ETV Bharat / state

উজনিৰ ৰাইজলৈ উন্নয়নৰ বাৰ্তা দি ডিব্ৰুগড় এৰিলে মুখ্যমন্ত্ৰীয়ে - ASSAM CM DIBRUGARH VISIT

কেইবা ঘণ্টা ধৰি ডিব্ৰুগড় সচিবালয়ত জোনাই সমজিলাৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে । শিল্পীৰ পৰিয়ালক সংস্থাপনৰ বিষয়ে চৰকাৰে কৰিব আলোচনা, জনালে মুখ্যমন্ত্ৰীয়ে ।

Assam CM Dibrugarh visit
ডিব্ৰুগড়ত কেইবাখনো সমজিলাৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 6:28 PM IST

ডিব্ৰুগড় : ভাৰতৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত অসমক গঢ়ি তুলিবলৈ চেষ্টা চলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমত যাতে দেশ-বিদেশৰ বিনিয়োগকাৰী সংস্থাই বিনিয়োগ কৰিবলৈ আগবঢ়ি আহে তাৰ বাবে মুখ্যমন্ত্ৰী গৈছিল দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ ।

দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ সামৰি পোনে পোনে শনিবাৰে সন্ধিয়া তিনিদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয়হি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । তিনিদিন মুখ্যমন্ত্ৰীৰ সচিবালয়ত থাকি মুখ্যমন্ত্ৰীয়ে উজনিৰ কেইবাখনো জিলাৰ কাম-কাজ পৰ্যালোচনা কৰে ।

উজনিৰ ৰাইজলৈ উন্নয়নৰ বাৰ্তা দি ডিব্ৰুগড় এৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

আনহাতে, প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত গণৰাজ্য দিৱসৰ‌ পতাকা উত্তোলন কৰি অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে দিয়ে নতুন বাৰ্তা । ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰাই ৰাজ্য চৰকাৰৰ কাম-কাজ তদাৰক কৰাৰ লগতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড়ৰ অতি গুৰুত্বপূৰ্ণ চাৰিখনকৈ উৰণসেতুৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও ৰাজহুৱা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।

বিগত দুদিনত ডুমডুমা সমজিলা আৰু নাহৰকটীয়া সমজিলাৰ কাম-কাজ পৰ্যালোচনা কৰাৰ দৰে মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ কাম-কাজো পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।

জোনাই সমজিলাৰ পৰ্যালোচনা

মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ সভাকক্ষত জোনাই সমজিলাৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰায় তিনি ঘণ্টা ধৰি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । এই পৰ্যালোচনাৰ সময়ত জোনাইত এটা নতুন ৰাজহ চক্ৰ আৰু এটা খণ্ড উন্নয়নৰ কাৰ্যালয় নিৰ্মাণ, জোনাই সমজিলা চিকিৎসালয় নিৰ্মাণ, মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ দিয়ে ।

বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱন উদ্বোধন

ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । কেন্দ্ৰটোত উপস্থিত হৈ স্বামী বিবেকানন্দলৈ গভীৰ শ্ৰদ্ধা জনাই তেওঁ ৰাইজক সম্বোধন কৰে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ কাৰণে উছৰ্গা কৰা বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । এই ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "এই আনন্দালয় ভৱনে দক্ষতা উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াব । স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে‌ কাম কৰিব । এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই নিজে গৌৰৱান্বিত হ'লোঁ আৰু ডিব্ৰুগড়ৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।"

শিল্পীৰ পৰিয়ালক সংস্থাপনৰ বিষয়ে চৰকাৰে কৰিব আলোচনা, জনালে মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক সোমবাৰে মুখ্যমন্ত্ৰীয়ে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে । এই সম্পৰ্কে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে কয়, "শিল্পীৰ মৃত্যু হ'লে পৰিয়ালৰ সংস্থাপনৰ ক্ষেত্ৰত আজিলৈকে চৰকাৰৰ ওচৰত কোনো ধৰণৰ প্ৰক্ৰিয়া নাছিল । ‌ৰাজীৱ শদিয়াৰ দৰে শিল্পীসকলৰ পৰিয়ালৰ যাতে কোনোধৰণৰ সমস্যা নহয় তাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিব ।"

লগতে পঢ়ক :জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ - SINGER RAJIB SADIYA
লগতে পঢ়ক :ম্যানমাৰ-থাইলেণ্ডৰ প্ৰতিনিধিৰ মাজত হাতত হেংদাং লৈ মুখ্যমন্ত্ৰী - INTERNATIONAL TAI YOUTH FESTIVAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.