ETV Bharat / state

আলফা(স্বাধীন)-চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা পলাশ চাংমাইৰ - AJYCP president Palash Changma

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 8:20 PM IST

Bipul Mahanta memorial Drama Competition : বোকাখাত নাট্য মন্দিৰত আজিৰে পৰা আৰম্ভ বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিয়ে আলফা-চৰকাৰৰ মাজত আলোচনা কিয় অনুষ্ঠিত হোৱা নাই সেই বিষয়ে কৰিলে মন্তব্য় ।

Bipul Mahanta memorial Drama Competition
বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা (ETV Bharat Assam)

গোলাঘাট, ৮ ছেপ্টেম্বৰ: "বিপুল মহন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৈ থাকোতেই নব্বৈৰ দশকত তেওঁক দুৰ্বৃত্তই হত্যা কৰিছিল । তেওঁৰ দোষ আছিল আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা বিচৰাটো ।" এই মন্তব্য় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ।

  • আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা হ'ব লাগে:

বোকাখাত নাট্য মন্দিৰত আজিৰে পৰা অনুষ্ঠিত বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰি পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে এইদৰে মন্তব্য় কৰে । কেন্দ্ৰীয় নেতাগৰাকীয়ে পুনৰ কয়," পৰবৰ্তী সময়ত ড৹মামণি ৰয়ছম গোস্বামীয়ে বিচাৰিছিল, ড৹হীৰেন গোহাঁইৰ নেতৃত্বত আলোচনা বিচৰা হৈছিল । ঠিক তেনেদৰে সময়ে সময়ে বিখ্যাত বিখ্যাত লোকে আলফা আৰু চৰকাৰৰ মাজত আলোচনা অসমৰ প্ৰেক্ষাপটত বিচাৰিছে । আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিও বিচাৰিছো আলফা (স্বাধীন)আৰু চৰকাৰৰ মাজত শান্তি আলোচনা হ'ব লাগে ।"

এই সমগ্ৰ বিষয়টো এটা ৰাজনৈতিক সামাধান হ'ব লাগে বুলি মন্তব্য় কৰি তেওঁ পুনৰ কয়, "সেই কাম প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিপুল মহন্তই । কিন্তু এটা চক্ৰই যে আলফা আৰু চৰকাৰৰ মাজত আলোচনা হোৱাটো নিবিচাৰে সেই কথা বিপুল মহন্তই মৃত্যুয়ে বুজাই দিছে । যদি আলফা (স্বাধীন) আৰু চৰকাৰৰ মাজত আলোচনা হয় তেনেহ'লে অসমৰ খিলঞ্জীয়া লোকে যে ৰাজনৈতিক অধিকাৰ লাভ কৰিব সেই কথা নিশ্চিত । কিন্তু বিপুল মহন্তই যেতিয়া আলফা আৰু চৰকাৰৰ মাজত আলোচনা বিচাৰিছিল তেতিয়া যদি আলোচনা হ'লহেঁতেন অসম আজি বহু আগুৱাই গ'লহেতেন । কাৰণ নব্বৈ দশকত আলফাৰ যি সামৰিক শক্তি আৰু গণভিত্তি সেই কথা সকলোৱে জানে । গতিকে সেই মহান ব্যক্তি গৰাকীৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে সদৌ অসম ভিত্তিত একংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।"

  • মঞ্চত এখন মটৰচাইকেল উলিয়ালেই এখন নাটক সফল নহয়:

ইপিনে, ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়," নাটকত অসম চহকী আমি সকলোৱে জানো । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে অংকীয়া নাটৰ পাতনি মেলিছিল । তাৰ পৰৱৰ্তী পৰ্যায়ত ভবেন্দ্ৰ নাথ শইকীয়াকে আদি কৰি তেওঁলোকে নাট্য সাহিত্য চহকী কৰি থৈ গৈছে । এফালে অপেছাদাৰী নাট্যগোষ্ঠী আৰু আনফালে পেছাদাৰী নাট্যগোষ্ঠীৰ নাট্য সাহিত্যই অসমক চহকী কৰি গৈছে । কিন্তু সাম্প্ৰতিক সময়ত ভ্ৰাম্যমাণৰ যিবিলাক নাটক সেই নাটকে নিজৰ স্বকীয়তা হেৰুৱাইছে । আমাৰ যিবিলাক বিখ্যাত বিখ্যাত নাটকে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল তাৰ ঠাইত মঞ্চত এখন মটৰচাইকেল উলিয়ালেই এখন নাটক সফল নহয় ।"

  • ইনাৰলাইন পাৰ্মিট অসমৰ প্ৰেক্ষাপটত খুবেই প্ৰয়োজন:

আনহাতে, ইনাৰলাইন পাৰ্মিটৰ সন্দৰ্ভত মন্তব্য় কৰি কয়," ইনাৰলাইন পাৰ্মিট অসমৰ প্ৰেক্ষাপটত খুবেই প্ৰয়োজন । কাৰণ আমি সকলোৱে জানো যে অসমত অসমীয়া মানুহৰ সংখ্যা কেনে হাৰত কমিছে । ২০১১ চনৰ লোকপিয়লত ৪৮ % আৰু আজি যদি লোকপিয়ল কৰা যায় বা ২০২১ চনৰ লোকপিয়ল যদি প্ৰকাশ হয় তেনেহলে ৪০ % ৰ তললৈ আহিব । যাৰ বৃদ্ধি হৈছে সেই মানুহবোৰ ক'ৰ পৰা আহিছে -প্ৰব্ৰজিত আৰু বহিৰাগত । গতিকে এই লোকসকলক ৰোধ কৰিব পৰা এটা ৰাজনৈতিক অধিকাৰ সেয়া হৈছে ইনাৰলাইন পাৰ্মিট । গতিকে অসমত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তন কৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ ভবিষ্যত প্ৰজন্মক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছো । "

এই অনুষ্ঠানটোত শ্বহীদ তৰ্পণ কৰে পৰিষদৰ সম্পাদক ৰাতুল বৰগোহাঞিয়ে । বিপুল মহন্তৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই । এই একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ ২৫ টা দলে । আজি সন্ধিয়েৰে পৰা অনুষ্ঠিতব্য় এই অনুষ্ঠানতে উন্মোচন কৰা হ'ব 'মঞ্চৰূপা' নামৰ স্মৃতিগ্ৰন্থখনি ।

লগতে পঢ়ক:নগাঁৱত AJYCPৰ মধ্যকালীন অধিৱেশনৰ সমাপ্তি : গ্ৰহণ কৰা হ'ল কেইবাটাও প্ৰস্তাৱ - AJYCP Nagaon Session

ডিব্ৰুগড়ত একাংকিকা নাট মহাৰণ উদ্বোধন কৰিলে বলিউড অভিনেতা ৰাজা মুৰাদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.