ETV Bharat / bharat

অভয়াকাণ্ডৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সাংসদ পদ এৰিলে তৃণমূল কংগ্ৰেছৰ জৱাহৰ সৰকাৰে - Jawhar Sircar quits MP post

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 8:25 PM IST

Abhaya rape and murder: আৰ জি কৰ মেডিকেল কলেজৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগতে পশ্চিম বংগৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ জৱাহৰ সৰকাৰে ৷

Abhaya rape and murder
JAWHAR SIRCAR QUITS MP POST (ANI)

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ, জৱাহৰ সৰকাৰে দেওবাৰে নিজৰ পদৰ পৰা পদত্যাগৰ লগতে ৰাজনীতি ত্যাগ কৰে ৷ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ লগতে দুৰ্নীতিৰ সৈতে মোকাবিলা কৰা ধৰণ আৰু দলৰ একাংশ নেতাই গ্ৰহণ কৰা কৌশলী স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পদত্য়াগ কৰে ৰাজনীতিকগৰাকীয়ে ।

মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত প্ৰাক্তন আই এ এছ বিষয়া সৰকাৰে টিএমচিত দুৰ্নীতিৰ বিষয়টোক উল্লেখ কৰি কয়, “ই কেৱল মোকেই নহয়, পশ্চিম বংগৰ জনসাধাৰণকো আঘাত দিছে ”।

কলকাতাৰ চৰকাৰী আৰ জি কৰ মেডিকেল কলেজত যোৱা ৯ আগষ্টত প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ কথা উল্লেখ কৰি সৰকাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কয় যে আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাৰ পিচত তেওঁ এমাহ ধৰি নীৰৱে কষ্ট ভোগ কৰিছিল আৰু কনিষ্ঠ প্ৰতিবাদী চিকিৎসকসকলৰ ক্ষেত্ৰত মমতা বেনাৰ্জীয়ে পুৰণি কৌশলেৰে স্থিতি গ্ৰহণ কৰিব বুলি তেওঁ আশা কৰিছিল ৷

"এতিয়া চৰকাৰে যি শাস্তিমূলক পদক্ষেপ লৈছে সেয়া অতি কম আৰু যথেষ্ট পলম হৈছে । মই ভাবো দুৰ্নীতিগ্ৰস্ত চিকিৎসকসকলৰ নেক্সাচ ভাঙি পেলোৱা হেতেন আৰু অনুচিত প্ৰশাসনিক পদক্ষেপ লোৱাৰ বাবে দোষীসকলক কলংকিত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে শাস্তি দিয়া হেতেন এই ৰাজ্যখনত স্বাভাৱিক অৱস্থা বহু আগতেই পুনৰুদ্ধাৰ হ’লহেতেন ৷" তেওঁৰ পত্ৰখন লিখিছে ।

তেওঁৰ পদত্যাগ পত্ৰৰ সবিশেষ-

ৰাজ্যসভাত সাংসদ হিচাপে পশ্চিম বংগৰ সমস্যাসমূহক প্ৰতিনিধিত্ব কৰাৰ ইমান ডাঙৰ সুযোগ দিয়াৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে আপোনালোকক জনাব লাগিব যে মই সংসদৰ পৰা আৰু লগতে ৰাজনীতিৰ পৰাও একেবাৰেই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ।

আপোনালোকৰ কৃপাত ৩ বছৰ ধৰি দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াক সৰ্বোচ্চ পৰ্যায়ত বুজি পোৱাৰ অনন্য সুবিধা লাভ কৰিলোঁ, যিটো এক বিৰল সৌভাগ্য। মই আৰু কোনো পুৰস্কাৰ বা দলীয় পদ বিচৰা নাছিলো, কিয়নো কোনো ৰাজনৈতিক উচ্চাকাংক্ষা থকা কোনোৱেই ইমান দেৰিকৈ, ৬৯/৭০ বছৰ বয়সত ৰাজনীতিত যোগদান নকৰে । দলীয় ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত নোহোৱাকৈ সাংসদ হিচাপে যোগদান কৰাৰ প্ৰধান উদ্দেশ্য আছিল যে বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ স্বৈৰাচাৰী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়াই নিবলৈ ই এক উৎকৃষ্ট মঞ্চ আগবঢ়াইছিল ।

সেইখিনিলৈকে মোৰ কিছু সন্তুষ্টি আছে আৰু সংসদত মোৰ কেইবাটাও হস্তক্ষেপে, যিবোৰ ইউটিউব বা সংসাদ টিভিৰ আৰ্কাইভত উপলব্ধ, সেইবোৰে প্ৰমাণ কৰিব যে মোদীৰ স্বৈৰাচাৰী, বিভাজনকাৰী, বৈষম্যমূলক নীতিৰ বিৰুদ্ধে মই কিমান কঠোৰ আৰু ফলপ্ৰসূভাৱে যুঁজিছো ।

কিন্তু, ২০২২ চনত মই যোগদান কৰাৰ এবছৰৰ পাছত, প্ৰাক্তন শিক্ষামন্ত্ৰীয়ে লিপ্ত হোৱা দুৰ্নীতিৰ মুকলি প্ৰমাণ টিভিত দেখি মই যথেষ্ট স্তম্ভিত হৈ পৰিলোঁ ৷ কিন্তু মোক দলৰ জ্যেষ্ঠ নেতাসকলে হেক কৰিলে । তেতিয়া মই পদত্যাগ কৰা নাছিলো কিয়নো মই আশা কৰিছিলোঁ যে আপুনি এবছৰৰ আগতে আৰম্ভ কৰা ‘ধন কৰ্তন’ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আপোনাৰ ৰাজহুৱা অভিযান চলাই যাব ।

ইয়াৰ উপৰিও সকলোৱে জানে যে ক’তো কোনো দল নাই য’ত দুৰ্নীতিগ্ৰস্ত শাখা নাই । ভাৰতীয় গণতন্ত্ৰ আৰু নাগৰিক স্বাধীনতাৰ বাবে এতিয়ালৈকে সৰ্বাধিক ভাবুকিস্বৰূপ শাসন ব্যৱস্থাৰ বিৰুদ্ধে যুঁজখন আগবঢ়াই নিবলৈও শুভাকাংক্ষীসকলে মোক সাংসদ হিচাপে থাকিবলৈ বুজাই দিছিল ।

আই এ এছত ৪১ বছৰ থকাৰ পিছত মই লাজ নোহোৱাকৈ এটা সৰু মধ্যবিত্তীয় ফ্লেটত, এটা ডাঙৰ বস্তিৰ কাষত থাকিব পাৰো আৰু এখন অতি সাধাৰণ ৯ বছৰীয়া গাড়ী চলাব পাৰো । কিন্তু কেইবাজনো নিৰ্বাচিত পঞ্চায়ত আৰু পৌৰসভাৰ নেতাই ডাঙৰ ডাঙৰ সম্পত্তি অধিগ্ৰহণ কৰি দামী বাহনেৰে ঘূৰি ফুৰা দেখি আচৰিত হৈ পৰো । এইটোৱে অকল মোৰেই নহয়, পশ্চিমবংগৰ জনসাধাৰণকো আঘাত দিয়ে ।

আন দল-অন্য ৰাজ্যৰ নেতাসকলে বহু বেছি ধন-সম্পত্তি সঞ্চয় কৰাটোও সঁচা, কিন্তু পশ্চিম বংগই এই আড়ম্বৰপূৰ্ণ দুৰ্নীতি আৰু আধিপত্যক মানি ল’ব পৰা নাই । মই জানো যে বৰ্তমানৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাই সমৃদ্ধ কৰা বহু কোটিপতিসকলৰ ওপৰত লাভৱান হয়, আৰু এনে এটা দিন নাই য’ত মই ইয়াক লেতেৰা ক্ৰ’নি-পুঁজিবাদৰ অভিযোগ দিয়া নাই । মই কেৱল কিছুমান কথা মানি ল’ব নোৱাৰো, যেনে দুৰ্নীতিগ্ৰস্ত বিষয়া (বা চিকিৎসকে) প্ৰাইম আৰু টপ পোষ্টিং পোৱা ।

বিশ্বাস কৰক, বৰ্তমানৰ স্বতঃস্ফূৰ্ত জনক্ষোভৰ প্ৰবাহ অনুকূল কেইজনমান আৰু দুৰ্নীতিগ্ৰস্তৰ এই নিয়ন্ত্ৰণহীন অহংকাৰী মনোভাৱৰ বিৰুদ্ধে । মোৰ জীৱনত চৰকাৰৰ বিৰুদ্ধে ইমান ক্ষোভ আৰু সম্পূৰ্ণ অনাস্থা দেখা নাই । আৰ জি কৰ হাস্পতালৰ ভয়ংকৰ কাণ্ডৰ পিছত এমাহ ধৰি মই নীৰৱে কষ্ট ভোগ কৰিছোঁ, আৰু আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে আপোনাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ আশা কৰিছিলোঁ, মমতা বেনাৰ্জীৰ পুৰণি শৈলীত ।সেয়া হোৱা নাই আৰু এতিয়া চৰকাৰে যি শাস্তিমূলক পদক্ষেপ লৈছে সেয়া অতি কম আৰু যথেষ্ট দেৰি হৈছে ।

মোৰ বিশ্বাস যে আন্দোলনৰ মূলসুঁতিটো অৰাজনৈতিক, স্বতঃস্ফূৰ্ত আৰু ইয়াক ৰাজনৈতিক লেবেল লগাই সংঘাতপূৰ্ণ স্থিতি লোৱাটো শুদ্ধ নহয় । অৱশ্যে বিৰোধী দলসমূহে অশান্ত পানীত মাছ ধৰিবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰতি দ্বিতীয় দিনাই ৰাজপথত আন্দোলন কৰিবলৈ ওলাই অহা যুৱক-যুৱতী আৰু সাধাৰণ জনতাই তেওঁলোকক উৎসাহ নিদিয়ে ।

তেওঁলোকে কোনো ৰাজনীতি নিবিচাৰে: তেওঁলোকে ন্যায় আৰু শাস্তি বিচাৰে । অকপটে বিশ্লেষণ কৰি উপলব্ধি কৰোঁ যে আন্দোলন অভয়াৰ পক্ষত যিমানেই হৈছে, সিমানেই ৰাজ্য চৰকাৰ আৰু দলৰ বিৰোধী । ইয়াৰ বাবে তৎক্ষণাত গতিপথ সংশোধনৰ প্ৰয়োজন, নহ’লে সাম্প্ৰদায়িক শক্তিয়ে এই ৰাজ্যখন দখল কৰিব ।

কেইবামাহো ধৰি আপোনালোকৰ সৈতে ব্যক্তিগতভাৱে কথা পতাৰ সুযোগ পোৱা নাই বাবে এই সকলোবোৰ লিখিতভাৱে ক’ব লগা হ’ল ৷ আপোনালোকে মোক ৩ বছৰ ধৰি সংসদত বংগৰ সমস্যা উত্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে পুনৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো, কিন্তু সাংসদ হিচাপে মই একেবাৰেই আগবাঢ়ি যাব বিচৰা নাই । মই অতি সোনকালে দিল্লীলৈ গৈ ৰাজ্যসভাৰ অধ্যক্ষক পদত্যাগ পত্ৰ আগবঢ়াম আৰু ৰাজনীতিৰ পৰাও নিজকে সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰিম । ৰাজ্যখন বচাবলৈ কিবা এটা কৰক আৰু মোৰ শুভেচ্ছা আপোনালোকৰ লগত আছে ।

লগতে পঢ়ক: ভাৰতৰ সৈতে যুক্ত হওক, আমি আপোনালোকক নিজৰ দৰে ৰাখিম: কাৰ প্ৰতি এই আহ্বান ৰাজনাথ সিঙৰ ? - Rajnath Singh in JK

আৰ জি কৰ বিত্তীয় অনিয়মৰ গোচৰ : প্ৰাক্তন অধ্যক্ষৰ বাসগৃহত ইডিৰ অভিযান - RG Kar Medical College row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.