ETV Bharat / technology

ভাৰতীয় বজাৰত মুকলি হ’ল জীপ মেৰিডিয়ান লিমিটেড; আৰম্ভণি দাম কিমান ? - JEEP MERIDIAN NEW VARIANT LAUNCHED

জীপ ইণ্ডিয়াই পুনৰবাৰ ভাৰতীয় বজাৰত মুকলি কৰিলে জীপ মেৰিডিয়ান লিমিটেড (O) AT 4x4 ভেৰিয়েন্ট । দাম, বৈশিষ্ট্য জানো আহক ---

jeep-meridian-limited-o-at-4x4-variant-re-launched-price-and-features-details-in-assamese
ভাৰতীয় বজাৰত মুকলি হ’ল জীপ মেৰিডিয়ান লিমিটেড; আৰম্ভণি দাম কিমান ? (Jeep India)
author img

By ETV Bharat Tech Team

Published : Jan 11, 2025, 4:21 PM IST

হায়দৰাবাদ: বিলাসী এছ ইউ ভি নিৰ্মাতা জীপ ইণ্ডিয়াই পুনৰবাৰ ভাৰতৰ বজাৰত মুকলি কৰিছে জীপ মেৰিডিয়ান লিমিটেড (O) এ টি 4x4 ভেৰিয়েন্ট । কোম্পানীয়ে এই ভেৰিয়েন্টৰ মূল্য 36.79 লাখ টকা (এক্স শ্ব’ৰুম) নিৰ্ধাৰণ কৰিছে । যোৱা বছৰৰ শেষৰ ফালে এটা সৰু ফেচলিফ্ট আহি পোৱাৰ পিছত লাইন আপৰ পৰা বাদ দিয়া হৈছিল । পুনৰ মুকলি কৰা এই ভেৰিয়েন্টৰ বুকিং আৰম্ভ হৈছে সমগ্ৰ দেশৰ জীপ ডিলাৰশ্বিপত ।

জীপ মেৰিডিয়ান লিমিটেড (O) AT 4x4 মূল্য আৰু বৈশিষ্ট্য

মেৰিকডিয়ান লিমিটেড (অ’) এ টি 4x4 ৰ মূল্য 34.49 লাখ টকাত বিক্ৰী হোৱা 4x2 এ টি সমকক্ষতকৈ 2.3 লাখ টকা বেছি, আনহাতে টপ স্পেক অভাৰলেণ্ড 4x4 ৰ ভেৰিয়েণ্টতকৈ 1.7 লাখ কম, যিটোৰ মূল্য 38.49 লাখ (এক্স- শ্ব’ৰুম)টকা ।

উচ্চ স্পেকৰ লিমিটেড (O) ট্ৰিমত এতিয়া 4x4 প্ৰযুক্তিৰ বৈশিষ্ট্য আছে যদিও ইয়াত টেৰেইন মোড আৰু হিল-ডেচেণ্ট এচিষ্টৰ বৈশিষ্ট্যও আছে । এই ভেৰিয়েন্টত টপ-স্পেক অভাৰলেণ্ড ভেৰিয়েন্টত থকা সকলো আছে, যদিও ইয়াত লেভেল-2 এডিএএছ ছুইট, লেদাৰেট আপহলষ্টৰী আৰু আন কিছুমান সঁজুলি নাই ।

জীপ মেৰিডিয়ান লিমিটেড (O) AT 4x4 ৰ পাৱাৰট্ৰেইন

ইয়াৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে কোম্পানীয়ে ইয়াক সলনি কৰা নাই । ইয়াত বৰ্তমানৰ 2.0 লিটাৰৰ ডিজেল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 168 বিএইচপি শক্তি প্ৰদান কৰে । এই ইঞ্জিনটো 9 স্পীড অটোমেটিক গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে । মন কৰিবলগীয়া যে 4x2 ফৰ্মত লিমিটেড (O) এ 9 স্পীড টৰ্ক কনভাৰ্টাৰ ইউনিটৰ সৈতে 6 স্পীড মেনুৱেল বিকল্প পায় ।

2025 চনৰ জীপ মেৰিডিয়ান এক্সেচৰি পেক

জীপ ইণ্ডিয়াই মেৰিডিয়ান এছ ইউ ভিৰ বাবেও এক্সেচৰি পেক প্ৰৱৰ্তন কৰিছে, যিয়ে ইয়াৰ বাহিৰৰ আৰু ভিতৰৰ কিছু পৰিৱৰ্তন সাধন কৰিছে । এই আনুষংগিক পেকেজত বনেট আৰু কাষত ডেকেল, হেডলাইটৰ বাবে ক্ৰ'ম চাৰউণ্ড আৰু ভিতৰত কাষ্টমাইজেবল এম্বিয়েণ্ট লাইটিং অন্তৰ্ভুক্ত কৰা হৈছে ।

বৰ্তমান জীপ মেৰিডিয়ান ৰেঞ্জৰ মূল্য 24.99 লাখ টকা (বেছ 5 খন আসনৰ লংগিটুড ভেৰিয়েণ্টৰ বাবে) আৰু টপ স্পেক অভাৰলেণ্ড 4x4 ভেৰিয়েণ্টৰ বাবে 38.49 লাখ টকা (এক্স শ্ব’ৰুম)ৰ ভিতৰত । ভাৰতীয় বজাৰত ই স্কোডা কুছাক, ফক্সৱেগেন টিগুয়ান আৰু হুণ্ডাই টাচনৰ দৰে গাড়ীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক: নতুন ৰূপত Venue, Grand i10 Nios আৰু Verna

চীনৰ BYD এ ভাৰতত শীঘ্ৰে মুকলি কৰিব কোম্পানীটোৰ চতুৰ্থখন গাড়ী- BYD Sealion 7

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.