ETV Bharat / state

অসমৰ আলুৰেই বহুজাতিক কোম্পানীয়ে প্ৰস্তুত কৰিছে চিপছ - SELF RELIANT CULTIVATOR

বিগত পাঁচ বছৰ ধৰি কেইবাটাও বহুজাতিক কোম্পানীয়ে ক্ৰয় কৰিছে অসমৰ আলু ।

SELF RELIANT CULTIVATOR OF BISWANATH
আমেৰিকালৈ সৰবৰাহ জিনজিয়াৰ আলু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 7:01 PM IST

বিশ্বনাথ : অসমৰ আলু আমেৰিকাকে ধৰি কেইবাখনো দেশলৈ ৰপ্তানি কৰা হয় । যোৱা পাঁচ বছৰ ধৰি অসমৰ আলুৰেই কেইবাটাও বহুজাতিক কোম্পানীয়ে প্ৰস্তুত কৰিছে চিপছ । আনকি পেপছি, আইটিচি আদি কোম্পানীয়ে অসমৰ কৃষকৰ সৈতে চুক্তিবদ্ধ হৈছে আলু উৎপাদনৰ বাবে । সাত হাজাৰ বিঘা কৃষিভূমিত সেউজ বিপ্লৱৰ সূচনা কৰা জিলাখনৰ নাম কি জানেনে ?

তথ্য অনুসৰি ২০২৩ চনলৈকে এছিয়া মহাদেশৰ ভিতৰতে আলুখেতিত চীন দেশৰ পাছতে দ্বিতীয় স্থানত আছে ভাৰত । আন দেশত আলুখেতি হয় যদিও সেয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে উপযুক্ত নহয় । ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আলু উৎপাদনত বিহাৰ প্ৰথম স্থানত আছে যদিও অসমৰ বিহালীৰ জিনজিয়াতো উৎপাদন মনকৰিবলগীয়া ।

আমেৰিকালৈ সৰবৰাহ জিনজিয়াৰ আলু (ETV Bharat Assam)

ব্যৱসায়িক ভিত্তিত কৰা কৃষিকৰ্মৰ ক্ষেত্ৰত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়াৰ কৃষকসকল সদায়েই আগৰণুৱা । এসময়ত আনাৰস আৰু বাংলা পাণখেতিৰ বাবে খ্যাতি লাভ কৰা জিনজিয়াৰ খেতিয়কসকলে যোৱা চাৰি দশক ধৰি ব্যৱসায়িক ভিত্তিত কৰি অহা আলুখেতিৰেও আত্মসংস্থাপনৰ পথ বিচাৰি ল'বলৈ সক্ষয় হৈছে ।

ৰাজ্যৰ আলু বজাৰৰ চাহিদা পূৰণ কৰি অহা বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়াৰ কৃষক সকল সম্প্ৰতি ব্যস্ত হৈ পৰিছে আলুখেতিত । এফালে যদি আলুখেতিত পানী দিয়াত ব্যস্ত, আনফালে আকৌ কিছুমানে খান্দিছে আলু । উল্লেখ্য় যে ধানখেতি চপোৱাৰ পাছতে পথাৰৰ মাটি ছন পৰিবলৈ এৰি নিদি অঞ্চলটোৰ কৃষকসকলে একক প্ৰচেষ্টাৰে আলুখেতিত ব্যস্ত হৈছে । চৰকাৰী সা-সুবিধালৈ অপেক্ষা নকৰি জিনজিয়াৰ কৃষকে মাকৈকে ধৰি অন্যান্য কৃষি কৰ্মৰ লগতে মূলতঃ আলুখেতিত মনোনিবেশ কৰিছে ।

২৫জন উদ্যমী কৃষকৰ সপোন :

জিনজিয়াৰ কল্যাণ ৰক্ষিত, দেৱী প্ৰসাদ শৰ্মা, পিকলু মিত্ৰ, সুক্ষেণ নন্দী, সুভাষ সাহা, প্ৰদীপ কুণ্ডু, মদন পাল, হেমন্ত দত্ত, পংকজ বৰা, জীৱন শৰ্মা, শ্যামল পাল, তাপস কুণ্ডু, তপন দাসকে ধৰি জিনজিয়াৰ প্ৰায় ২৫জন উদ্যমী কৃষকৰ লগতে কেইবাজনো শিক্ষিত নিবনুৱা যুৱকে আলুখেতিৰে স্বাৱলম্বী হোৱাৰ আদৰ্শ দাঙি ধৰিছে । বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সাত হাজাৰ বিঘাৰো অধিক কৃষিভূমিত আলুখেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰা কৃষকসকলে ঘাইকৈ কুপ্‌ৰি-কোকৰাজ, কুপ্‌ৰি-জ্যোতি, পোখৰাজ, হলেণ্ড, ভূটান-জ্যোতি আদি উন্নত জাতৰ আলুখেতি কৰিছে ।

আমেৰিকালৈ সৰবৰাহ জিনজিয়াৰ আলু :

ইফালে, এই আলু বিশেষকৈ আমেৰিকাকে ধৰি কেইবাখনো দেশৰলৈ প্ৰেৰণ কৰা হৈছে বুলি কৃষক সকলে জানিবলৈ দিয়ে । শেহতীয়াকৈ যোৱা পাঁচ বছৰ ধৰি একাংশ আলু খেতিয়কে চিপছৰ বাবে পেপছি, আইটিচি আদি কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ ব্যৱসায়িক ভিত্তিত বহুলভাৱে আলুখেতিত মনোনিবেশ কৰা দেখা গৈছে । বিশেষকৈ এনে চিপছ কোম্পানীয়ে চিপছ প্ৰস্তুত কৰিবৰ বাবে নিজাববীয়াকৈ যোগান ধৰা আইটিচি কোম্পানীৰ টিচি-১১, টিচি-৭৭, পেপচি কোম্পানীৰ এফ চি-১১, সিদ্ধিবিনায়কৰ চাইৰাছ আদি বীজৰ আলুখেতিৰে অধিক লাভৰ বাট মোকলাবলৈ সক্ষম হৈছে ।

আলু খেতিয়কসকলে প্ৰকাশ কৰা মতে, উন্নত জাতৰ আলু খেতিৰ ম্যাদ অত্যাধিক ৯০ দিন । এই ক্ষেত্ৰত কম দিনৰ ভিতৰতে এনে আলু খেতি চপাবলগীয়া হোৱা বাবে কৃষকৰ দায়বদ্ধতাও অধিক । খেতিয়ক সকলে বতৰৰ লগতে বিভিন্ন বেমাৰ-আজাৰৰ ওপৰতে এই খেতিৰ লাভ-লোকচান নিৰ্ভৰ কৰি চলিবলগাত পৰে । ইফালে, শেহতীয়াকৈ আলুৰ নিম্নগামী বজাৰ মূল্যই খেতিয়কসকলক যথেষ্ট চিন্তিত কৰিছে ।

উল্লেখ্য় যে ব্যৱসায়িক ভিত্তিত চুক্তিবদ্ধ আলুখেতিকৰ নিৰ্ধাৰিত প্ৰতি কেজিত ১২ টকা মূল্যৰ বিপৰীতে অন্যান্য খেতিয়কৰ বাবে সম্প্ৰতি প্ৰতি কেজিত ৯ টকা বজাৰ মূল্য নিৰ্ধাৰিত হৈছে । পৰৱৰ্তী সময়ত এই মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনাই একাংশ কৃষকক হতাশ কৰিছে । সেউজ বিপ্লৱৰ সূচনাৰে স্ব-নিৰ্ভৰশীল হোৱাৰ দৃষ্টান্ত দাঙিধৰা কৃষক সকলে জিনজিয়াৰ আলুখেতিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিব পৰা বিভিন্ন পদক্ষেপৰ বিষয়েও মতামত প্ৰকাশ কৰে ।

কম মূল্য়ত বিক্ৰী কৰিবলগীয়া হ'লেই হ'ব লোকচান :

উল্লেখ্য় যে উৎপাদিত ফচল আৰু বীজ সংৰক্ষণৰ বাবে অঞ্চলটোত গঢ়ি উঠা শীতলঘৰে কৃষকসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে । আনহাতে, কৃষিভূমি ভাড়াত লৈ হ’লেও কৃষিকৰ্মত ব্যস্ত থকা কৃষক সকলে চৰকাৰে সহজলভ্য ঋণ তথা কৃষি বিভাগে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিলে আৰু অধিক সফলতা বুটলিবলৈ সক্ষম হ'ব বুলি কৃষক হেমন্ত দত্তই আশা প্ৰকাশ কৰিছে । তেওঁ কয়, "সম্প্ৰতি প্ৰতি কেজি আলু ৯ টকাত বিক্ৰী হৈছে । ১০ টকাত কৈ কম মূল্য়ত বিক্ৰী কৰিবলগীয়া হ'লে লোকচান হ'ব ।"

আন এজন কৃষক জীৱন শৰ্মাই কয়, "জিনজিয়াৰ আলুখেতিয়ে বিশেষকৈ অঞ্চলটো চাহ জনগোষ্ঠীৰ পুৰুষ-মহিলা শ্ৰমিক সকলক সহায় কৰিছে । কাৰণ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ যিহেতু চাহ বাগিচা সমূহ বন্ধ হৈ পৰাত তেওঁলোকৰ কাম নোহোৱা হয়, তাৰ বিপৰীতে জিনজিয়া আলুখেতিয়ে উক্ত হাজাৰ হাজাৰ শ্ৰমিকক পৰিয়াল পোহ দিব পাৰে ।"

লগতে পঢ়ক:মন কৰিলেই চন, উন্নতজাতৰ বগৰীয়ে দিছে লাখে লাখে ধন - JUJUBE CULTIVATION IN JONAI

ৱ্লেক ৰাইচেৰে এশবিধ উৎকৃষ্ট মানৰ খাদ্য প্ৰস্তুত কৰা মহিলাগৰাকী - BLACK RICE FOOD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.