ETV Bharat / health

কেতিয়া পালন কৰা হ’ব গণেশ চতুৰ্থী ? জানি লওক গণপতি স্থাপনৰ সঠিক সময় তথা পূজা বিধি - Ganesh Chaturthi 2024

author img

By ETV Bharat Features Team

Published : Sep 6, 2024, 12:33 PM IST

Updated : Sep 6, 2024, 12:45 PM IST

Ganesh Chaturthi 2024: পুনৰ আৰম্ভ হ’বলৈ গৈ আছে গণেশ চতুৰ্থী । অনন্ত চতুৰ্দশী তিথিত ১০ দিনীয়া নীতি-নিয়মৰ সৈতে এই উৎসৱৰ সামৰণি পৰে । সেয়ে যদি আপুনিও আপোনাৰ বাসগৃহত গণপতিক আদৰিবলৈ ওলাইছে তেন্তে নিশ্চয়কৈ জানি লওক গণেশ চতুৰ্থী সঠিক দিন, সঠিক সময় তথা পূজা বিধি-

Ganesh Chaturthi 2024: correct Date, time, and puja vidhi in Assamese
কেতিয়া পালন কৰা হ’ব গণেশ চতুৰ্থী ? জানি লওক গণপতি স্থাপনৰ সঠিক সময় তথা পূজা বিধি (CANVA)

প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সমগ্ৰ দেশতে অতি উলহ-মালহেৰে উদযাপন কৰা গণেশ চতুৰ্থী উৎসৱ । কোৱা হয় যে গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশে মত্যলৈ নামি আহি তেওঁৰ ভক্তসকলক পৰৱৰ্তী ১০ দিন সেৱা আৰু ভক্তি কৰাৰ সুযোগ দিয়ে । গণেশ চতুৰ্থীৰ দিনা প্ৰতিটো ডাঙৰ ঘৰ, মন্দিৰ আৰু ডাঙৰ ডাঙৰ পেণ্ডেলত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰি যথাযথভাৱে পূজা কৰা হয় । তাৰ পাচত অনন্ত চতুৰ্দশীৰ দিনা বাপ্পাৰ এই মূৰ্তি ‘গণপতি বাপ্পা ম’ৰেয়া’ ধ্বনিৰে বিসৰ্জন দিয়া হয় ।

গণেশ চতুৰ্থীৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ সময়

হিন্দু পঞ্জিকা অনুসৰি গণেশ চতুৰ্থী ৬ ছেপ্টেম্বৰৰ পৰা দুপৰীয়া ০৩:০১ বজাত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ০৫:৩৭ বজাত অন্ত পৰিব । সেয়ে ৭ ছেপ্টেম্বৰৰ দিনটোত গণেশ চতুৰ্থী পালন কৰা হ’ব । আজিৰ দিনটোত ভগৱান গণেশৰ প্ৰতিমা স্থাপনৰ সময় পুৱা ১১:০৩ বজাৰ পৰা দুপৰীয়া ০১:৩৪ বজালৈ হ’ব । এনে পৰিস্থিতিত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰিবলৈ আপুনি প্ৰায় ২ ঘন্টা ৩১ মিনিট সময় পাব ।

গণেশ চতুৰ্থীৰ প্ৰতিষ্ঠা আৰু পূজাৰ পদ্ধতি

গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক সন্তুষ্ট কৰি আকাংক্ষিত ফল লাভ কৰিব পৰা যায় । এই দিনটোত পুৱা সোনকালে উঠি গা ধুব লাগে । ইয়াৰ পিচত কাঠৰ পীড়াত এখন ৰঙা ৰঙৰ কাপোৰ পাৰি ল’ব । প্ৰথমে তাৰ ওপৰত অক্ষত ৰাখক আৰু চন্দনেৰে স্বস্তিকা বনাওক । ইয়াৰ পিচত গণপতি জীক তাত স্থাপন কৰক । ভগৱান গণেশক প্ৰতিষ্ঠা কৰাৰ সময়ত 'বক্ৰতুণ্ড মহাকায় সূৰ্য্যকোটি সম্প্ৰভ, নিৰ্বিঘ্ন কুৰুমে দেৱ সৰ্বকায়েষু সৰ্বদা ৷' পাঁচবাৰ এই মন্ত্ৰ জপ কৰক ।

এতিয়া ভগৱান গণেশক গংগা জলেৰে শুদ্ধিকৰণ কৰক । ইয়াৰ পিচত বস্ত্ৰ, পবিত্ৰ সূতা, চন্দন, দুবৰি, অক্ষত, ধূপ, দীপ, শামী পাত, হালধীয়া ফুল আৰু ফল-মূল অৰ্পণ কৰক । ভগৱান গণেশক সেন্দুৰ, দুবৰি আৰু ঘিউ অৰ্পণ কৰক । তেওঁলৈ ২১টা মোডক আগবঢ়াওক । ভগৱান গণেশৰ আৰতি কৰক আৰু আপোনাৰ ইচ্ছাৰ বাবে আশীৰ্বাদ বিচাৰক । ইয়াৰ পিচত গণপতিলৈ লাৰু আগবঢ়াই প্ৰসাদ হিচাপে বিতৰণ কৰক ।

গণপতি পূজাৰ সময়ত নকৰিব এইবোৰ ভুল

ভগৱান গণেশৰ মূৰ্তি পূব বা উত্তৰ-পূব দিশত ৰাখক । দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিশত ভগৱান গণেশৰ মূৰ্তি নাৰাখিব । ভগৱান গণেশৰ মূৰ্তিত তুলসী আৰু শংখৰ সৈতে জল নিবেদন নকৰিব । পূজাত নীলা আৰু ক’লা ৰঙৰ কাপোৰ পৰিধান নকৰিব । চামৰাৰ সামগ্ৰী ব্যৱহাৰ কৰাটো বৰ্জন কৰক ।

লগতে পঢ়ক: গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উচ্চতাৰ গণেশৰ মূৰ্তি - Lord Ganesha large idol

Last Updated : Sep 6, 2024, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.