাননীযোগে (eFC No.174472/I/912650/2025 আৰু eFC No.174472/I/912650/2025A) সোমবাৰে জি পি সিঙক আৰক্ষী সঞ্চালকপ্ৰধান পদৰ দায়িত্বৰ পৰা মুকলি কৰি দিয়াৰ লগতে হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ কৰে । বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ।

New DGP Harmeet Singh
নতুন ভাৰপ্ৰাপ্ত ডিজিপি হৰমীত সিং (ETV Bharat Assam)

গৃহ বিভাগৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সময়ত এগৰাকী স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান নাইবা নতুন নিৰ্দেশনা নিদিয়ালৈকে সিঙে এই ভাৰপ্ৰাপ্ত দায়িত্ব বহন কৰিব । আনহাতে, অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান পদৰ পৰা বিদায় লৈ অসম এৰিব আই পি এছ জি পি সিঙে । অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ জানুৱাৰীত এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত বিভাগৰ সঞ্চালকালয়ে চি আৰ পি এফৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰাৰ পিছতেই অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ ব্যাপক চৰ্চা অব্যাহত আছিল ৷

২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছিল ৷ আনহাতে, অসমৰ সৈতেও সিঙৰ কৰ্ম জীৱনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা । বিশেষকৈ ২০১৯ চনত ৰাজ্যজোৰা 'কা’ আন্দোলনৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসমলৈ পুনৰবাৰ আগমন ঘটে জি পি সিঙৰ । পৰৱৰ্তী সময়ত তেওঁ অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে ।

আনহাতে, হৰমীত সিঙে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে অসম আৰক্ষীৰ আন ভালেমান গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি সিঙে ১৯৯৮ চনলৈকে অসমত কটায় । মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বোকাখাতৰ এছ ডি পি অ’, অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।

১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছিল ৷ এই সূত্ৰে তেওঁ দিল্লী, ছিকিমৰ গেংটক, ৰাছিয়াৰ মস্কো আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰকে ধৰি বিভিন্ন ঠাইতো সেৱা আগবঢ়াইছিল ।

সংঘাতজৰ্জৰ অঞ্চলৰ সমস্যাৰ সমাধান, সন্ত্ৰাসবাদবিৰোধী, মৌলবাদবিৰোধী, চাইবাৰ নিৰাপত্তা আৰু আন্তঃগাঁথনি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰশাসন, মেগা ইভেণ্ট মেনেজমেণ্ট, দুৰ্যোগ/মহামাৰী সাহায্য আৰু যোগাযোগ/নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনি বিকশিত কৰাত বিশেষজ্ঞৰূপে সুনাম আছে হৰমীত সিঙৰ ।

ইযাৰ উপৰি কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদকেৰে অলংকৃত হৈছে হৰমীত সিঙে । গেলেণ্টাৰী আৰক্ষী পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, মেধাৱী সেৱাৰ বাবে ভাৰতীয় আৰক্ষী পদক, অতি উৎকৃষ্ট সেৱা পদক আদি লাভ কৰি আহিছে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ।

জি পি সিঙৰ উত্তৰসুৰী হিচাপে সোমবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব অসম চৰকাৰে অৰ্পণ কৰে হৰমীত সিঙক ।

লগতে পঢ়ক :উজনিৰ ৰাইজলৈ উন্নয়নৰ বাৰ্তা দি ডিব্ৰুগড় এৰিলে মুখ্যমন্ত্ৰীয়ে - ASSAM CM DIBRUGARH VISIT
লগতে পঢ়ক :অৰুণাচলৰ পাহাৰৰ পৰা ১০০০ ফুট তলত পৰিল নুমলীগড়ৰ গাড়ী: মহিলাসহ নিহত চাৰি - ACCIDENT IN ARUNACHAL PRADESH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.