ETV Bharat / state

সাৱধান নহ'লেই বিপদ ! জি বি এছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত কিশোৰীৰ মৃত্য়ু - GUILLAIN BARRE SYNDROME

কাহ-চৰ্দিৰ লগতে বিষ হ'লে অৱহেলা নকৰিব । কাৰণ হ'ব পাৰে জি বিএছ । এই ৰোগবিধ কি জানিবলৈ পঢ়ক...

Guillain Barre Syndrome
মহানগৰীত জি বি এছত আক্ৰান্ত হৈ মৃত্য়ু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 7:44 PM IST

গুৱাহাটী : শেহতীয়াকৈ গুৱাহাটী মহানগৰীত হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্ৰান্ত ৰোগীৰ মৃত্য়ুক লৈ ৰাইজৰ মাজত আতংক সৃষ্টি হোৱাৰ সময়তেই আন এবিধ ভাইৰাছত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে । শেহতীয়াকৈ আতংকৰ সৃষ্টি কৰা সংক্ৰামক ৰোগবিধ হৈছে জি বি এছ ।

গুইলেইন-বেৰে চিণ্ড্ৰ'ম সংক্ষেপে জি বি এছত আক্ৰান্ত হৈ অসমৰ প্ৰথমগৰাকী ৰোগী মৃত্যুমুখত পৰিছে । এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে সোতৰ বছৰীয়া এগৰাকী কিশোৰী । এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা কিশোৰীগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ পাথৰ কুঁৱেৰীত । যোৱা ২১ জানুৱাৰীৰ পৰা কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছিল মহানগৰীৰ এখন নাৰ্ছিং হোমত । এই নাৰ্ছিং হোমখনত চিকিৎসাধীন অৱস্থাতেই শুকুৰবাৰে নিশা ৯:৩০ বজাত মৃত্যুমুখত পৰে কিশোৰীগৰাকী ।

এই ৰোগবিধ সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক মহানগৰীৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়, "এইবিধ ভাইৰাছজনিত ৰোগ । এই ৰোগত আক্ৰান্ত হ'লে শৰীৰৰ উত্তাপ বৃদ্ধি পায় অৰ্থাৎ জ্বৰ উঠে । তদুপৰি ৰোগীৰ কাহ-চৰ্দিৰ লগতে বিষ হ'ব পাৰে । এনে লক্ষণৰ উপৰি ভৰি জিনজিনাবলৈ ধৰে । আক্ৰান্তই অৱস অনুভৱ কৰে । ভৰিৰ পৰা ওপৰলৈ পক্ষাঘাত হ'বলৈ ধৰে । তদুপৰি হাওঁফাওঁৰ ওচৰত থকা পেশীত ভাইৰাছে প্ৰভাৱ বিস্তাৰ কৰিলে শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হয় ।"

জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে পুনৰ কয়, "এইবোৰ লক্ষণে দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে । এয়া কোনো নতুন ৰোগ নহয় । মাজে মাজে এই ৰোগত আক্ৰান্ত ৰোগী পোৱা যায় । অৱশ্য়ে সময়মতে চিকিৎসা কৰিলে ৰোগী সুস্থ হয় । ভয়ৰ বিশেষ কাৰণ নাই, মাথো সাৱধানতা অৱলম্বন কৰিব লাগে । "

লগতে পঢ়ক:অসমত এইচ এম পি ভিত আক্রান্ত দ্বিতীয়গৰাকী: গুৱাহাটীৰ এপল’ত চিকিৎসাধীন - HMPV CASE IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.