ETV Bharat / business

কেন্দ্ৰীয় বাজেট ২০২৫ : কি কি সামগ্ৰীৰ দাম বাঢ়িল বা কমিল - UNION BUDGET 2025

স্বাস্থ্য ব্যৱস্থাক নতুন ৰূপ দিবলৈ বাজেটত একাধিক ঘোষণা কৰা হৈছে ৷ কেন্দ্রীয় বিত্ত মন্ত্রীৰ বাজেট ভাষণত সাধাৰণ জনতাক আশ্বস্ত কৰাৰ সুৰ ৷

UNION BUDGET 2025
কেন্দ্ৰীয় বাজেটত কি কি সামগ্ৰীৰ দাম বাঢ়িল বা কমিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 7:48 PM IST

নতুন দিল্লী : শনিবাৰে সংসদত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে । বাজেট ভাষণত সাধাৰণ জনতাক আশ্বস্ত কৰাৰ সুৰ প্ৰতিফলিত হয় বিত্ত মন্ত্ৰীৰ বক্তব্যত । শুল্কমুক্ত কৰ্কটৰোগসহ 36 বিধ জীৱনদায়িনী ঔষধৰ ঘোষণা বিত্ত মন্ত্ৰীৰ ৷ 6 বিধ জীৱনদায়িনী ঔষধৰ ওপৰত থকা শুল্ক ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্রীয় চৰকাৰৰ ।

বাজেট ভাষণত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কয়, ‘‘প্ৰাণনাশক ৰোগত আক্রান্ত ৰোগীসকল, বিশেষকৈ কৰ্কট আৰু অন্যান্য গুৰুতৰ তথা দীর্ঘম্যাদী ৰোগত আক্রান্ত ৰোগীসকলৰ বাবে মই 36 বিধ জীৱনদায়িনী ঔষধ সম্পূর্ণ শুল্কমুক্ত ঘোষণা কৰিছো ৷ ইয়াৰ উপৰি আৰু ছয়বিধ জীৱনদায়িনী ঔষধক 5 শতাংশ শুল্ক ৰেহাইৰ তালিকাত স্থান দিয়া হৈছে ৷’’

অৱশ্যে কেৱল ঔষধেই নহয়, মোবাইল ফোন, LED-LCD টিভি, বৈদ্যুতিক গাড়ীসহ একাধিক সামগ্ৰীৰো দাম কমিছে ৷ আনহাতে, কেন্দ্রীয় বাজেটত কেইবাবিধো সামগ্ৰীৰ মূল্য বৃদ্ধিও পাইছে ৷ বাজেটত কি কি সামগ্ৰীৰ মূল্য কমিল আৰু কি কি সামগ্ৰীৰ বাঢ়িল থোৰতে এবাৰ চাওঁ আহক ৷

বিত্ত মন্ত্ৰীৰ ঘোষণাত কি কি সামগ্ৰীৰ দাম কমিল ?

  • ইতিমধ্যে যোৱা বছৰৰ বাজেটত মোবাইল ফোনৰ মূল্য হ্ৰাস কৰা হৈছে ৷ এইবাৰ এই মূল্য আৰু কমিব পাৰে । কিয়নো বেটাৰী উৎপাদনৰ বাবে 28 বিধ অতিৰিক্ত সামগ্ৰীত শুল্ক ৰেহাই দিয়া হৈছে ৷
  • কৰ্কট ৰোগসহ একাধিক প্রাণনাশক ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত 36 বিধ জীৱনদায়িনী ঔষধৰ ওপৰত থকা শুল্ক উঠাই লোৱা হৈছে । লগতে 6 বিধ জীৱনদায়িনী ঔষধত 5 শতাংশ শুল্ক কমোৱা হৈছে ।
  • লিথিয়াম বেটাৰীতো শুল্ক ৰেহাইৰ ঘোষণা কৰা হৈছে । উল্লেখ্য যে একাধিক উদ্যোগত লিথিয়ামৰ গুৰুত্বপূর্ণ অৱদান আছে ।
  • আনহাতে, বৈদ্যুতিক গাড়ীৰ বেটাৰীৰো মূল্য হ্ৰাস পাইছে । ফলত বৈদ্যুতিক গাড়ীৰ মূল্যও কমিব পাৰে ।
  • কোবাল্টৰ বিভিন্ন সামগ্ৰীৰ দামো কমিব ।
  • কাঁচ, দস্তাসহ 12 বিধ গুৰুত্বপূর্ণ খনিজ পদাৰ্থত শুল্ক ৰেহাই দিয়া হৈছে ৷
  • লগতে 10 বছৰৰ বাবে জাহাজ নিৰ্মাণৰ বাবে ব্যৱহৃত কেঁচামালৰ ওপৰতো শুল্ক ৰেহাই ঘোষণা কৰা হৈছে ।

কি কি সামগ্ৰীৰ দাম বাঢ়িল ?

  • কেন্দ্ৰীয় চৰকাৰে ‘ইণ্টাৰেক্টিভ ফ্লেট-পেনেল ডিছপ্লে’ৰ ওপৰত থকা শুল্ক 10 শতাংশৰ বৃদ্ধি কৰি 20 শতাংশ কৰাৰ প্রস্তাৱ বাজেটত আগবঢ়াইছে । অর্থাৎ ইয়াৰ ফলত কেইবাবিধো স্মার্ট টিভিৰ মূল্য বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে ।
  • বয়ন কাপোৰৰো মূল্য বৃদ্ধি পাব ।
  • অস্থায়ী মূল্যায়নৰ বাবে দুবছৰৰ এটি সময়সীমা চৰকাৰে আৰম্ভ কৰিছে । যাৰ দ্বাৰা ব্যৱসায়ৰ বাবে দ্রুত আৰু অধিক দক্ষ শুল্ক ৰেহাই-পত্র নিশ্চিত কৰিব । এই পৰিৱর্তনে আমদানি আৰু ৰপ্তানি উদ্যোগক প্রভাৱিত কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।
লগতে পঢ়ক :কেন্দ্ৰীয় বাজেট ২০২৫-২৬: স্বাস্থ্যসেৱা খণ্ডৰ বাবে কি বিশেষ সিদ্ধান্ত লোৱা হ’ল ? পঢ়ক সবিশেষ - BUDGET FOR HEALTH SECTOR
লগতে পঢ়ক :আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ - UNION BUDGET 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.