ETV Bharat / business

অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তুতি: কিমান হ’ব দৰমহা জানো আহক - 8th Pay Commission

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 9:37 PM IST

8th Pay Commission For Govt Employees: কৰ্মচাৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে এটা দৰমহা আয়োগ গঠন কৰে । ইয়াত কৰ্মচাৰীসকলৰ দৰমহা, ভাট্টা আৰু অন্যান্য সা-সুবিধাসমূহ পৰ্যালোচনা কৰাৰ পিছত দৰমহাত প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হয় ।

8th Pay Commission For Govt Employees
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: ইউনিফাইড পেঞ্চন আঁচনিৰ পিছত কেন্দ্রীয় চৰকাৰে দীপাৱলীৰ সময়ত কর্মচাৰীসকলক আন এক বৃহৎ উপহাৰ দিয়াৰ সম্ভাৱনা আছে ৷ পেঞ্চনৰ পিছত এইবাৰ অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে । চৰকাৰী কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি দৰমহা আৰু পেঞ্চনৰ সম্ভাব্য সংশোধনীৰ বাবে অপেক্ষা কৰি আছিল । অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহু বৃদ্ধি হ’ব পাৰে । ইয়াৰ দ্বাৰা এক কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰ লাভৱান হ’ব ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে প্ৰস্তুতি চলাইছে আৰু ইয়াৰ ফাইল প্ৰায় সাজু হৈছে । কোৱা হৈছে যে ২০২৫ চনত অষ্টম দৰমহা আয়োগ গঠন কৰা হ’ব পাৰে, যাৰ পৰামৰ্শ ২০২৬ চনৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে । এই সময়সীমা দুটা পে কমিছনৰ মাজত ১০ বছৰৰ ব্যৱধানৰ সৈতে মিল আছে, কিয়নো ২০১৬ চনত সপ্তম পে কমিছনৰ পৰামৰ্শ কাৰ্যকৰী কৰা হৈছিল ।

কৰ্মচাৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে এখন দৰমহা আয়োগ গঠন কৰে । ইয়াৰ অধীনত বিশেষজ্ঞৰ এখন সমিতিয়ে মুদ্ৰাস্ফীতি, অৰ্থনৈতিক অৱস্থা, ব্যয় আদি বিভিন্ন অৰ্থনৈতিক আৰু সামাজিক কাৰক অধ্যয়ন কৰে । তাৰ পিছত আয়োগে চৰকাৰৰ ওচৰত নিজৰ পৰামৰ্শ দাখিল কৰে ।

হিচাপ অনুসৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে লেভেল ১ৰ দৰমহা ৩৪,৫৬০ টকালৈ বৃদ্ধি পাব পাৰে, আনহাতে লেভেল ১৮ৰ দৰমহা ৪.৮ লাখ টকা হ’ব পাৰে । ইয়াৰ উপৰিও ইউনিফাইড পেন্সন আঁচনি (ইউ পি এছ)ৰ অধীনতো পেন্সনো বৃদ্ধি হ’ব ।

লগতে পঢ়ক: ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে পাবনে ৭৫০০ টকাৰ মাহিলী পেন্সন? ৮ কোটি লোক হ'ব পাৰে লাভৱান - EPS Pension

নূন্যতম দৰমহা ৩৪,৫৬০ টকা পৰ্যন্ত হ’ব পাৰে

প্ৰতিবেদন অনুসৰি ১.৯২ ফিটমেণ্ট ফ্যাক্টৰ ব্যৱহাৰ কৰি অষ্টম পে আয়োগৰ পে মেট্ৰিক্স প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে । এই ফিটমেণ্ট ফেক্টৰৰ সৈতে সপ্তম পে কমিছন অনুসৰি লেভেল ১ৰ বাবে বৰ্তমানৰ নূন্যতম দৰমহা ১৮০০ টকা আৰু গ্ৰেড পে ১৮০০০ টকা, যিটো অষ্টম পে কমিছনৰ অধীনত ৩৪,৫৬০ টকালৈ সংশোধন কৰিব পৰা যাব ।

কেবিনেট সচিব পদৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত সৰ্বোচ্চ দৰমহা স্কেল হৈছে লেভেল ১৮ । ইয়াৰ বাবে বৰ্তমান সৰ্বোচ্চ দৰমহা ২.৫ লাখ টকা । অষ্টম দৰমহা আয়োগৰ অধীনত যদি ফিটমেণ্ট ফেক্টৰ ১.৯২ হয়, তেন্তে চৰকাৰী খণ্ডত সৰ্বোচ্চ দৰমহা ৪.৮ লাখ টকালৈ বৃদ্ধি কৰিব পৰা যাব ।

অষ্টম দৰমহা আয়োগৰ পিছত পেন্সন কিমান হ’ব

অৱসৰৰ পূৰ্বৰ ১২ মাহৰ গড় মাহিলী দৰমহাৰ ৫০ শতাংশ ইউ পি এছৰ অধীনত পেন্সন গণনা কৰা হ’ব । ২০০৪ চনত নিযুক্তি পোৱা কৰ্মচাৰীসকলে ২০২৯ চনত অৱসৰ ল’ব । ২০২৬ চনৰ জানুৱাৰী মাহত যদি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হয় তেন্তে নূন্যতম মৌলিক দৰমহা ৩৪,৫৬০ টকা হ’ব বুলি অনুমান কৰা হৈছে, আনহাতে সৰ্বোচ্চ দৰমহা ৪.৮ লাখ টকা হ’ব পাৰে । ২০২৯ চনৰ জানুৱাৰীলৈকে কৰ্মচাৰীসকলে দৰমহাত পাঁচটা ডি এ বৃদ্ধিও পাব পাৰে । প্ৰতিটো সংশোধনীত ৪ শতাংশ বৃদ্ধি বুলি ধৰি ল’লে ২০২৯ চনৰ ভিতৰত ডি এৰ মুঠ বৃদ্ধি মূল দৰমহাৰ ২০ শতাংশ পৰ্যন্ত হ’ব । গতিকে ৩৪,৫৬০ টকাৰ দৰমহাৰ বাবে ২০ শতাংশ ডি এ যোগ কৰিলে ৬,৯১২ টকা ৷ গতিকে ব্যক্তিজনে ২০,৭৩৬ টকা পেন্সন লাভ কৰিব পাৰে, কিয়নো ইয়াক মূল দৰমহাৰ ৫০ শতাংশ আৰু লেভেল ১ৰ লোকৰ ডি এ হিচাপে গণনা কৰা হয় ।

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি সৰ্বোচ্চ ৪৮ লাখ টকা দৰমহা পোৱা ব্যক্তিৰ বাবে ৯৬ হাজাৰ টকাৰ ডি এ থকা পেন্সন ২,৮৮,০০০ টকা হ’ব পাৰে, যিটো ২০২৯ চনৰ জানুৱাৰী মাহত তেওঁলোকৰ শেষ দৰমহাৰ ৫০ শতাংশ ।

লগতে পঢ়ক: PF কৰ্তন কৰিলে কিমান পেন্সন লাভ কৰিব পাৰি ? কিমান বছৰ কাম কৰিলে পাব এই সুবিধা? জানো আহক - Employee Pension Scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.